আৰ্তজনৰ বাবে তেৱেঁই ভগৱানঃ এটি শিশুৰ বাবে ১৮কোটি টকা যোগাৰ কৰি দিলে চনু চুদে...

আৰ্তজনৰ বাবে তেৱেঁই ভগৱানঃ এটি শিশুৰ বাবে ১৮কোটি টকা যোগাৰ কৰি দিলে চনু চুদে...

author-image
Asomiya Pratidin
New Update
আৰ্তজনৰ বাবে তেৱেঁই ভগৱানঃ এটি শিশুৰ বাবে ১৮কোটি টকা যোগাৰ কৰি দিলে চনু চুদে...

ডিজিটেল ডেস্কঃ বলিউদৰ আন অভিনেতা-অভিনেত্ৰীতকৈ তেওঁৰ কামবোৰ পৃথক। ৰীল লাইফত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেতাগৰাকী ৰিয়েল লাইফত বহুজনৰ বাবে হি'ৰ। লকডাউনত অসহায় শ্ৰমিকসকলক তেওঁ কৰা সহায়ৰ কথা কোনেও পাহৰিব নোৱাৰে। এইবোৰৰ উপৰিও সময়ে সময়ে আৰ্তজনক কৰা সহায়ৰ বাবেই অইনতকৈ তেওঁৰ স্থান সদায়েই পৃথক।

Advertisment

নাম তেওঁৰ চনু চুদ। বলিউদৰ লগতে দক্ষিণৰ চিনেমাতো সমানে দখল থকা সুদৰ্শন অভিনেতাগৰাকী পুনৰ এবাৰ নিজৰ কৰ্মৰ বাবে চৰ্চালৈ আহিছে। এগৰাকী ২২মহীয়া শিশুৱে অভিনেতাগৰাকীৰ বাবেই পালে নতুন জীৱন। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জয়পুৰৰ এটি ২২মহীয়া শিশু এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল।

এই শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল কেইবাকোটি টকা। এই ৰোগটোৰ নিৰাময়ৰ বাবে পৃথিৱীৰ সবাতোকৈ ব্যয়বহুল বেজিটোৰ প্ৰয়োজন হৈছিল। এই বেজিটোৰ দাম আছিল প্ৰায় ১৮কোটি টকা। পৰিয়ালৰ বাবে এই ধনৰাশি সপোনৰ অগোচৰ আছিল। কিন্তু অভিনেতা চনু চুদে খবৰটো পাই তিনিমাহৰ ভিতৰত কেম্পেইন কৰি ৯কোটি টকাৰ অনুদান সংগ্ৰহ কৰে।

অনুদানেৰে লাভ কৰা ৯কোটি টকা শিশুটিৰ পৰিয়ালক প্ৰদান কৰাৰ উপৰিও বাকী থকা ধনৰাশি যোগাৰো কৰি দিয়ে অভিনেতাগৰাকীয়ে। বৰ্তমান বিনা বাধাই চলি আছে শিশুটিৰ চিকিৎসা। অভিনেতাগৰাকীৰ এই কৰ্মৰ বাবে পুনৰ তেওঁ অনুৰাগীসকলৰ হৃদয়ত এখন সুকীয়া আসন দখল কৰিছে।

Also Read: কাঁ চলচ্চিত্ৰ মহোৎসৱঃ সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতাৰ বাবে সাজু বলিউড তাৰকা...

bollywood actor sonu sood sonu latest news bollywood news