বটদ্ৰৱাত গ্ৰামীণ মহোৎসৱৰ সামৰণি

বটদ্ৰৱাত গ্ৰামীণ মহোৎসৱৰ সামৰণি

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত গ্ৰামীণ মহোৎসৱৰ সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আৰ ডি মটৰচৰ উদ্যোগত আৰু ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰামীণ মহোৎসৱ। কালি পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত বিয়লি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

আজি বিয়লি নগাঁও জিলা ভিত্তিক দলীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।প্ৰতিযোগিতা খনি পৰিচালনা কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই।

নগাঁও, বটদ্ৰৱা, ধিং, ৰাইডঙীয়া, কৰচোং, নসত্ৰ আদি বিভিন্ন অঞ্চলৰ কুৰিটা দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত ভাৰ্গৱ আদিত্য বৰুৱা, অঞ্জন বৰাই প্ৰথম স্থান, গৌতম কলিতা, সংগীতা বৰাই দ্বিতীয় স্থান লাভ কৰে।

শেষত বঁটা বিতৰণী সভাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক গীতাৰ্থ শইকীয়াই ট্ৰফি, মানপত্ৰ, কলমেৰে পুৰস্কৃত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰানা বৰা, সপোন ভূঞা, কমৰুল হুদা, লোচন জ্যোতি বৰা, অভি নন্দী, জিতু দাস, লক্ষী কাঞ্চন গৌতম, বোধেন বৰা, কিৰণ হাজৰিকাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

Also Read: নগাঁৱত ৰঞ্জিত কুমাৰ তামুলী ফুকনৰ দুখনকৈ গ্ৰন্থ উন্মোচন...

Batadrawa gramin mohotsav