''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !
''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !

''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !

মৃদুল কুমাৰ সন্দিকৈ

দীঘলীপুখুৰী। কেৱল এটা পুখুৰীৰ নাম নহয়। ৰাজ্যবাসীৰ বাবে এই পুখুৰীটো এক ঐতিহ্য, আৱেগ আৰু ইতিহাসৰ প্ৰতীক। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা দীঘলীপুখুৰী চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে কংক্ৰিট মহানগৰবাসীক মুহূৰ্তৰ বাবে হ'লেও নৈসৰ্গিক পৰিৱেশৰ সোৱাদ দিয়ে।

দীঘলীপুখুৰীক লৈ আছে বহু জনশ্ৰুতি। দীঘলীপুখুৰীৰ পাৰতেই আছে বহু ইতিহাসৰ সাক্ষী। জনশ্ৰুতি আৰু লোকপ্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুতি এই দীঘলীপুখুৰীৰ সৃষ্টি কৰিছিল। প্ৰবাদ আছে দীঘলীপুখুৰীটো ৰজা ভগদত্তই জীয়ৰী দীঘলীৰ নামত খন্দাইছিল।

গুৱাহাটীত এসময়ত প্ৰায় ৩০/৪০ টা মান পুখুৰী আছিল। সেই পুখুৰীবোৰৰ অধিকাংশই এতিয়া নাই । মহানগৰীৰ পল্টন পুখুৰী, কমাৰপত্তি পুখুৰী পুতি পেলোৱা হৈছে। উগ্ৰতাৰা পুখুৰীৰ মাজেৰে পথ নিৰ্মাণ কৰাত সেই পুখুৰীৰ নাম যোৰপুখুৰী হৈছে।

এতিয়া গুৱাহাটী মহানগৰীৰ উল্লেখযোগ্য পুখুৰীবোৰৰ ভিতৰত দীঘলীপুখুৰী, শিলপুখুৰী, নাকপোতা পুখুৰী অন্যতম। ৰাইবাহাদূৰ কনকলাল বৰুৱাই তেওঁৰ বিখ্যাতগ্ৰন্থ আৰ্লি হিষ্ট্ৰী অফ কামৰূপত লিখিছে- ''দীঘলীপুখুৰী প্ৰবাদমতে মহাভাৰতৰ দিনৰে। এই পুখুৰীতে পানীৰ মাজত চাং পাতি ৰজা ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰত ধনু খেলৰ প্ৰতিযোগিতা পাতিছিল। ''

এই লেখাতে তেওঁ উল্লেখ কৰা মতে প্ৰবাদ অনুসৰি চাংখনৰ দাঁতিত পানীৰ মাজত বাঁহ এডাল পুতি ইয়াৰ মূৰত মাছ এটা উলমাই থৈছিল। পুখুৰীৰ পানীত মাছৰ প্ৰতিবিম্ব চাই মাছটো শৰবিদ্ধ কৰিব দিছিল প্ৰতিযোগীসকলক। কৰ্ণই এই প্ৰতিযোগিতাত জয়ী হৈছিল যদিও তেওঁ পৰম মিত্ৰ দুৰ্যোধনকহে ভানুমতীক অৰ্পণ কৰিছিল।

এনে অনেক কাহিনী আছে দীঘলীপুখুৰীক লৈ। বহুতৰ মতে দীঘলীপুখুৰীতো এটা পোতাশ্ৰয় আছিল। উত্তৰ দিক্ষিণ পাৰ বান্ধি দিয়াৰ পাছত এই দীঘলীয়া আকৃতিৰ পুখুৰীটোৰ সৃষ্টি হৈছিল।

ইংৰাজ অহাৰ পাছতহে দীঘলীপুখুৰীৰ আজিৰ ৰূপ হৈছিল। এনে প্ৰবাদো আছে যে, দীঘলীপুখুৰীটো কোনো ৰজাই যুদ্ধত ব্যৱহাৰ কৰিবলৈ নৌকোঠ হিচাপে খান্দিছিল। কোনো কোনোৰ মতে বৰ্তমানৰ চলাবিল দীঘলীপুখুৰীৰে বৈ অহা এখন প্ৰাচীন নদীৰ সুঁতি আছিল।

এই কথা ঠিক যে, দীঘলীপুখুৰীৰ উত্তৰ পাৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন আছিল আৰু দক্ষিণ সীমা লাগিছিলগৈ চলা বিলত। তেতিয়াৰ চলা বিল মৰাভৰলুৰ সৈতে সংলগ্ন হৈ আছিল। আমবাৰীৰৰ পুৰণি কীৰ্তিচিহ্নসমূহে দীঘলীপুখুৰী সন্দৰ্ভত সমল যোগোৱাৰ সম্ভাৱনা আছিল যদিও পত্নত্বাত্তিক এই সমলক লৈ বৰ বিশেষ গৱেষণা নহ'ল।

হয়তো আমবাৰী সভ্যতাৰে অংশ বিশেষ আছিল দীঘলীপুখুৰী। সেয়েহে দীঘলীপুখুৰীৰ উৎপত্তিৰ ইতিহাস উদঘাটন নোহোৱাকৈয়ে জনশ্ৰুতি আৰু জনপ্ৰবাদৰ মাজত এক কিংবদন্তি হৈয়ে ৰ'ল।

দীঘলীপুখুৰী এতিয়া কাৰ? সৌ সিদিনালৈকে দীঘলীপুখুৰী আছিল আমাৰ। দীঘলীপুখুৰীপাৰত বহা, পুৱা খোজ কঢ়া, দীঘলীপুখুৰীৰ বুকুত নৌকা বিহাৰত নমা কোনো ডাঙৰ কথা নাছিল। ইচ্ছা গ'লেই যিকোনো লোক তালৈ যাব পাৰিছিল।

অসম পৰ্যটন উন্নয়ন নিগমৰ তত্বাৱধানত আছিল এই পুখুৰীটো। এই দীঘলীপুখুৰী পাৰতে আছে দুজনকৈ বৰণ্য অসমীয়াৰ প্ৰতিমূৰ্তি। এজন ভূপেন হাজৰিকা আনজন ৰাধাগোবিন্দ বৰুৱা। এদিন সেই দীঘলীপুখুৰীৰ পাৰেই আমাৰ প্ৰতবাদী সত্তা প্ৰতিফলন ঘটা এক মঞ্চ আছিল।

দীঘলীপুখুৰীৰ পাৰৰ সেই পুৰণি গছবোৰেও বহু দিনৰ ইতিহাস সোঁৱৰি আছে। বহু কবিৰ কবিতাৰ পটভূমি এই দীঘলীপুখুৰী। বহু প্ৰেমৰ আধাৰ দীঘলীপুখুৰী। সকলো ফালৰ পৰাই এক আৱেগ বিজৰিত দীঘলীপুখুৰী বিক্ৰী হ'ল !

এই ঐতিহ্যপূৰ্ণ পুখুৰীটো চোৱাচিতা কৰিবলৈও অসমত এতিয়া মানুহ বিচাৰি নাপালে পৰ্যটন বিভাগে। ১৫ বছৰৰ বাবে দীঘলীপুখুৰীক চমজাই দিয়া হ'ল ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেডক।

এতিয়া দীঘলীপুখুৰীত কি হ'ব, কেনেকৈ দীঘলীপুখুৰীক পৰিচালিত কৰিব সেই সিদ্ধান্ত ল'ব গুজৰাটৰ আহমেদাবাদৰ যোধপুৰ কষ্ট ৰোডত থকা এই কোম্পানীটোৱে। কিয়নো অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ কৰ্তৃপক্ষই এ টি বি চি ২৮২২/২০১৭/৯/২৬৩৬ নম্বৰ পত্ৰ যোগে ইয়াৰ কৰ্তৃত্ব উক্ত কোম্পানীটোক প্ৰদান কৰিছে ।

চৰকাৰী চাকৰি নিয়োগপত্ৰখনো ঢাক-ঢোল বজাই প্ৰদান কৰা এই চৰকাৰে কিন্তু সেই খবৰ অসমবাসীক ঘুণাক্ষৰেও জানিব নিদিলে। আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাই তথ্য সহকাৰে বিষয়টো ৰাজহুৱা নকৰা হলে সেয়া হয়তো আৰু কিছু দিনলৈকে আঁৰতেই থকিগ'ল হয়।

২৩ মে' ২০২২ ত দীঘলীপুখুৰীক লীজত দিবলৈ টেণ্ডাৰ আহ্বান জনাইছিল অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডে। পৰিচালন সঞ্চালকে স্বাক্ষৰ কৰা জাননীত উল্লেখ কৰা মতে উন্নয়ন, পৰিচালন, জলক্ৰীড়া আৰু অন্যান্য কাৰ্যকলাপৰ বাবে দীঘলীপুখুৰী আৰু প্ৰশান্তি উদ্যান লিজত ল'বৰ বাবে আগ্ৰহী প্ৰতিষ্ঠানৰ পৰা নিবিদা বিচাৰিছিল।

ইয়াৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল ২৭ মাৰ্চ ২০২২ ৰ পৰা ১৬ জুন ২০২২ লৈ। সেই অনুসৰি অতি গোপনে কৰা এই দীঘলীপুখুৰীক লিজত দিয়াৰ টেণ্ডাৰ প্ৰক্ৰিয়াত মাত্ৰ ২ টা প্ৰতিষ্ঠানে অংশ লৈছিল।

সেই প্ৰতিষ্ঠান দুটাৰ এটা গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড আৰু আনটো মহাৰাষ্ট্ৰৰ এমফ্ৰিটাইট ছানছি প্ৰাইভেট লিমিটেড। অথচ এই দীঘলীপুখুৰী ইমান দিনে এ টি ডি চিৰ অধীনত থলুৱা যুৱকেই চোৱাচিতা কৰি আহিছিল।

বহিৰাগত প্ৰতিষ্ঠানটোৱে ২০ জুন ২০২২ ত নিবিদা জমা দিছিল। কিয়নো নিবিদা জমা দিয়াৰ ম্যাদ সম্ভৱতঃ বৃদ্ধি কৰিছিল। ২৮ অক্টোবৰ ২০২২ ত এ টি ডি চিৰ সঞ্চালকে এই কোম্পানীটোলৈ লিখা পত্ৰ নং এ টি ডি চি ২৮২২/২০১৭/৯/২৬৩৬ ত এই চৰ্ত দিছিল যে, তেওঁলোকে দীঘলীপুখুৰীটো ১৫ বছ লিজত লোৱাৰ বিনিময়ত এই পত্ৰ পোৱাৰ ৭ দিনৰ ভিতৰত চৰকাৰক ছিকিউৰিটি মানী হিচাপে ৩০ লাখ ১২ হাজাৰ টকা জমা দিব লাগিব।

অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালকৰ নামত সেই ধন জমা দিবলৈ কোৱা হৈছিল। উক্ত ধন জমা দিয়াৰ পাছত ২০২৩ বৰ্ষৰ ১ জুনত দীঘলীপুখুৰীৰ দায়িত্ব গুজৰাটৰ এই কোম্পানীটোক দিয়া হ'ল।

চিৰিয়াখানাৰ জীৱ-জন্তুবোৰ নিলে, দীঘলীপুখুৰটো ১৫ বছৰৰ বাবে দিলে আৰু কিবা বাকী থাকিল নেকি চৰকাৰে বিচাৰিব লাগে। য'ত যিমান ৰাজহুৱা সম্পত্তি আছে এনেদৰে ব্যক্তিগত বহিৰাগতখণ্ডৰ ব্যৱসায়ী প্ৰতিষ্ঠানক গটাই দিলেই হয়তো ৰাজ্যত উন্নয়নৰ গংগা ব'ব।

কম পৰিতাপৰ কথানে? পুখুৰী এটাও চোৱাচিতা কৰিবলৈ অপাৰগ এটা বিভাগ, এখন চৰকাৰ। বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক দিহে শান্তি লাভ কৰিছে। এনেকৈ এই গতিত কাৰবাৰ বোৰ চলি থাকিলে দীঘলীপুখুৰী কি এদিন সচিবালয়খনকেই লীজত দি দিব চৰকাৰে।

আহি আছে সেই দিন। সকলোবোৰ দেখি, শুনি চকু মুদি থকাৰ বাদে আনজানো উপাই আছে এতিয়া? যি ভাবে সেয়াইটো কৰে ক্ষমতাত থকা সকলে। দীঘলীপুখুৰীটো বহিৰাগতক লীজত দিবলৈ কুণ্ঠাবোধ নকৰা চৰকাৰক যিকোনো প্ৰকাৰে হয়তো লাগে কেৱল ধন।

''দীঘলীপুখুৰী'' এতিয়া গুজৰাটৰ !
দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in