/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5713ab6b-7dd9-4600-823e-a71b39f8d337/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
‘মৰমৰ গগৈ। আৰু বিৰক্ত নকৰিব আমাক’ – ৰাইজৰ দলৰ নেতা অখিল গগৈলৈ পত্ৰ লিখি এইদৰে সৰ্তক কৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ২৪মে’ ২০২৪ত বৰাই অখিল গগৈলৈ এই সৰ্তক পত্ৰ প্ৰেৰণ কৰাৰ দুদিনৰ পূৰ্বে আন দুজন নেতাৰ সৈতে দুয়োকে দেখা গৈছিল এখন বিলাসী ৰিৰ্জটৰ এটা বিলাসী কোঠাত।
অজিত কুমাৰ ভূঞা, লুৰীণজ্যোতি গগৈ, অখিল গগৈ আৰু ভূপেন বৰা সেইদিনা বহিছিল হেনো হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল কেন্দ্ৰিক বিশ্লেষণত। বিৰোধী ঐক্য মঞ্চই ২০২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰা বুলিও বিবৃতি আৰু ফটো সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছিল।
একেলগে বহি দিছাং ৰিৰ্জটত ভাত খালে, কথা পাতিলে চাৰিওগৰাকী নেতাই। কিন্তু সেই ভাত খোৱা, কথা পতা, আলোচনা কৰা ২৪ ঘন্টা নৌহওঁতেই আহিল ভূপেন বৰাৰ অসন্তুষ্টিৰ পত্ৰ। যিখন পত্ৰত অখিল গগৈক কংগ্ৰেছৰ সন্দৰ্ভত যি তি মন্তব্য নকৰিবলৈ অনুৰোধ কৰিছে।
ৰাজনৈতিক মধুচন্দ্ৰিকা হয়তো এনেকৈয়ে অন্ত পৰে বা অন্ত পৰাৰ পৰিৱেশ সৃষ্টি হয়। হৈ যোৱা লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'লে তাৰ কৃতিত্ব আৰু সফলতা ইতিমধ্যে অখিল গগৈয়ে দাবী কৰিব ধৰিছে। ফলাফল ঘোষণাৰ পূৰ্বেই কাৰ বাবে কোন জয়ী হল সেই নেৰেটিভ এটা ইতিমধ্যে মানুহৰ মাজত এৰি দিয়া হৈছে।
অখিল গগৈয়ে কংগ্ৰেছক গ্ৰাস কৰা, পূৰ্বে তেওঁ কৰাৰ দৰে সকলো সফলতা নিজৰ কান্ধত তুলি লোৱা যি পৰিৱেশ সৃষ্টি কৰিছে, সেয়া ‘গছত কঠাঁল -ওঠত তেল’ৰ দৰে হৈছে। ৰাজনৈতিক নেতাবোৰৰ এইবোৰ পুৰণি বেমাৰ। অখিল গগৈও সেই বেমাৰতে আক্ৰান্ত।
মিত্ৰতাত থকা দলটোৰ কথা কওতে বহুবোৰ দিশ ভাৱি চাব লাগে। সচাঁ কথাবোৰ ৰাইজেও জানে। তেনে বহু সচাঁ কথা মনত পেলাই অখিল গগৈকো উভতি ধৰিব পাৰে। তেতিয়াৰ অখিল গগৈজন এতিয়া ক'ৰবাতে হেৰাই থাকিল।
নদীবান্ধৰ সময়ত কাৰ বিৰুদ্ধে গৰজিছিল তেও? কাজিৰঙা উচ্ছেদৰ সময়ৰ কাৰ বিৰুদ্ধে উত্তাল কৰিছিল ৰাজপথ? সেই সকলেৰেই জানো এতিয়া ৰাজনৈতিক মিত্ৰ আৰু পৃষ্ঠপোষক তেওঁ নহয়নে?
সংযমতা আৰু বিশ্বাস প্ৰয়োজন ৰাজনীতিত। একেলগে থাকি হঁনা-খুচা কৰি থাকিলে ভূপেন বৰাই নহয়, অন্যও লিখিব-
মৰমৰ শ্ৰী গগৈ,
সকলো কংগ্ৰেছ নেতা আৰু কৰ্মী আপোনাৰ বক্তব্যত অত্যন্ত বিৰক্ত হৈছে। এটা মিত্ৰ দলৰ সভাপতিয়ে কৰা এনে মন্তব্য অত্যন্ত বিভ্ৰান্তিকৰ আৰু অপ্ৰয়োজনীয়। আপুনি আমাৰ দলৰ শক্তিক তুচ্ছ জ্ঞান কৰিছে। আপুনি সম্বোধন কৰা ২০খন সভাৰ প্ৰতিখনেই আমাৰ প্ৰাৰ্থী আৰু আমাৰ স্থানীয় সংগঠনৰ সহযোগত আয়োজন কৰা হৈছিল। আমি- মই, আমাৰ নেতা আৰু আমাৰ প্ৰাৰ্থীসকল আমাৰ তৃণমূল পৰ্যায়ৰ সংগঠন অবিহনে একো নহয়। গতিকে আপোনাৰ ফালৰ পৰা আমাৰ সংগঠনটোক অসন্মান কৰাতো ভুল হৈছে।
মই আঙুলিয়াই দিও যে, আমাৰ হাইকমাণ্ডে আমাৰ স্থানীয় সংগঠনক সমৰ্থন কৰিছে। ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই ৮ দিন অসমত কটালে, প্ৰিয়ংকা গান্ধীয়ে ২ দিন কটালে, খৰ্গে ডাঙৰীয়াই গুৱাহাটী আৰু বৰপেটা ভ্ৰমণ কৰিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়াই সকলো সমষ্টিতে উপস্থিত আছিল। এয়া কি সংগঠনৰ প্ৰতি সমৰ্থন নহয়?
দ্বিতীয়তে আপুনি কৈছিল যে, আমি ভাল প্ৰাৰ্থী বাছনি কৰিলোঁ। সেই ক্ষেত্ৰত তেওঁলোকৰ নাম প্ৰস্তাৱ কৰা আৰু তেওঁলোকক নিৰ্বাচন কৰাতো এপিচিচিৰ কৃতিত্ব। এইটোও এটা ভাল সংগঠনৰ চিন।
আপোনাৰ মন্তব্যত AICC অতিশয় স্তম্ভিত। যদি আপুনি ইয়াক শুধৰাই নলয়, তেন্তে আমাৰ দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হ’ব। মুঠতে: অনুগ্ৰহ কৰি, কংগ্ৰেছক আপোনাৰ মন্তব্যৰ পৰা আঁতৰাই ৰাখক, ঠিক যেনেকৈ আমি ৰাইজৰ দলক আমাৰ মন্তব্যৰ পৰা আঁতৰাই ৰাখোঁ।
ভূপেন বৰাৰ এই ৰাজনৈতিক সৰ্তকবাণীয়ে বিৰোধী ঐক্যৰ স্থায়ীত্বক লৈও সন্দেহৰ বীজ ৰোপন কৰিলে। পত্ৰযোগে হ'লেও কঠোৰ ভাষাৰে বৰাই অখিল গগৈৰ গালত এক যেন প্ৰচণ্ড চৰ শোধালে। অৱশ্যে এইটোও ঠিক যে, লোকসভা নিৰ্বাচনক লৈ অসমত কংগ্ৰেছ তথা এ পি চি চিৰ সভাপতি ভূপেন বৰাই ইমান উচ্চ বাক্য কৰাও সময় আহি পৰা নাই।
লুৰীণজ্যোতি গগৈ, অখিল গগৈক সংগী কৰি লৈ এই নিৰ্বাচনী বৈতৰণী কোনোমতে বৰাই পাৰ কৰিলে। ফলাফল ঘোষণা নৌহওঁতেই বৰাৰ এনে অহং স্বৰূপ দেখি বিজেপিয়েও মুখ টিপি হাঁহিছে। ৰাইজে এতিয়াও ধৰিবই পৰা নাই অখিল গগৈ, ভূপেন বৰাহত দোস্ত নে দুচমন...
Also Read: ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us