/asomiyapratidin/media/media_files/2025/07/01/1-2025-07-01-23-03-57.jpg)
ডিজিটেল ডেস্কঃ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই লৈছে নতুন ৰূপ। ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশী পূৰ্বে বিবাহিত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে গোপন বিবাহৰ সন্দেহ কৰিছে তদন্তকাৰী বিষয়াই।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে সোণমৰ পৰা দুডালকৈ মংগলসুত্ৰ উদ্ধাৰ কৰিছে, ইয়াৰে এডাল মংগলসুত্ৰ ৰাজাৰ বিয়াৰ সময়ত পৰিয়ালে উপহাৰ দিছিল। আন এডাল মংগলসুত্ৰৰ বিষয়ে এতিয়াও কোনো সঠিক তথ্য পোৱা নাই আৰক্ষীয়ে।
ফলস্বৰূপে ৰাজাক হত্যা কৰাৰ পূৰ্বে সোণম আৰু ৰাজে গোপনে বিবাহপাশত আৱদ্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে দুয়োডাল মংগলসুত্ৰ সন্দৰ্ভত লগতে সোণমৰ বিৰুদ্ধে উত্থাপন হোৱা পূৰ্বৰ বিবাহ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, আৰক্ষীয়ে এতিয়া ৰাতলামৰ সম্পত্তিৰ পৰা নিৰুদ্দেশ হোৱা গহনা উদ্ধাৰ কৰিছে, য’ত আছে ৰাজাৰ মৃতদেহৰ পৰা নিৰুদ্দেশ হোৱা এডাল সোণৰ চেইন আৰু এটা আঙঠি। ইফালে, ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃয়ে সোমবাৰে কয় যে প্ৰধান অভিযুক্ত সোণমক বিবাহৰ সময়ত তেওঁৰ পৰিয়ালে প্ৰায় ১৬ লাখ টকাৰ গহনা উপহাৰ দিছিল।