সোনাৰী চাপৰিত মৃত্যুৰ কিৰীলিঃ চৰম পন্থা ল'লে বিবাহিত মহিলাই

সোনাৰী চাপৰিত মৃত্যুৰ কিৰীলিঃ চৰম পন্থা ল'লে বিবাহিত মহিলাই

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্য কপোৱা দেৱলীনা হত্যাকাণ্ডৰ প্ৰতিবাদৰ ঢৌ মাৰ নৌ যাওঁতেই পুনৰ এক মৰ্মান্তিক ঘটনাই জোকাৰিছে ঢকুৱাখনা। এগৰাকী দৰিদ্ৰ মহিলাৰ চৰিত্ৰত দোষ জাপি দিয়া বাবে আত্মহনন কৰিবলৈ বাধ্য হ'ল এটা সন্তানৰ মাতৃয়ে।

ঢকুৱাখনা সোনাৰী চাপৰি চাৰিআলিৰ এগৰাকী মহিলাক আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱা সমীপৰে পুতলী ভদ্ৰ নামৰ এগৰাকী মহিলাৰ প্ৰতি তদন্তকাৰী আৰক্ষী বিষয়াই গ্ৰহণ কৰা নৰম ভূমিকাই পুনৰ অতিষ্ঠ কৰি তুলিছে সোনাৰী চাপৰিবাসীক।

২৮ মে'ৰ পুৱতি নিশা নিজা গৃহত আত্মহত্যা কৰিছিল দিন হাজিৰা কৰা মহিলাগৰাকীয়ে। আত্মহত্যাৰ অভিযুক্ত ক্ৰমে পুতলী ভদ্ৰ, স্বামী কফু ভদ্ৰ আৰু এজন বিতৰ্কিত ব্যক্তি ৰাহুল দলে ওৰফে পুতপুতৰ নাম আত্মহত্যাৰ টোকাত স্পষ্টভাৱে লিখে মৃতকে। আনকি এইসকল ব্যক্তিৰ মানসিক হেঁচাৰ বাবেই আত্মহনন কৰিব লগীয়া হোৱা বুলি মৃতকে লিপিবদ্ধ কৰি যোৱাৰ পাছত আৰক্ষী আৰু ৰাইজে তথ্য উদ্ধাৰ কৰিছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত ভদ্ৰ দম্পত্তি আৰু বিতৰ্কিত ৰাহুল ওৰফে পুতপুত দলেক আটক কৰিছিল। এই সন্দৰ্ভত মৃতকৰ স্বামীৰ এজাহাৰৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাত এক গোচৰ ( নং- ৩৬ / ২০২৪) পঞ্জীভূত  হৈছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে জামিন অযোগ্য ধাৰাত অভিযুক্ত এইসকল আচামীক ঘটনাৰ ৩ দিন উকলাৰ পাছতো তদন্তকাৰী আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰা নাই।

ঘটনাৰ তদন্তৰ নামত অভিযুক্ত এই সকলক মুকলি ভাবেই ৰখাত ক্ষুব্ধ হৈছে সোনাৰী চাপৰি ৰাইজ। পৰিণতিত এনেবোৰ স্পৰ্শকাতৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতাকলৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু হোৱাৰ পাছতো আটকাধীন দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা আৰু এজন অভিযুক্তক মুকলি কৰি দিয়া বিষয়টোৰ বিৰোধিতা কৰিছে ৰাইজে। তাৰোপৰি কেৱল গেৰুৱা দলৰ প্ৰাক্তন ৱাৰ্ড সদস্য হোৱাৰ বাবে ৰাহুল দলেক মুকলি কৰি দিয়াৰো অভিযোগ উঠিছে।

ইপিনে অসমীয়া প্ৰতিদিন ডিজিটেল ৰ হাতলৈ আহিছে এক তথ্য। পুতলী ভদ্ৰই মৃত মহিলাগৰাকীৰ ওপৰত চলোৱা শাৰীৰিক নিৰ্যাতন, পুতপুতৰ সৈতে থকা অবৈধ সম্পৰ্ক সন্দৰ্ভত ব্যাপক প্ৰচাৰ চলোৱা,কৰ্মসূত্ৰে ঘিলামৰাত থকা মৃতকৰ স্বামীক মাজ নিশা পত্নী চৰিত্ৰ সন্দৰ্ভত ব্যক্ত কৰা আদি বহু কথা উক্ত তথ্যত পোহৰলৈ আহিছে।

এক কথাত এই সকল অপশক্তিৰ শাৰীৰিক মানসিক অত্যাচাৰৰ বাবেই মহিলাগৰাকীয়ে আত্মহনন কৰাটো স্পষ্ট হৈছে। কিন্তু ঘটনাৰ ৩ দিন উকলাৰ পাছতো দোষীক গ্ৰেপ্তাৰ কৰা নাই। উল্লেখ্য যে সোনাৰী চাপৰি আঞ্চলিক মহিলা সমিতিয়ে অভিযুক্ত ভদ্ৰ দম্পত্তিক ভাড়াঘৰৰ পৰা উলিয়াই দিবলৈ দাবী জনাই সময় সীমা বান্ধি দিয়াৰ পৰিপ্ৰেক্ষিততো ঘৰৰ মালিকে অভিযুক্ত ভদ্ৰ দম্পত্তিক ভাড়া ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি নাই।

ইটোৰ পাছত সিটো সন্দেহযুক্ত হত্যাকাণ্ডই জোকাৰি যোৱা সোনাৰী চাপৰিত ঘটনাৰ তদন্ত প্রক্ৰিয়াকলৈ উদ্ভৱ হোৱা সন্দেহৰ বিপৰীতে আৰক্ষীয়ে নিৰপেক্ষ ভাবেই ঘটনাৰ তদন্ত আগবঢ়োৱা বুলি দাবী কৰিছে ।

সোনাৰী চাপৰিত মৃত্যুৰ কিৰীলিঃ চৰম পন্থা ল'লে বিবাহিত মহিলাই
ৰৌতাত বাটৰ নাট প্ৰদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in