মাতাচোন মাতা, অ' মোৰ নেতা...

মাতাচোন মাতা,  অ' মোৰ নেতা...
মাতাচোন মাতা, অ' মোৰ নেতা...

মৃদুল কুমাৰ সন্দিকৈ

আৰু কেইটামান দিনৰ পাছতেই অন্ত পৰিব সপ্তাদশ লোকসভা। যোৱা ৫বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ অহা সাংসদ সকলৰ সদনত ততপৰতা দেশবাসীয়ে দেখিলে। অসমৰ পৰাও আমি লোকসভালৈ ১৪গৰাকী সাংসদত নিৰ্বাচন কৰি পঠাইছিলো। তেওঁলোকৰ কাৰ্যকাল অন্ত পৰাৰ মূৰ্হুতত এই ১৪গৰাকী সাংসদে সদনত কি কৰিলে জানিবলৈ নিশ্চয় ইচ্ছা যায়।

কোন সাংসদৰ সক্ৰিয়তা সদনত কেনেকুৱা সেয়া জানিবলৈ তথ্যগত ভাৱে বিশ্লেষণ কৰিলে শীৰ্ষত থাকিব কলিয়াবৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। মন্ত্ৰী হিচাপে ৰামেশ্বৰ তেলীৰ সেই সক্ৰিয়তাক এই তুলমামূলক অধ্যয়নৰ পৰা বাদ দিলে দেখা যায় যে, বিজেপিৰ কেইবাগৰাকীও সাংসদে যোৱা ৫বছৰে সদনত বৰ বিশেষ একো নকৰিলে।

সমষ্টিৰ ৰাইজে তেওঁলোকক বহু আশাৰে দিল্লীলৈ নিৰ্বাচিত কৰি পঠায়। সেই আশাত চেচাঁপানী ঢলা সাংসদসকলৰ ভিতৰত বিশেষভাৱে নাম ল’ব লাগিব ডিফু স্বায়ত্ত শাসিত পৰিষদৰ সাংসদ হৰেন সিং বেৰ। একেদৰে যোৰহাটৰ দৰে সন্মানীয় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ তপন গগৈকো সেই একে শাৰীতেই থব পাৰি।

এই সপ্তাদশ লোকসভা গঠন হৈছিল ২০১৯ৰ ২৩মে’ত। ২০২৪ত অন্ত পৰিব বৰ্তমানৰ লোকসভা। ১২ফেব্ৰুৱাৰী ২০২৪ত এই লোকসভা শেষৰখন অধিৱেশন অন্ত পৰিল। এই ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ শতকৰা হাৰ ৭৬শতাংশ। ৰাষ্ট্ৰীয় পেক্ষাপটত এগৰাকী সাংসদৰ উপস্থিতিৰ হাৰতকৈ গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ কম যদিও উক্ত সময়চোৱাত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল।

সদনৰ শেষৰটো বিৰ্তকত গৌৰৱ গগৈয়ে অংশ লৈছিল ১০ফেব্ৰুৱাৰী ২০২৪ত। ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এই বিৰ্তকত অংশ লৈ মন্তব্য আগবঢ়াইছিল। ৯ফেব্ৰুৱাৰীত  ভাৰতীয় অৰ্থনীতিৰ ওপৰত হোৱাইট পেপাৰ শীৰ্ষক বিৰ্তকত অংশ লৈছিল গগৈয়ে।

ইয়াৰ উপৰিও সদনত গৌৰৱ গগৈয়ে অংশ লোৱা উল্লেখযোগ্য বিৰ্তক সমূহ হ’ল- ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা পটেকশ্যন এক্টক লৈ হোৱা বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিৱৰ্তন শীৰ্ষক আলোচনা আদি।

২০২২ত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ২৫মাৰ্চত আন এক বিৰ্তকত সবল বক্তব্য আগবঢ়াইছিল গৌৰৱ গগৈয়ে। সদনত অসমৰ নিবনুৱা সমস্যা আৰু ৰাজ্যখনৰ বহু যুৱকে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, কা আন্দোলনত মৃত্যু হোৱা সকলৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগটো সদনত সৰৱ আছিল গৌৰৱ গগৈ।

২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে।

কংগ্ৰেছৰ আন এগৰাকী সাংসদ প্ৰদ্যুত বৰদলৈ। নগাওঁ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা প্ৰদ্যুত বৰদলৈ সদনত উপস্থিতিৰ হাৰ ৮২শতাংশ। মুঠ ৩১টা বিৰ্তকত অংশ লোৱা বৰদলৈয়ে সদনত সোধা প্ৰশ্নৰ সংখ্যা ২৫৬টা। তেওঁ উত্থাপন কৰা প্ৰাইভেট মেম্বাৰ বিলৰ সংখ্যা ৩খন।

বিজেপি সাংসদ তপন কুমাৰ গগৈ। যোৰহাট সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা তপন গগৈয়ে ঠিকেই সদনত উপস্থিত থাকে। কিন্তু তেওঁ এজন সাংসদ হিচাপে যি সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিছিল, সেয়া লোকসভাত প্ৰদৰ্শন কৰাত ব্যৰ্থ। গগৈ সদনত উপস্থিতিৰ হাৰ ৮২শতাংশ। তেওঁ মুঠ ১১টা বিৰ্তক আৰু ৯টা প্ৰশ্ন সুধিয়েই এই ৫বছৰীয়া কাৰ্যকাল সামৰিলে।

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়াৰ লোকসভাত উপস্থিত থকাৰ শতকৰা হাৰ ৮১শতাংশ। ৪২টা বিৰ্তকত অংশ লোৱা শইকীয়াই ৩৫৪টা প্ৰশ্ন আৰু ৩খন প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯ৰ সন্দৰ্ভত এই বিধেয়ক সমৰ্থন কৰি শইকীয়াই লোকসভাত বিৰ্তকত অংশ লৈছিল ৯ ডিচেম্বৰ, ২০১৯ত।

শিলচৰ সমষ্টিৰ বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ সদনত উপস্থিতিৰ শতকৰা হাৰ ৮৬শতাংশ। ৩৬টা বিৰ্তক আৰু ৪০টা প্ৰশ্ন সুধিছিল এইগৰাকী বিজেপি সাংসদে।  অসমৰ ১৪গৰাকী সাংসদৰ ভিতৰত লোকসভাত প্ৰায় উপস্থিত নথকা সাংসদগৰাকী হ’ল বদৰুদ্দিন আজমল। মাত্ৰ ৫০শতাংশ উপস্থিতিৰ হাৰ সদনত। আজমলে ৩০টা বিৰ্তকত অংশ আৰু ২৭০টা প্ৰশ্ন উত্থাপন কৰিছিল লোকসভাত। শেষৰবাৰ তেওঁ সদনত ২০২৪ৰ ৮ফেব্ৰুৱাৰীত অসমৰ হোৱা উচ্ছেদৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল।

নিৰ্দলীয় বিধায়ক হীৰা শৰণীয়া সদনত উপস্থিতিৰ হাৰ ৮০শতাংশ। তেওঁ মুঠ ৩৯টা বিৰ্তকত অংশ লৈছিল আৰু লোকসভাত তেওঁ কৰা প্ৰশ্নৰ সংখ্যা আছিল ২১৩টা। ডিফুৰ স্বায়ত্ত শাসিত জিলাৰ সংসদীয় সমষ্টিৰ সাংসদ হৰেন সিং বেৰ সদনত উপস্থিতিৰ শতকৰা হাৰ যোৱা ৫বছৰত ৭৮শতাংশ। তেওঁ মাত্ৰ ৩টা বিৰ্তকত অংশ  আৰু লোকসভাত তেওঁ কৰা প্ৰশ্নৰ সংখ্যা মাত্ৰ ৬টা। ২০২২ৰ ২১ডিচেম্বৰত তেওঁ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ সন্দৰ্ভত, ২০২২ৰ ১৬মাৰ্চত ডিফুত দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সেপ্ৰেছ ৰখাবলৈ দাবী জনাই মন্তব্য আগবঢ়াইছিল।

এইগৰাকী সাংসদে প্ৰথমটো বিৰ্তকত অংশ লৈছিল ২০১৯ৰ ৪জুলাইত। অনুচ্ছেদ ২৪৪(এ) প্ৰয়োগৰ সন্দৰ্ভত মুখ খুলিছিল তেওঁ। তাৰ পিছত তেওঁ প্ৰায় নীৰৱেই সদনত সময় অতিবাহিত কৰিছিল। কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লাৰ সদনত উপস্থিতিৰ শতকৰা হাৰ ৭২শতাংশ। মুঠ ১০টা বিৰ্তকত আৰু ২৮৭টা প্ৰশ্ন কৰিছিল এই গৰাকী সাংসদে।  মাল্লাই সদনত কৰা প্ৰথমটো প্ৰশ্ন আছিল পথ সুৰক্ষা আৰু বেচৰকাৰী সংস্থা বিষয়ক। ২৭জুন ২০১৯ত এই প্ৰশ্ন কৰিছিল তেওঁ।

আমি প্ৰায়ে সমালোচনা কৰা এগৰাকী সাংসদ কুইন ওজা।  সদনত তেওঁৰ সক্ৰিয়তা নাই বুলি অভিযোগ উঠে তেওঁৰ বিৰুদ্ধে। ৭৩বছৰীয়া ওজাৰ সদনত উপস্থিতিতৰ শতকৰা হাৰ ৭৪শতাংশ। ২৪টা বিৰ্তক আৰু ১৫৫টা প্ৰশ্ন কৰিছিল গুৱাহাটীৰ সাংসদগৰাকীয়ে।

কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে লোকসভাত বৰপেটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ উপস্থিতিৰ শতকৰা হাৰ অসমৰ সাংসদসকলৰ ভিতৰত আটাইতকৈ বেছি। মুঠ ৯১শতাংশ উপস্থিতিৰ শতকৰা হাৰ খালেকৰ। ৬৮টা বিৰ্তক , ২৭৯টা প্ৰশ্ন আৰু ৮খন প্ৰাইভেট মেম্বাৰ উত্থাপন কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

লখিমপুৰ সমষ্টিৰ বিজেপি সাংসদ প্ৰদান বৰুৱাৰ লোকসভাত উপস্থিতিৰ শতকৰা হাৰ ৮৫শতাংশ। এইগৰাকী সাংসদে লোকসভাত একপ্ৰকাৰৰ নিমাতী কইনাৰ ভূমিকাই পালন কৰিলে। কোনো বিৰ্তকত অংশ নল’লে প্ৰদান বৰুৱাই। ১৫টা প্ৰশ্ন কৰিয়েই ৫বছৰীয়া সাংসদৰ কাৰ্যকাল সামৰিলে তেওঁ। তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ পল্লৱলোচন দাসৰ সদনত উপস্থিতিৰ শতকৰা হাৰ ৭৯শতাংশ। তেওঁ ১৪টা বিৰ্তকত অংশ লোৱাৰ লগতে মুঠ ১৩৩টা প্ৰশ্ন কৰিলে সদনত।

এয়া অসমৰ ১৪গৰাকী লোকসভা সাংসদৰ সদনত ৫বছৰীয়া কাৰ্যকালৰ খতিয়ান। সমষ্টিত তেওঁলোকে কি কৰিছে, সেয়া আন এক বিচাৰ্য বিষয়।  কিন্তু এইখিনিতে ৰাজ্যসভাৰ আন দুজন সাংসদৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব। ৰাজ্যসভালৈ অসমৰ পৰা ২০২২ৰ ১এপ্ৰিলত নিৰ্বাচিত হৈ গৈছিল পৱিত্ৰ মাৰ্ঘেৰিটা। এই কম সময়চোৱাৰ ভিতৰতে বিজেপি ৰাজ্যসভাৰ সাংসদ মাৰ্ঘেৰিটাই সদনত তেওঁৰ পাৰদৰ্শিতা পূৰ্ণমাত্ৰাই দাঙি ধৰিছে।

ৰাজ্যসভাত মাৰ্ঘেৰিটাৰ এতিয়ালৈকে উপস্থিতিৰ হাৰ ১০০শতাংশ। তেওঁ ৪৫টা বিৰ্তকত সদনত অংশ লৈছে আৰু শক্তিশালীভাৱে বক্তব্য আগবঢ়াইছে।  উক্ত সময়চোৱাত মাৰ্ঘেৰিটাই ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ সংখ্যা ৮০।

বিৰোধী সন্মিলিত প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল অজিত কুমাৰ ভূঞা। ১০এপ্ৰিল, ২০২০ত ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যকাল আৰম্ভ কৰা ভূঞাৰ সদনত উপস্থিতিৰ হাৰ  ৮৫শতাংশ। মুঠ ৪৯টা বিষয়ত সদনত বক্তব্য আগবঢ়াইছে তেওঁ। ভূঞাৰ দ্বাৰা ৰাজ্যসভাত উত্থাপিত প্ৰশ্নৰ সংখ্যা এতিয়ালৈকে ৯৫টা।

কোনো এগৰাকী সাংসদৰ সদনৰ ভিতৰৰ সক্ৰিয়তা উমান ল’বলৈ এই তথ্যখিনিয়েই যথেষ্ট। সমষ্টিত কি কৰিছে সেয়া এক পৃথক বিষয়। দিল্লীলৈ গৈ হেম বৰুৱা, দিনেশ গোস্বামী আদিৰ দৰে জনপ্ৰতিনিধিয়ে দিল্লীত বিশেষ সমীহ আৰু পৰিচয় বুটলিবলৈ সক্ষম হৈছিল।

তেনে সক্ৰিয় সাংসদ এতিয়াও অসমৰ ৰাইজে বিচাৰে। সাংসদ নিৰ্বাচিত হৈ দিল্লীত শুই-বহি, চৰকাৰী সা-সুবিধা লৈ মৌন হৈ বিলাস কৰা সাংসদ আমাক নালাগে। সাংসদ সকলৰো মূল্যায়ন হয়। দল, ব্যক্তিৰ উৰ্ধলৈ গৈ এই মূল্যায়ন সাধাৰণ মানুহে কৰাৰ এক পৰিৱেশ সৃষ্টি হলেহে সাংসদ সকলো সচেতন হ’ব। অন্তঃত বুজি পাব, তেওঁলোকে দিল্লীত কি কৰিছে তাকো সাধাৰণ মানুহে চাই থাকে...

মাতাচোন মাতা,  অ' মোৰ নেতা...
গৌৰীপুৰত সুদখোৰৰ অতপালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in