লামডিঙত দিল্লী ৰেলৱে বৰ্ডৰ ২৫ জনীয়া পৰ্যবেক্ষকৰ দল

লামডিঙ ৰেলৱে জংচনত এদিনৰ বাবে দেখা গ'ল চমক ৷ হঠাৎ জংচনটোৰ চাৰিওফালে পৰিস্কাৰ পৰিচন্নতাৰে মুখৰিত কৰি তুলিছে ৷
লামডিঙত দিল্লী ৰেলৱে বৰ্ডৰ ২৫ জনীয়া  পৰ্যবেক্ষকৰ দল

ডিজিটেল সংবাদ, লামডিং: লামডিঙ ৰেলৱে জংচনত এদিনৰ বাবে দেখা গ'ল চমক ৷ হঠাৎ জংচনটোৰ চাৰিওফালে পৰিস্কাৰ পৰিচন্নতাৰে মুখৰিত কৰি তুলিছে ৷ আৰ পি এফ , জি আৰ পি , ৰেলৱে পানী যোগান বিভাগ , ৰেলৱে গড়কপ্তানি বিভাগ , ৰেলৱে বিদ্যু বিভাগ আনকি ৰেলৱে উচ্চ পদস্থ বিষয়াও পুৱাই জংচনটোত তৎপৰ হোৱা দেখা গ'ল ৷

কাৰণ দিল্লী ৰেলৱে বৰ্ডৰ পৰা আহিছে ২৫ জনীয়া এটা পৰ্যবেক্ষ্যকৰ দল ৷ মুম্বাই , হায়দৰাবাদ, তেলেংগনা , চেন্নাই , দিল্লী , গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ৰেলৱে ব'ৰ্ডৰ PAC চমুকৈ Passenger Amenities Committee অৰ্থাৎ "যাত্ৰী সুবিধা সমিতি" ৰ এটা ২৫ জনীয়া পৰ্যবেক্ষ্যকৰ দলে আজি লামডিঙ ৰেল জংচনৰ পৰ্যবেক্ষন কৰিবলৈ উপস্থিত হয়হি ৷

উল্লেখ যে দিল্লী ৰেলৱে ব'ৰ্ডে "যাত্ৰী সুবিধা সমিতী" নামেৰে এই ২৫ জনীয়া কমিটিখন গঠন কৰা মূল উদ্দেশ্য হৈছে দেশৰ ৮ হাজাৰৰো অধিক ৰেলৱে ষ্টেচনসমূহত যাত্ৰী সকলে পাবলগীয়া বিভিন্ন সা সুবিধা যেনে খোৱা পানী , বিদ্যুৎ , যাত্ৰীসকলে বহিব পৰা সুবিধা , যাত্ৰীয়ে ব্যৱহাৰ কৰা শৌচালয় সমূহ উন্নত হয় নে নহয় , পৰিস্কাৰ পৰিচন্নতা অৱলম্বন কৰাকে ধৰি বিভিন্ন সুবিধা সময় মতে পাইছে নে নাই সেইসমূহ পৰ্যবেক্ষন কৰাৰ লগতে কি কি সা সুবিধা আগোন্তুক দিনত ৰেলৱে ষ্টেচনসমূহত আৰু নতুনকৈ সংযোজন কৰিব পাৰি এই সমূহ নিৰিক্ষন কৰাৰ বাবে ৷

সেই পৰিপেক্ষিততেই মঙলবাৰে পুৱা সমিতিখনৰ মুখ্য সচিব জনৰ সহ দলটো আহি লামডিঙত উপস্থিত হৈ বিভিন্ন দিশত নিৰিক্ষণ কৰে ৷ নিৰিক্ষন কৰাৰ সময়তে ষ্টেচনটোত খোৱা পানীৰ সমস্যাই দেখা দিয়াৰ লগতে যাত্ৰীয়ে ব্যৱহাৰ কৰা শোচালয় সমুহৰো প্ৰকৃত লেতেৰা স্বৰূপ উদঙাই দিয়ে ৷ জংচনটোৰ একাংশ বিভাগীয় কৰ্মচাৰীৰ কামৰ নমুনা দেখি উপস্থিত থকা বিষয়াসকলক ঠকা সৰকা কৰে কমিটিখনৰ প্ৰধান সচিবকে ধৰি আন সদস্য সকলেও ৷

পৰ্যবেক্ষনৰ সময়ত সাংবাদিকৰ সন্মুখত প্ৰধান সচিব গৰাকীয়ে জনায় যে এই সমস্যা সমুহৰ বিষয়ে দিল্লী ৰেলৱে ব'ডক অবগত কৰাৰ লগতে বিভাগীয় একাংশ কৰ্মচাৰী তথা বিষয়াসকলৰ কামৰ নমুনাৰ বিষয়েও অবগত কৰিব যাতে দিল্লী ৰেলৱে ব'ডেও একাংশ দুৰ্নীতি কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে ৷

আৰু পঢ়ক: চাঞ্চল্যকৰ ডকাইতি: প্ৰাক্তন বিধায়ক সহ পত্নী, বোৱাৰী আই চি ইউত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in