/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/143955bb-5b33-4792-b3db-caa32fdff9e9/Balasor.jpg)
ডিজিটেল ডেস্ক : এমাহ উকলিল উৰিষ্যাৰ বালাচোৰত সংঘটিত শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ। দুই শতাধিক লোকে মৃত্যুক আঁকোৱালি লোৱা দুৰ্ঘটনাৰ পাছত অপসাৰিত হৈছিল দক্ষিণ-পূব ৰে'লৱেৰ জেনেৰেল মেনেজাৰ অৰ্চনা যোশী।
বিভাগীয় কৰ্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে দক্ষিণ-পূব ৰে'লৱেৰ জেনেৰেল মেনেজাৰ পদৰ পৰা অপসাৰিত হোৱা অৰ্চনা যোশীৰ পদত কেবিনেট নিযুক্তি সমিতিয়ে নিযুক্তি দিলে নতুন জেনেৰেল মেনেজাৰ। অনিল কুমাৰ মিশ্ৰ নামৰ বিষয়াজনক দক্ষিণ-পূব ৰে'লৱেৰ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্ব প্ৰদান কৰা হয়।
বালাচোৰৰ উক্ত ৰে'ল দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ২৯১ জন লোকৰ ভিতৰত ৫২ জন লোকৰ মৃতদেহ বৰ্তমানেও অচিনাক্ত অৱস্থাত। ভূৱনেশ্বৰৰ এইমছৰ মৰ্গত আছে এই মৃতদেহসমূহ। উল্লেখ্য যে, এইমছখনত ৮১ টা মৃতদেহ অচিনাক্ত অৱস্থাত আছিল। মৃতদেহসমূহৰ ডিএনএ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত ২৯ টা নমুনাৰ চিনাক্ত কৰাৰ পিছত বৰ্তমান ৫২টা মৃতদেহ অচিনাক্ত অৱস্থাত আছে।
Also Read: ''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us