ৰৌতাত বাটৰ নাট প্ৰদৰ্শন...

ৰৌতাত বাটৰ নাট প্ৰদৰ্শন...

ডিজিটেল সংবাদ,ৰৌতাঃ ৰৌতাৰ মাজমজিয়াত হঠাৎ এজন লোকে মদ্যপান কৰি পত্নীক চহৰৰ মাজমজিয়াতে উপৰ্যুপৰি প্ৰহাৰ কৰিছে। সন্তানক ঘৰত থৈ বাহিৰলৈ ওলাই অহাৰ বাবে পত্নীক চহৰৰ মাজমজিয়াতে প্ৰহাৰ কৰিছে লোকজনে।

ওচৰ-পাজৰৰ লোক সকলেও ৰ' লাগি চাই আছে। কোনেও বাধা দিবলৈ চেষ্টা কৰা নাই। এজন লোকে মদাহী জনক বাধা দিবলৈ চেষ্টা কৰে যদিও মদৰ নিচাত লোক জনকো প্ৰহাৰ কৰে।

দৰাচলতে এয়া বাটৰ নাট হে। সমাজ কল্যাণ বিভাগৰ দ্বাৰা সজাগতা অনাৰ উদ্দেশ্যে ৰৌতাত বাটৰ নাট প্ৰদৰ্শন কৰে। পুষ্টিহীনতাৰ পৰা মাতৃ আৰু শিশুক ৰক্ষা কৰিবলৈ ল'বলগীয়া সাৱধানতাৰ উদ্দেশ্যে ৰৌতাত ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মীৰ দ্বাৰা বাটৰ নাটখন প্ৰদৰ্শন কৰা হয়।

মাতৃ গৰ্ভতে শিশুৱে পুষ্টিহীনতাত যাতে ভুগিব নালাগে, গৰ্ভাৱস্থাত মাকৰ জৰিয়তে পুষ্টিকৰ খাদ্য কি দৰে লাভ কৰে,গৰ্ভৱতী মহিলাক ল'বলগীয়া যতন তথা চৰকাৰে লোৱা আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰনাই সাংস্কৃতিক গোষ্ঠীৰ সহযোগত চহৰ-নগৰৰ লগতে গ্ৰামাঞ্চলতো এইদৰে বাটৰ নাট প্ৰদৰ্শনেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

ৰৌতাত বাটৰ নাট প্ৰদৰ্শন...
পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in