দক্ষিণ শালমাৰা আৰক্ষীৰে গো মাফিয়াৰ সংঘৰ্ষঃ আহত উপ আৰক্ষী অধীক্ষকসহ ৩ আৰক্ষী,আটক ১

দক্ষিণ শালমাৰা আৰক্ষীৰে গো মাফিয়াৰ সংঘৰ্ষঃ আহত উপ আৰক্ষী অধীক্ষকসহ  ৩ আৰক্ষী,আটক ১

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাৰীত বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ অভিযানকাৰী দল এটাক গো মাফিয়াৰ দল এটাই আক্ৰমণ কৰে। গো মাফিয়াই ২১ টা চোৰাং পশুধন কাঢ়ি নিয়াৰ লগতে এগৰাকী হাবিলদাৰক অপহৰণ কৰে। লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে শূন্যলৈ ৰাবাৰৰ গুলী চলাই অপহৃত হাবিলদাৰক উদ্ধাৰ কৰে যদিও উপ আৰক্ষী অধীক্ষক সহ ৩ জন আৰক্ষী আহত হয়। ঘটনাৰ তথ্য অনুসৰি, হাটশিঙিমাৰী জিলা আৰক্ষীৰ ডিএছপি তথা দক্ষিণ শালমাৰা থানাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া নাইম উদ্দীনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা হাজিৰহাটৰ টাকিমাৰীত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীয়ে টাকিমাৰী গাঁৱৰ পৰা ছয়নাল হক নামৰ গো মাফিয়া জনক কৰায়ত্ব কৰি তেওঁৰ ঘৰত মজুত কৰি ৰখা ২১ টা চোৰাং ম'হ জব্দ কৰে। ধৃত ছয়নাল সহ ম'হ কেইটা মেঘালয়ৰ আমবাৰী হৈ দক্ষিণ শালমাৰা থানালৈ আহি থকা অৱস্থাত নিশা ১২.৩০ বজাত অতৰ্কিতে অভিযানকাৰী আৰক্ষীৰ দলটোক শতাধিক গো মাফিয়াৰ দল এটাই আক্ৰমণ কৰে।

আৰক্ষীৰ হাতৰ পৰা জব্দ কৰা ম’হ কেইটা কাঢ়ি নিয়াৰ উপৰিও কৰ্তব্যত থকা হাবিলদাৰ দিন দয়াল শৰ্মাক অপহৰণ কৰি টানি চোচৰাই বহু দুৰলৈ লৈ যায়। উপায়হীন আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহু চেষ্টা চলায় যদিও গোমাফিয়াৰ দলটো আৰক্ষীক আক্ৰমণ কৰাত উপ আৰক্ষী অধীক্ষক নাইম উদ্দীন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক উদয় প্ৰতাব আহত হয়। ইফালে গোমাফিয়াৰ কবলত থকা হাবিলদাৰজনকো আক্ৰমণ কৰাত তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

গো মাফিয়াৰ দলটোৱে তৰোৱাল, ডেগাৰ আদি উলিয়াই আক্ৰমণ কৰিবলৈ ধৰাত উপায়হীন হৈ আৰক্ষীৰ দলটো শূন্যলৈ কেবাজাই ৰাবাৰৰ গুলী চালনা কৰে।পৰিস্থিতি কিছু পৰিমাণে শান্ত হোৱাত গো মাফিয়াৰ কবলৰ পৰা হাবিলদাৰজনক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান হাবিলদাৰজন চিকিৎসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কৰায়ত্ব কৰা গো মাফিয়া জয়নাল হকক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰিছে। উক্ত ঘটনাক সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক হৰেন টকবীয়ে পশ্চিম গাৰোপাহাৰৰ জিলা আৰক্ষী অধীক্ষক আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰিছে।

এই সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে দক্ষিণ শালমাৰা আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰি ঘটনাত জৰিত গো মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব বুলি জিলা আৰক্ষী অধীক্ষক হৰেন টকবীয়ে জানিবলৈ দিছে।

লক্ষণীয় যে, দিনৰ ভাগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চোৰাং পশুধন সৰবৰাহ কৰাটো বিভিন্ন দিশৰ পৰা বাধাৰ সন্মুখীন হোৱাৰ ফলত গো মাফিয়াই বিগত প্ৰায় কেবাবছৰ ধৰি নতুন পথ মুকলি কৰি লৈছে। বিশেষকৈ মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ টিক্ৰিকিল্লা, ফুলবাৰী, ৰাজাবালী আৰু হেলিডেগঞ্জ থানা এলেকাধীন অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত দিনৰ ভাগত পশুধন জমা কৰা হয়।

গো মাফিয়াই একাংশ লোকৰ ঘৰত পশুধন জমা কৰাৰ বাবে বৃহৎ ধন আদায় দিয়ে। ইয়াৰ পাচত নিশা হলেও পশুধন খিনি মেঘালয়ৰ পৰা অসমলৈ আনি বিশেষকৈ সুখচৰ, দক্ষিণ শালমাৰা আৰু মানকাচৰ থানা এলেকাৰে বাংলাদেশলৈ সৰবৰাহ কৰা হয়।

বৰ্তমানে দক্ষিণ শালমাৰা আৰু সুখচৰ থানা এলেকাৰ অধীনত থকা উন্মুক্ত নদী তথা চৰ সীমান্তৰে প্ৰতিদিনে জাকে জাকে পশুধন বাংলাদেশলৈ সৰবৰাহ হ'ব ধৰিছে। দক্ষিণ শালমাৰা জিলা এলেকাত নিশাৰ ভিতৰতে গো মাফিয়া সকলে চোৰাং সৰবৰাহেৰে সমগ্ৰ কাম সম্পন্ন কৰাৰ চেষ্টা চলায়।

আৰক্ষীক মেনেজ কৰি গোমাফিয়া সকলে চোৰাং কাৰবাৰ চলোৱা বুলি অভিযোগ উঠি আহিলেও জিলাখনৰ উপ আৰক্ষী অধীক্ষক নাইম উদ্দীনক দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব দিয়াৰ পাচত তেওঁ গো মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

দক্ষিণ শালমাৰা আৰক্ষীৰে গো মাফিয়াৰ সংঘৰ্ষঃ আহত উপ আৰক্ষী অধীক্ষকসহ  ৩ আৰক্ষী,আটক ১
বটদ্ৰৱাত গ্ৰামীণ মহোৎসৱৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in