কাঁ চলচ্চিত্ৰ মহোৎসৱঃ সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতাৰ বাবে সাজু বলিউড তাৰকা...

কাঁ চলচ্চিত্ৰ মহোৎসৱঃ সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতাৰ বাবে সাজু বলিউড তাৰকা...

author-image
Asomiya Pratidin
New Update
কাঁ চলচ্চিত্ৰ মহোৎসৱঃ সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতাৰ বাবে সাজু বলিউড তাৰকা...

ডিজিটেল ডেস্কঃ এইবেলি ১৪ মে’ৰ পৰা আৰম্ভ হৈছে বিশ্বৰ আটাইতকৈ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱ।ফ্ৰান্সৰ কানচ চহৰত ২৫ মে’লৈকে অনুষ্ঠিত হ’ব ৭৭ তম এই মহোৎসৱ। ১৯৪৬ চনৰ পৰা আৰম্ভ হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজ নিজ ছবি লৈ আহে,যাৰ ভিতৰত শ্ৰেষ্ঠ ছবিখন নিৰ্বাচন কৰা হয়। এই ক্ষেত্ৰত পিছ পৰি থকা নাই বলিউডৰ ছবিসমূহ। কাঁ আৰু ইয়াৰ চাইডবাৰত মুঠ ৮ খন ভাৰতীয় বা ভাৰত-থীমযুক্ত চলচ্চিত্ৰক স্থান দিয়া হৈছে।

Advertisment

বিগত বছৰ সমূহৰ সমান্তৰালকৈ এইবেলিও কাঁ চলচ্চিত্ৰ মহোৎসৱত চমক পদ প্ৰদৰ্শন দেখুৱাবলৈ সাজু হৈছে বলিউডৰ তাৰকা সকল। পূৰ্বতে ৰেড কাৰ্পেটত অংশগ্ৰহণ কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ তাৰকা হৈছে ঐশ্বৰ্য ৰায় বচ্চন আৰু অদিতি ৰাও হাইদাৰী। এইবাৰো অসুস্থ অৱস্থাতে অংশগ্ৰহণ কৰিব ঐশ্বৰ্য ৰায় বচ্চনে।

আনহাতে কিয়াৰা আদৱানী আৰু শোভিতা ধূলিপালাই ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথম খোজ দিব। ইতিমধ্যে ৰাওনা হৈছে তাৰকা সকল।

ইয়াৰোপৰি আৰ জে কৰিশ্মা, নেন্সি ত্যাগী, নিহাৰিকা, অংকুশ বহুগুণা, চেফ সঞ্জ্যোত কীৰ, শ্বেহজান খান, আস্থা শ্বাহ, বিৰাজ গেহলানীকে ধৰি বহুকেইজন প্ৰভাৱশালী আৰু ডিজিটেল ক্ৰিয়েতৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত খোজ পেলাব বুলি আশা কৰা হৈছে।

Also Read: থিয় হৈ পূজা কৰিলে ভগৱান কেতিয়াও সন্তুষ্ট নহয়!

Cannes Film Festival cannes film festival 2024