নৃশংস! প্ৰথমে পিতৃক হত্যা, পাছত কৰিলে ৩২ টুকুৰা আৰু...

দেশত প্ৰতিদিনেই সংঘটিত হয় অপৰাধজনিত ঘটনা। এইবাৰ পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
নৃশংস! প্ৰথমে পিতৃক হত্যা, পাছত কৰিলে ৩২ টুকুৰা আৰু...

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই সংঘটিত হয় অপৰাধজনিত ঘটনা। এইবাৰ পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এজন লোকে নিজৰ পিতৃক হত্যা কৰি ৩২ টুকুৰা কৰিছিল আৰু পাছত এটা দমকলৰ ওচৰত পেলাই দিছিল।

Advertisment

কৰ্ণাটকৰ বাগালকোটত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। হত্যাৰ কথা প্ৰকাশ পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে মৃতদেহৰ টুকুৰাবোৰ জেচিবিৰ সহায়ত উদ্ধাৰ কৰিছিল। অভিযুক্ত বিথালা কুলালীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি ৬ ডিচেম্বৰত, ২০ বছৰীয়া বিথালাই তেওঁৰ পিতৃ ৫৩ বছৰীয়া পৰশুৰাম কুলালীক হত্যা কৰিছিল। খঙত লোহাৰ ৰড ব্যৱহাৰ কৰি পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, পৰশুৰামে নিচাগ্ৰস্ত হৈ বিথালাক সদায় গালি-গালাজ কৰিছিল। পৰশুৰামৰ পত্নী আৰু ডাঙৰ পুত্ৰ অন্য় ঠাইত বাস কৰে।

মঙলবাৰে যেতিয়া পুনৰ তেওঁক পিতৃয়ে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল তেতিয়া খঙৰ ভমকত পিতৃক হত্যা কৰিছিল। তাৰ পাছতে বিথালাই মৃতদেহটোৰ ৩২ টুকুৰা কৰি পেলাই দিছিল।

আৰু পঢ়ক: লামডিঙত দিল্লী ৰেলৱে বৰ্ডৰ ২৫ জনীয়া পৰ্যবেক্ষকৰ দল

murder crime karnataka