/asomiyapratidin/media/media_files/2025/06/11/lGpj6mErkRwdYSxndi6Z.jpg)
ডিজিটেল ডেস্কঃ বিয়াৰ মাত্ৰ কেইদিনমান পিছতে পত্নীৰ নৃশংসতাৰ বলি হ'ল ইণ্ডোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশী। ইতিমধ্যে আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীক তদন্তত পোহৰলৈ আহিছে ইটোৰ পাছত সিটো ন ন তথ্য।
শেহতীয়া তথ্য অনুসৰি, হনীমুনত শাৰিৰীক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বাবে স্বামী ৰাজা ৰঘুবংশীক বাৰে বাৰে অস্বীকাৰ কৰিছিল সোণমে। আৰক্ষীৰ মতে, সোণমে বিয়াৰ পিছতো ৰাজাক তেওঁক স্পৰ্শ কৰাত বাধা দিছিল।
উল্লেখ্য যে, মা কামাখ্যাৰ অজুহাত দেখুৱাই স্বামীৰ পৰা আঁতৰি থাকিছিল সোণম। মা কামাখ্যাক দৰ্শন কৰিহে স্বামীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিব বুলি ৰাজাক কৈছিল স্বামীহন্তা সোণমে। ইয়াৰোপৰি ৰাজাৰ মাতৃৰ সৈতে ফোনত হোৱা কথোপকথনতো তেওঁ ব্ৰতত থকাৰ কথা উল্লেখ কৰিছিল সোণমে।
তৎস্বত্বেও পত্নীৰ এই ব্যৱহাৰক সাধাৰণভাৱে লৈ সোণমৰ ইচ্ছাক সন্মান জনাইছিল ৰাজা ৰঘুবংশীয়ে। এবাৰলৈও পত্নীৰ অভিপ্ৰায়ক লৈ সন্দেহ উপজা নাছিল ৰাজাৰ। এই সৰলতাৰ সুযোগ লৈ আন ৪ অভিযুক্তৰে মিলি ৰাজাক হত্যা কৰে সোণমে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মাতৃগৃহত থকা সময়তে ৰাজাক হত্যা কৰাৰ সমগ্ৰ পৰিকল্পনা কৰিছিল সোণমে। ১৫ মে’ত তেওঁ মাতৃগৃহলৈ গৈছিল। তাতেই সোণমে গুৱাহাটীলৈ যোৱাৰ টিকট বুক কৰিছিল। মেঘালয়ত থকা সময়ছোৱাত প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে অহৰহ যোগাযোগত আছিল স্বামীহন্তা সোণম ৰঘুবংশী।