ইডি কাৰ্যালয়ত জেৰা ছোনিয়া গান্ধীক, প্ৰতিবাদত উত্তাল দেশ…

ইডি কাৰ্যালয়ত জেৰা ছোনিয়া গান্ধীক, প্ৰতিবাদত উত্তাল দেশ…

author-image
asomiyapratidin
New Update
ইডি কাৰ্যালয়ত জেৰা ছোনিয়া গান্ধীক, প্ৰতিবাদত উত্তাল দেশ…

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে ইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ লাভৰ পাছতেই তেওঁ ইডি কাৰ্যলয়ত উপস্থিত হয়। কংগ্ৰেছ নেত্ৰী গৰাকী কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই দেশ জুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছোনিয়া গান্ধীক ইডি য়ে চমন জাৰি কৰিছিল যদিও তেওঁ কোভিডত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত হটব পৰা নাছিল। বৰ্তমান অব্যাহত আছে সোধা পোচা।

কংগ্ৰেছ নেত্ৰী গৰাকীক ইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধীতা কৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছ। গুৱাহাটীৰো ৰাজীৱ ভৱনৰ সন্মুখত একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আৰু পঢ়ক: জীৱন-মৃত্যুৰ যুঁজত মইনা, আই চি ইউত বিশিষ্ট চিন্তাবিদ…

assam sonia gandhi congress protest