ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...

ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...

আজিকালি মানুহে চিঠি-পত্ৰ নিলিখাই হ’ল। কেতিয়াবা কোনোবাইহে অতি প্ৰয়োজনত চিঠি-পত্ৰ লিখে। অসমৰ ৰাজনীতিত চিঠিৰ ভূমিকা বহু। গৃহমন্ত্ৰী হৈ থাকোতে ভৃগু কুমাৰ ফুকনে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ এখন বিস্ফোৰক পত্ৰ লিখিছিল।

এই পত্ৰৰ বিষয় আছিল- তেতিয়াৰ আৰক্ষী সঞ্চালক প্ৰধান নিশিনাথ চাংকাকতিৰ ভূমিকা। গৃহমন্ত্ৰীক ৰাজ্যৰ আইন-শৃংখলাৰ বিষয়ে কোনো কথা অৱগত নকৰাকৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী মহন্তক তেঁও বিষয়বোৰ জনাইছিল।

আক্ষেপভৰা এই পত্ৰই ধুমুহাৰ সৃষ্টি কৰিছিল। প্ৰফুল্ল মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সংঘাতৰ সূত্ৰপাত এই পত্ৰৰ জৰিয়তেই হৈছিল। তাৰ পাছৰ পৰ্যায়ত অগপৰ ভিতৰচ’ৰাত বহু ঘটনা-পৰিঘটনাৰ সংঘটিত হোৱাই নহয়,দলটোৰো বিভাজন ঘটিছিল।

আকৌ এবাৰ তেনে দুখন ৰাজনৈতিক পত্ৰই অসম জোকাৰি গৈছে। এই পত্ৰ দুখন শাসনত থকা বিজেপিৰ দুজন নেতাই লিখা। পত্ৰ দুখনৰ বিষয় মূলতঃ এজন মন্ত্ৰী। অৱশ্যে পত্ৰ দুখনত পোৱা-নোপোৱাৰ হিচাপ, দলৰ ভিতৰচ’ৰাত ঘটি থকা খাম-খেয়ালি, লবী, নতুন বিজেপি-পুৰণি বিজেপি প্ৰসংগ আদিয়ে স্থান পাইছে।

পত্ৰ দুখন পঢ়িলেই পাঠকে বা সাধাৰণ লোকে বহু কথা বোধগম্য হ’ব। জে পি নাড্ডাই আৰ এছ এছৰ প্ৰাসংগিকতা আৰু ভূমিকা নুই কৰাৰ পাছত এই পত্ৰ দুখন অসমৰ ৰাজনীতিৰ এক ইংগিত বাহক পত্ৰ। কিয়নো ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতালৈ পুৰণি আৰ এছ এছ কৰ্মী, প্ৰাক্তন নলবাৰীৰ বিধায়ক তথা নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অশোক শৰ্মাই এই পত্ৰতে তেঁও কেনেকৈ দলৰ বাবে প্ৰয়োজনহীন হৈ পৰিল তাৰ আভাস দিছে।

কিছু ক্ষোভ, ৰাজনৈতিক সংঘাত আদি বিষয়বোৰে পত্ৰখনত স্থান পাইছে। দলৰ ভিতৰতে গঢ়লৈ উঠা বিজেপি নেতাৰ মাজৰ ৰাজনীতিয়ে প্ৰাধান্য লাভ কৰাত দলটো কেনেকৈ মানুহৰ মাজৰ পৰা ক্ৰমাৎ আঁতৰি গৈছে,তাৰ আভাসো ইয়াত আছে।

প্ৰথমে পঢ়ক কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পাছত অশোক শৰ্মাই আবেগেৰে ভবেশ কলিতালৈ লেখা এই পত্ৰ। য’ত তেঁও ৰাজনৈতিক ন্যায় নাপাও বুলি জানিও সেই আশাৰে কিন্তু বৰ কৌশলগতভাৱে বিজেপিৰ অধঃপতনৰ ছবিখন দাঙি ধৰিছে।

শৰ্মাৰ পত্ৰখনৰ পূৰ্ণপাঠ এয়া-

প্ৰতি,

মাননীয়, শ্ৰীযুত ভবেশ কলিতা ডাঙৰীয়া,

ৰাজ্যিক সভাপতি, ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

শ্রীযুত পল্লৱ লোচন দাস,সাধাৰণ সম্পাদক, ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

পত্ৰৰ দ্বাৰাই আপোনালৈ মোৰ সেৱা জনাই আপোনাৰ নিৰ্দেশত প্ৰেৰিত কাৰণ দৰ্শোৱাৰ পত্ৰখন পাই আৰু পঢ়ি আচৰিত হ'লো।

যোৱা ৭ মে'ত কি উচটনিমূলক বক্তব্য ৰাখিছিলো অনুগ্ৰহ কৰি এবাৰ শুনিবচোন !

২০১৪ চনত প্রথম প্রকাশ পাই আজিলৈ চলি থকা অসম চৰকাৰৰ ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ দ্বাৰা আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ শুভেচ্ছাবাণীৰে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডত "ভাৰতৰ ৰাজনৈতিক দল সম্পর্কে আলোচনা কৰা প্ৰথম অধ্যায়ৰ তৃতীয় পৃষ্ঠাৰ শেষত আৰু চতুৰ্থ পৃষ্ঠাৰ প্ৰথমতে সুন্দৰভাৱে আলোচনা কৰি গণতান্ত্রিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ অত্যন্ত প্রয়োজনীয় বৈশিষ্ট্য কেইটা উল্লেখ কৰা হৈছে।

সেই বৈশিষ্ট্যৰে গঠিত ৰাজনৈতিক দলৰ প্ৰধান কামবোৰৰ অন্যতম হ'ল "জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। লগতে কৈছে "এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অতন্দ্র প্রহৰী।

তেনেক্ষেত্ৰত মই কোৱা কথাখিনিয়ে কেনেদৰে দলীয় নেতৃত্বক সমালোচনা কৰা সূচায় আৰু দলৰ কি আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰি দলক জনমানসত হেয় প্রতিপন্ন কৰিবলগীয়া উচটনিমূলক বক্তব্য প্রদান কৰি অনুশাসন ভংগ কৰিছো এবাৰ বুজাই ক'বনে সভাপতি মহোদয়!

মাননীয় সভাপতি মহোদয় আপোনাৰ নিৰ্দেশিত পত্ৰখনৰ প্ৰায় ১বছৰ আগতে মই আপোনাক কৈছিলো- নলবাৰী জিলা কার্যালয়ত কি কাৰণত মোৰ ফটো আৰি থোৱা নহ'ল, মই জিলাৰ মন্ত্ৰীগৰাকীৰ পদলেহন নকৰাৰ বাবে নহয় নে ?

মই নলবাৰী জিলাৰ বিজেপিৰ জিলা সভাপতি আছিলো, বিধায়কো আছিলো আৰু বৰ্তমানো অসম চৰকাৰৰ এটা নিগমৰো অধ্যক্ষ হৈ আছো। তেনেক্ষেত্ৰত আজিলৈ ইয়াৰ কিবা ন্যায় পালো নেকি !

নলবাৰীত বহু আকাংক্ষিত অ’ভাৰব্ৰীজ দুখন বিধায়ক হৈ থকা সময়তে ভাৰত চৰকাৰৰ পৰা অনুমোদন আনি সেইসময়ৰ মুখ্যমন্ত্রী শ্রীযুত সর্বানন্দ সোণোৱাল, কেবিনেট মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, সেইসময়ৰ গড়কাপ্তানী মন্ত্রী শ্রীযুত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, সাংসদ শ্ৰীযুত ৰমেন ডেকা ডাঙৰীয়াৰ লগতে বিধায়ক হিচাপে মই শুভাৰম্ভণি কৰা সেই 'ফলকখন’ বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে যে ভাঙি পেলোৱা বুলি আপোনাক তথা মুখ্যমন্ত্রী মহোদয়ক অভিযোগ দিছিলোঁ তাৰ ন্যায় আজিলৈ নিদিলে কিয়!

একেটা দলৰে চৰকাৰ হোৱা সত্বেও পিছৰ চৰকাৰলৈ নিৰ্বাচিত হোৱা বিধায়কগৰাকীয়ে এনে অন্যায় কৰাৰ পিছতো মাননীয় সভাপতি, মাননীয় সাধাৰণ সম্পাদক আপোনালোক নিমাত কিয়!

নলবাৰী চহৰৰ প্ৰৱেশ পথটো ১০ কৌটি টকাৰে তোৰণসহ গণেশ মন্দিৰৰ পৰা হৰিমন্দিৰ লৈ আটকধুনীয়াকৈ সেই সময়ৰ মুখ্যমন্ত্ৰীৰ কৰকমলেৰে শুভাৰম্ভণি কৰাৰ পিছতো বৰ্তমানৰ বিধায়কগৰাকীয়ে পুনৰ পদলেহনকাৰী কেইগৰাকী মানৰ দ্বাৰা আধাৰশিলা স্থাপন কৰিলে ! কিয়! আনকি পথটো মুকলি কৰা সভাখনতো মোক নিমন্ত্রণ নিদিয়া বুলি অভিযোগ কৰিছিলো ! তাৰ ন্যায় অথবা সদুত্তৰ নাপালো। কিয়? তেতিয়া দলত অনুশাসনৰ কথাটো নাছিল নেকি ! সেইয়া অনুশাসন ভংগ নহয় নেকি-এবাৰ জনাবচোন !

বৰপেটা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা হ'ল- ময়ো শুভেচ্ছা দিলো। প্রার্থীগৰাকী আমাৰ ঘৰলৈ আহি আছো বুলি ক'লে, কিন্তু নাহিল। কিয়- কোনে বাধা দিলে সেই কথাখিনিৰ ন্যায় কোনে দিব সভাপতি ডাঙৰীয়া !

যদি মোৰ কোনো গুৰুত্ব নাই বুলি ভাবি আমাৰ ঘৰলৈ প্ৰাৰ্থীগৰাকীক আহিবলৈ বাধা দিলে তেনেহ’লে এতিয়া মোৰ সেই দুষাৰ কথাই ভোটাৰৰ মাজত কেনেদৰে প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে !

মইতো একো বেয়া কথা কোৱা নাছিলো ! ডাঙৰীয়া, ধাৰৰ ওপৰত ধাৰ কৰি যদি এটা পৰিয়াল নিঃশেষ হৈ যাব পাৰে, তেনেহ’লে ৰাজ্যখনৰ অৱস্থা কি হ'ব এবাৰ ভাবকচোন !

শ্রীলংকা, পাকিস্তানৰ আজি ধাৰ লৈ লৈ কি অৱস্থা হৈছে পাহৰিলে নেকি সভাপতি মহোদয় ! মোৰ বিষয়ে অভিযোগ দিব পাৰে, কিয়নো মোক বেয়া পোৱা, হিংসা কৰা লোক এইজন বিধায়কৰ কাৰ্যকালত যথেষ্ট হৈছে। তেওঁলোকৰ হেঁচাত পাৰ এনে সিদ্ধান্ত লোৱাতকৈ যদি মোক এবাৰ মাতি নি ক'লেহেতেন তেনে হ'লে মই হাঁহিমুখে দলৰ কাম কৰি থাকিলোহেঁতেন।

মাননীয় সভাপতি মহোদয়, যোৱা ১৭ এপ্রিলত যে নলবাৰীৰ আমাৰ গাঁৱতে মাননীয় প্রধানমন্ত্রী অহা জনসভাখনত মোক এজন প্রাক্তন জিলা সভাপতি, প্রাক্তন বিধায়ক হোৱাৰ উপৰিও যে এটা নিগমৰ অধ্যক্ষ হোৱা সত্বেও নিমন্ত্রণ নিদিলে তেতিয়া অনুশাসন ভংগ হোৱা নাছিল নেকি !

মাননীয়, সভাপতি মহোদয়, মোক যদি ৭মে’ তাৰিখে কোৱা কথাখিনিৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে তেনেহ’লে সেইদিনাই মোক 'কুলাংগাৰ' বুলি কোৱা নেতাজনক এনে অসংসদীয় বক্তব্য দিয়াৰ বাবে নটিচ দিয়া হৈছেনে জানিব মন থাকিল !

এইয়াই নেকি ন্যায় ! জাতি, মাটি, ভেটিৰ কথা কৈ মোগলৰ বংশধৰ মিঞাৰ ভোট নালাগে বুলি কোৱাৰ পিছতো মাটিৰ আৱন্টন দিয়াৰ নামত কোটি কোটি টকা খোৱা বুলি সকলোতে প্ৰচাৰ হোৱা সত্বেও সেইজনক কাৰণ দৰ্শোৱাৰ জাননী দিছিল নে ? তাৰ বিপৰীতে প্ৰাৰ্থিত্বহে দিলেচোন ! তেতিয়া অনুশাসনৰ প্ৰশ্নটো নাহিল কিয় !

মাননীয়, সভাপতি মহোদয়, সাধাৰণ সম্পাদক ডাঙৰীয়া, নলবাৰীৰ পৰা নিৰ্বাচিত হৈ নলবৰীয়া ৰাইজৰ অসুবিধা কৰি ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন যে কেৱল ৰেকৰ্ড গঢ়াৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰি দুখীয়া ৰাইজক হাৰাশাস্তিৰ সন্মুখীন কৰিছে- তাত দলৰ ভাবমূর্তি নষ্ট হোৱা নাই নেকি !

বিধায়কগৰাকীৰ কামৰ খতিয়ান লোৱাৰ অধিকাৰ নাইকীয়া কৰিলে নেকি আপোনালোকক? বিধায়কগৰাকীয়ে যে সাধাৰণ ৰাইজক দেখা নকৰে আপুনি জানেনে !

পুনৰ কৈছোঁ- আঁচনিৰে কিছু সংখ্যকহে পদলেহনকাৰী সজাব পাৰি। স্বাভিমানীসকলক নোৱাৰি। কেইগৰাকীমান মানুহৰ মইবৰ ভাবৰ বাবেই আৰু কিবা ক'লেই শাস্তি পোৱাৰ ভয়তহে ৰাইজ মনে মনে আছে।

সময় হ'লে আকৌ ওলাই আহিব। এনেবোৰ কাৰণতে মই আপোনালোকক এই কথাখিনি ক'ব লগা হ'ল। ইচ্ছা নাছিল কিন্তু মোক ৰাজনৈতিকভাবে হত্যা কৰি তেওঁ নিষ্কন্টক হোৱাৰ যি সপোন দেখিছে সেয়া বাস্তৱত কেতিয়াও ৰূপায়িত হোৱাৰ সম্ভাৱনা নাই। কাৰণ মোৰ অতি শ্ৰদ্ধাৰ নলবাৰীৰ ৰাইজে এইক্ষেত্ৰত সহায় নকৰে।

সেইজনে ভাবিছে নেকি মোৰ হৈ কোনো ওলাই অহা নাই- মই অকলশৰীয়া ! সেইজনে ভাবিলে নেকি মই ৰাস্তাৰ পৰা তুলি অনা কৰ্ণধাৰ সমিতিত ঠাই পোৱা তোষামোদকাৰী কেইজনেই নলবাৰীৰ ৰাইজ !

সভাপতি মহোদয়, মই এই কথাখিনি নক’লোহেঁতেন যদিহে তেওঁ বছৰত আমাক ৫-৬দিন কাম কৰা বুলি নক’লেহেঁতেন। তেওঁ যে ২৪ ঘন্টাই কাম কৰে শৌচ-শুদ্ধি-আহাৰ গ্ৰহণ নকৰে নেকি ! ৰাতিও নুশুৱেও নেকি মহোদয় !

এইবিলাকৰ এনেবোৰ দাম্ভিক কথাই এদিন কংগ্ৰেছ দলৰ চৰকাৰৰ পতন ঘটাইছিল। কোনো স্বাভিমানী কর্মীয়ে এনে কথা সহ্য নকৰে। লাগিলে অন্য পন্থা আকোঁৱালি ল'বলৈ বাধ্য হ'ব।

মাননীয় সভাপতি মহোদয়, মোৰ এটা আপোনালৈ বিনম্র অনুৰোধ মুখ্যমন্ত্রীক ক'ব- অকল তোষামোদকাৰী কেইজনৰে ৰাজ্য বেছিদিন শাসন কৰাব নোৱাৰে। টানকৈ কোৱা, নীতিগতভাৱে কোৱা অথবা অর্থনৈতিকভাৱে দুর্বল বুলি ভবা কর্মীখিনিৰো যাতে মনৰ কথা উমান লোৱাৰ চেষ্টা কৰে।

বিধায়কগৰাকীৰ দম্ভালি মৰা কথাখিনিৰ বাবেহে আপোনাক এনেদৰে শ্ৰদ্ধাসহকাৰে অৱগত কৰালো যাতে ন্যায় পাঁও।

সেইজনে আমাৰবোৰক ৫-৬দিন কাম কৰা বুলি কৈ তাচ্ছিল্য নকৰাহেঁতেন মোৰ ক্ষোভখিনি নিশ্চয় ৰাজহুৱা নকৰিলোহেঁতেন। এই আদৰ্শটোৰ বাবে বহুসময় দিলো, দলটোক শক্তিশালী কৰিলো, চৰকাৰ আনিলো- তেনেক্ষেত্ৰত বাৰম্বাৰ তুচ্ছ-তাচ্ছিল্য কৰিব আৰু আপোনালোকে আমাৰ দৰে কৰ্মীৰ কথা নাভাবি তেওঁলোকৰ লগত থাকিব এইটো কেনেকুৱা কথা হ'ব !

বিজেপিৰ এই মহাসমুদ্রত মই মাত্র এটি জলকণাহে, মই একো ক্ষতি কৰিব নোৱাৰো সঁচা কিন্তু আপোনালোকৰ কাম-কাজত আপোনালোকৰ ভয়তহে মানুহ ওলাই অহা নাই।

এইটো আলফাৰো নীতি আছিল। শুক্লেশ্বৰ মেধিৰ দৰে আৰ এছ এছ অধিকাৰীক দিলীপ সাহাৰ দৰে বিজেপিকর্মীক ৰাজহুৱা স্থানত হত্যা কৰি এটা সময়ত আলফাই ভাবিছিল ৰাইজে ভয় খাব, কিন্তু সেই আলফা আজি নিঃশেষ প্রায়।

মোৰ দৰে প্ৰাক্তন বিধায়কগৰাকীক বাৰে বাৰে অপমানিত কৰি এইকেইজনে ভাবিছে নেকি মইও নিঃশেষ হৈ যাম? সেইজনে মোৰ সন্দৰ্ভত কৈছে- বিজেপি মাইনাছ মোৰ স্থিতি কি !

সভাপতি মহোদয়, পুনৰ কৈছোঁ আঁচনিৰে ৰাইজৰ মন দীর্ঘকাললৈ কেতিয়াও জয় কৰিব নোৱাৰি। কাৰণ পূর্বে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিল। তেওঁলোকো আঁচনিৰ অভাৱ নাছিল।

যেতিয়া ৰাইজৰ বিশ্বাস ভংগ হ'ল তেতিয়া আমাৰ দৰে কৰ্মীসকলে বছৰত ৫-৬দিন কাম কৰি দলটো শক্তিশালী কৰাৰ পিছত হোৱা আঞ্জাত নিমখ দিবলৈ এওঁলোক আহিছিল। দলটোক শক্তিশালী কৰাৰ বাবে নহয়।

এইকেইজনৰ সংগৃহীত ধনখিনি সুৰক্ষাৰ স্বাৰ্থত আৰু জেলত যোৱাৰ ভয়তহে বিজেপিলৈ আহিছিল। আমাৰ দলত কৰ্মীয়ে নাই নে কার্যকর্তাই নাই সকলোতে যে ক্লাষ্টাৰ !

ঠিকাৰ কামত যে পেকেজ কিয় ! একেজন কর্মীক তিনিটা লোকসভা সমষ্টিৰ টকা খৰচ কৰিব দিয়া হৈছিল কিয় ! প্রধানমন্ত্রী, গৃহমন্ত্ৰীৰ সভাসমূহ চোৱা-চিতাৰ বাবে একেজনকে দায়িত্ব দিয়া হৈছিল কিয় ! তেওঁলোকে ক'ত কেনেদৰে কিমান টকা খৰচ কৰিছিল আপুনি এবাৰ দলটোৰ বৃহত্তৰ স্বাৰ্থত খবৰ ল'বচোন সভাপতি ডাঙৰীয়া !

এই ওভটগোৰে নচা অহংকাৰী নেতাকেইজনক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন অনুভৱ হৈছে যেন মনে নধৰেনে ! অন্যথা ২০১৬ ৰ দৰে ২০২৬টো বৃহৎ পৰিবৰ্তন যে হ'ব সেয়া নিশ্চিত।

দলটোৰ সকলো কর্মীকে লগত লৈ কেন্দ্রত তৃতীয়বাৰ চৰকাৰ গঠনৰ সম্ভাৱনাৰ লেখীয়াকৈ অসমতো তৃতীয়বাৰ বিজেপিৰ চৰকাৰ হওক। সকলোৱে মিলি উন্নয়ণৰ অংশীদাৰ হোৱাৰ সুবিধা দিয়ক।

অনুগ্ৰহ কৰি এজনক সুৰক্ষা দিয়াৰ স্বাৰ্থত সিদ্ধান্ত নল’ব। তেওঁলোকে ছিণ্ডিকেট চলাই কোৰোণাৰে ধন সংগ্ৰহ কৰি ক্ষমতাৰে ৰাইজক ভয় খুৱাই থকা সময়তো আমি নির্ভীকভাৱে দলৰ সাংগঠনিক কাম কৰিছিলো। দলটোক শক্তিশালী কৰিছিলো। আজি নোৱাৰিম নেকি?

দৰকাৰ হ'লে সেই তাহানিতে কৰাৰ দৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'একলা চলো’ নীতিৰে আগবাঢ়িম। দলৰ নেতৃত্বত চৰকাৰ চলি থকাৰ পিছতো সুবিধালৈ কেৰেপ নকৰি মিছলীয়া, প্রলোভন দিয়া নেতাসকলৰ লগত থকাতকৈ সোঁতৰ বিপৰীতে থাকি হ'লেও আদৰ্শৰ হকে যুঁজি যাম, সভাপতি মহোদয় ।

কাৰোবাৰ ওপৰত থকা খং আপোনাৰ আগত প্ৰকাশ কৰাৰ সুবিধা দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। কোনোবাই দিয়া অভিযোগৰ ওপৰত ভিত্তি নকৰি মই পুনৰ আপোনাৰ আগত লিখিতভাৱে দিয়া অভিযোগৰ ন্যায় যাতে পাও তাৰো ব্যৱস্থা কৰিব বুলি আশাৰে আপোনাৰ ওচৰত ভুল ত্রুটি মার্জনা বিচাৰি দলৰ উন্নতি তথা তৃতীয়বাৰৰ বাবে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ কামনা কৰিলোঁ।

বিজেপি জিন্দাবাদ।।

ভাৰত মাতা কি জয়।।

ভৱদীয়,

অশোক কুমাৰ শৰ্মা

অধ্যক্ষ, অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগম।

প্ৰাক্তন জিলা সভাপতি, বিজেপি, নলবাৰী

প্ৰাক্তন বিধায়ক, নলবাৰী বিধানসভা সমষ্টি।

অশোক শৰ্মাৰ এই পত্ৰখনৰ কোনো সম্পাদনা কৰা হোৱা নাই। তেওঁ যিদৰে লিখিছে সেইদৰে এই পত্ৰ উদ্ধৃতি দিয়া হৈছে। অশোক শৰ্মাৰ পত্ৰৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসে আন এখন পত্ৰ লিখিছিল দলৰ বিষয়ববীয়ালৈ। সেই পত্ৰখনো এখন গুৰুত্বপূৰ্ণ পত্ৰ আছিল।

বঞ্চনা তেঁও কেনেকৈ হৈছে, ন-বিজেপি,পুৰণি বিজেপিৰ মাজৰ সংঘাত কেনেকৈ স্পষ্ট হৈ পৰিছে তাৰ আভাস ইয়াত আছে। ৰাজ্যৰ দুজন বিজেপি জ্যেষ্ঠ নেতাই কম দিনৰ ভিতৰত লেখা এই দুখন ৰাজনৈতিক পত্ৰই বিজেপিৰ ভিতৰচ’ৰাত গা কৰি উঠা নেতাকেন্দ্ৰিক অসন্তুষ্টিৰ আভাস পাব পাৰি। জয়ন্ত কুমাৰ দাসে লেখা এই পত্ৰখন আছিল-

প্রতি, মাননীয় শ্রীযুত ভবেশ কলিতা ডাঙৰীয়া,

ৰাজ্যিক সভাপতি,ভাৰতীয় জনতা পার্টি, অসম প্রদেশ।

মহাশয়,

সাদৰ নমস্কাৰ গ্ৰহণ কৰিব। এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় লৈ আপোনালৈ এই পত্র লিখাৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ। প্রথমেই আপোনাৰ সভাপতিত্বৰ কাৰ্য্যকালত মোক উপ-সভাপতিৰ দৰে অতিকৈ গুৰুত্বপূর্ণ দায়িত্ব অর্পণ কৰাত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আপোনাৰ কাৰ্য্যকালৰ যোৱা সময়খিনিৰ পৰা বৰ্তমানলৈ আপুনি যি দায়িত্বই অর্পণ কৰিছে একে আখৰে সেই দায়িত্ব পালন কৰি আহিছো। এনে দিনো আছিল যে ঘৰত পতা মাংগলিক নাৰায়ণ পূজাভাগ বা বছৰেকৰ মূৰত অহা ঘৰুৱা অনুষ্ঠান এৰি হ'লেও দলৰ নিৰ্দেশনা মর্মে দলৰ কামত ওলাই গৈছো।

আপুনিও ভালদৰে জানে যোৱা ইং ২০০১ চনৰ পৰাই দিশপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আহিছো যদিও সম্পূর্ণ যোগ্যতা আৰু ৰাইজৰ বিপুল সঁহাৰি থকাৰ পিছতো আজিলৈ প্রার্থিত্বৰ পৰা বঞ্চিত হৈ আছো।

দিশপুৰৰ প্রার্থিত্ব বিচাৰি আবেদন কৰা ২০০১ চনৰ প্ৰায় ১০ বছৰ আগৰ পৰাই দলীয় কাম- কাজত যুক্ত হৈ সমগ্র অসমত যুৱ-মৰ্চাক সম্মুখৰ পৰা নেতৃত্ব দি দলক শক্তিশালী কৰাৰ কাৰণে কাম কৰাৰ লগতে প্রায় বিজেপি শূন্য হৈ থকা দিশপুৰ সমষ্টিত দলীয় ভেটি অতি মজবুত কৰি তোলো। ৰাইজক সেৱা কৰাৰ সুযোগ একমাত্র দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হৈ কৰিব নোৱাৰাৰ যি বেদনা বুকুত লৈয়ে আজিও কিন্তু সম্পূর্ণ তন, মন আৰু ধন দি দলৰ দায়িত্ব পালন কৰি আহিছো। এনেদৰে বহু কর্মীৰ ত্যাগৰ বাবেই আজি দিল্লী-দিছপুৰ চৰকাৰ চলি আছে।

শ্রদ্ধাৰ সভাপতি মহোদয়, যোৱা কেইদিনমানৰ আগতে দলীয় সতীর্থ অশোক শর্মা ডাঙৰীয়াক কৈফয়ৎ তলব কৰি পত্র প্রদান কৰা হৈছিল। এইখিনিতে মোৰ উপ-সভাপতি হিচাপে কিছু কথা আছে, আগৰ কথা নকলোৱেই যেনিবা আপোনাৰ কাৰ্য্যকালতে দুই এজন বিধায়ক তথা নেতৃত্বৰ মাজৰ পৰা কিছুৱে বহুত আপত্তিজনক মন্তব্যৰে দলীয় সংবিধানৰ পৰিপন্থী কথা কোৱা সর্বজনবিদিত।

সেই সময়বোৰত ব্যক্তিগতভাৱে আপোনাক দলৰ স্বাৰ্থত পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনাইছিলো যাতে দলক হেয় বা ক্ষতি হোৱা কামৰ পৰা প্ৰতিজন কর্মী দূৰত থাকে। যিহেতু এজন জিলা বা ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যকৰ্তা অথবা এজন মন্ত্রী-বিধায়কে কৰা মন্তব্য সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে, এনেক্ষেত্ৰত যদি এই পৰ্য্যায়ৰ নেতা-কর্মীয়ে দল বিৰোধী মন্তব্য কৰে তেন্তে দল আৰু কৰ্মীৰ ওপৰত কু-প্ৰভাৱ পৰে।

সভাপতি মহোদয়, ধৰা হ'ল- অশোক শর্মা ডাঙৰীয়াই ভুল কৰিছে। কিন্তু অশোক শর্মাক অতি কটু কথা কৈ সংবাদ মাধ্যমত সাংসদ এগৰাকীয়ে কৰা মন্তব্য সমর্থনযোগ্য নে?

দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে দলীয় মজিয়াত নকৈ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ কোৱাটোও আমাৰ দলৰ সংবিধান বিৰোধী। আনহাতে অশোক শৰ্মাৰ বিৰুদ্ধে যুক্তি প্রতিষ্ঠা কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে দশক- দশকজুৰি ত্যাগ কৰি দলৰ কাম কৰা নিষ্ঠাবান কর্মীক অতি বেয়াকৈ বছৰত ৫ দিন কাম কৰি দল কৰা নুবুজাই বুলি উপলুঙা কৰা কথাখিনিয়ে অন্তৰত বৰ আঘাত দিছে।

মন্ত্রী ডাঙৰীয়াই ২০১৫ চনৰ পৰা ২৪ ঘণ্টাকৈ দলত দিছে আমি আদৰণি জনাইছো। কিন্তু ২০১৫ চনৰ পিছৰ পৰিবেশ দলৰ অতিকৈ অনুকূল। সামাজিক আৰু আর্থিক পৰিবেশ বহু সুন্দৰ আছিল। কিন্তু ২০১৫ চনৰ আগৰ বন্দুকৰ গুলি বুকুত লৈ প্রাণ আহুতি দিয়া নলবাৰীৰ প্ৰয়াত দিলিপ সাহাৰ লগত উগ্রবাদৰ অতিশয্যৰ বলি হোৱা সতীর্থসকলৰ ত্যাগ আৰু সেই পৰিবেশবোৰ মনলৈ বৰকৈ আহিছে।

যুৱ মৰ্চা কৰা দিনৰ পৰাই সপ্তাহ, দিন, মাহজুৰি ঘৰৰ বাহিৰত থাকি আজিলৈও দলৰ কাম নিষ্ঠাৰে কৰি আহিছো। সতীর্থসহ জাৰৰ দিনত ধুবুৰীৰ পৰা শদিয়ালৈ মটৰচাইকেলেৰে যোৱা, ৰথ সাঁজি বহুবাৰ অসমৰ গাঁৱে-ভূঞে দলৰ কামত ঘূৰা, সৰু বৰ সভাবোৰত মাছ-মাংসটো দূৰৈৰ কথা দালি-ভাত বেলেগকৈ বনালে খৰচ বেছি হ'ব বুলি খিচিৰি খাই পাৰ কৰা, সেই সভাবোৰ সফল কৰিবলৈ জেপত ধন নথকা সত্বেও ১০ মাইলপর্য্যন্ত খোজকাঢ়ি, চাইকেল মাৰি আহি সভাত উপস্থিত হোৱা সেই সতীর্থসকলৰ ত্যাগৰ কথা আজি মনলৈ আহিছে। সঁচাই মন্ত্রী ডাঙৰীয়াৰ কথাই মনত বৰ দুখ দিছে।

সভাপতি মহোদয় পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে মাননীয় বিধায়ক আৰু মাননীয় মন্ত্ৰীৰ বাকযুদ্ধ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে। একান্ত ব্যক্তিগত বিষয় এটা লৈ কেবল হেয় প্রতিপন্ন কৰাৰ বাবে সামাজিক আৰু সংবাদ মাধ্যমত উত্থাপন কৰিবলৈ কুন্ঠবোধ নকৰা দেখা গৈছে।

সভাপতি মহোদয় নতুন পুৰণিৰ কোনো কথা নাই যদিও মন্ত্রী মহোদয়ে মান্যতা দিয়া আমি পুৰণি সকলেই সদস্য ভৰ্তিকৰণৰ বহী পকেটত লৈ ঘূৰি ফুৰিছিলো আৰু যুৱক, যুৱতী, পুৰুষ, মহিলাক নতুন নতুনকৈ আমাৰ দললৈ আদৰি আনিছিলোঁ।

এই কেইদিনৰ ঘটনা-পৰিঘটনাই বিশেষকৈ বহু বছৰ ধৰি কাম কৰি অহা কাৰ্য্যকর্তাসকলক মনত বহু কষ্ট দিছে আৰু কেবল এজনকহে উদ্দেশ্যি কৈফিয়ৎ তলব কৰিলে দলত নতুন পুৰণি কথাষাৰৰ আনুষ্ঠানিকতা প্রদান কৰা হ'ব আৰু ইয়েই এক দলত বিৰূপ প্রভাৱ পেলাব।

সেয়েহে সভাপতি মহোদয় অভিযোগ-প্রতি অভিযোগৰ ধাম খুমিয়াত দলৰ যাতে ক্ষতি নহয় তাৰ প্রতি লক্ষ্য ৰাখি কেবল অশোক শর্মাক উদ্দেশ্যি কৈফিয়ৎ তলবৰ উত্তৰ নিবিছাৰি আপোনাৰ প্রত্যক্ষ হস্তক্ষেপেৰে ৰাজ্যিক বিষয়ববীয়াসকলক লগত লৈ আৰু সংশ্লিষ্ট সকলো পক্ষকে মাতি আনি এক মীমাংসাৰ ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনালোঁ।

ধন্যবাদেৰে,

জয়ন্ত কুমাৰ দাস

ৰাজ্যিক উপ সভাপতি,ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশ।

নিজ দলৰ নেতাই এতিয়া বেয়া পোৱা হৈছে দলটোৰ নেতৃত্বক। পত্ৰ লিখি জবাবদিহি কৰিছে এইদৰে। শাসনত থকা দলটোৰ মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে। এই দুখন ৰাজনৈতিক পত্ৰ পঢ়াৰ পাছত ৰাইজে আৰু ক’ব লগা একো নাথাকে।

দল যিমানেই ক্ষমতাশালী আৰু সুসংগঠিত হৈ আছে বুলি তেঁওলোকে দাবী নকৰক কিয়, দলৰ ভিতৰত অসন্তুষ্টি নেতাৰ এনে উকমুকনিয়ে বাস্তৱৰ ছবিখন দাঙি ধৰিছে। বিজেপি নেতাৰে দৃষ্টিত এলাগী হৈছে দল, দলটোৰ ক্ষমতাত থকা একাংশ নেতা।

ডাঙৰীয়া শুনক; চিঠি আহিছে,চিঠি...
মা, মোক পাহৰি যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in