গৌৰীপুৰত সুদখোৰৰ অতপালি

ব্যৱসায়ীৰ পৰা সুদৰ টকা লৈ থকাৰ সময়তে আটক এজনক...
ব্যৱসায়ীৰ পৰা সুদৰ টকা লৈ থকাৰ সময়তে আটক এজনক...

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাজ্যত অব্যাহত আছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। অসম আৰক্ষীৰ অভিযানত দিনে নিশাই গ্ৰেপ্তাৰ হৈ আছে শ শ সুদখোৰ। তাৰ মাজতেই গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ অষ্টমীৰচৰ গাওঁত সুদৰ টকাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি আলমগঞ্জ অষ্টমীৰচৰ গাওঁৰ ওমৰ আলীয়ে দীৰ্ঘদিনৰ পৰাই চলাই গৈছে অবৈধ সুদৰ ৰমৰমীয়া বেহা। সুদত টকা দি বিভিন্ন জনক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ওমৰ আলীৰ বিৰুদ্ধে। কেইবছৰমান পূৰ্বে জহৰ উদ্দিন নামৰ এজন লোকে ওমৰ আলীৰ পৰা ডেৰ লাখ টকা সুদত লৈছিল। জহৰ আলীয়ে কেইবা লাখ টকা পৰিশোধ কৰিছিল যদিও সম্পূৰ্ণ টকা খিনি পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে ওমৰ আলী আৰু তেওঁৰ ভাই ভতিজা সকলে জহৰ উদ্দিনৰ মাটি বেদখলৰ চেষ্টা চলাই।

উক্ত বেদখল কৰা মাটিডোখত খুটা পুতিবলৈ যাওঁতে জহৰ উদ্দিনৰ পক্ষ্যই বাধা প্ৰদান কৰাত জহৰ উদ্দিন, কমেলা খাতুন, ছফিকুল ইছলাম, পাসান আলীক ওমৰ আলীৰ পক্ষই বেয়াকৈ মাৰপিট কৰে। মাৰপিটৰ ফলত জহৰ উদ্দিনক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰে।

ব্যৱসায়ীৰ পৰা সুদৰ টকা লৈ থকাৰ সময়তে আটক এজনক...
সাংবাদিকতাৰ ইতিহাসৰ নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in