ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰৰ "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" পালন...

ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰৰ "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" পালন...

author-image
Asomiya Pratidin
New Update
ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰৰ  "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" পালন...

ডিজিটেল সংবাদ, গুৱাহাটীঃ গৰ্ভাৱস্থাত মহিলাসকলে সন্মুখীন হোৱা জটিল সমস্যা " প্ৰিএক্লেমছিয়া" সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২২ মে' ত পালন কৰা হয় "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" । এনে সমস্যাই গা কৰি উঠিলে গৰ্ভৱতী মহিলাগৰাকীৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে আন অংগ - প্ৰত্যংগৰ ক্ষতি সাধন কৰে।

Advertisment

আনকি এনে সমস্যাই গা কৰি উঠাৰ ফলত বিশ্বত প্ৰতি মিনিটত বহুতো গৰ্ভৱতী মহিলাৰ মৃত্যু পৰ্যন্ত হয়। এনে জটিল সমস্যাৰ পৰা হাত সাৰিবলৈ সোনকালে পৰীক্ষা কৰি ৰোগ নিৰ্ণয় কৰাৰ লগতে এই সম্পৰ্কে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ সম্পৰ্কে অৱগত কৰোৱাৰ উদ্দেশ্যে এই দিৱসৰ আয়োজন কৰি অহা হৈছে ।

এক বিবৃতিত ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ সভাপতি ডা: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ডাঃ জিনা বৰদলৈয়ে কয় যে এই দিৱসৰ জৰিয়তে গৰ্ভধাৰণ কৰিবৰ বাবে প্ৰস্তুত মহিলা, স্বাস্থ্যকৰ্মী আৰু ৰাইজক এই ৰোগৰ পৰা হ'ব পৰা শংকা আৰু কোনবোৰ কাৰণৰ বাবে এই ৰোগ হ'ব পাৰে সেইবিষয়ে সচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ অন্যতম উদ্দেশ্য। এনে সচেতনতা আৰু সজাগতা সৃষ্টিৰে গৰ্ভধাৰণৰ পূৰ্বে নিশ্চিত কৰা, প্ৰাৰম্ভিক পৰ্যায়তে পৰীক্ষা কৰা আৰু এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰা হৈছে।

বিশ্বৰ ৫-৮% গৰ্ভৱতী মহিলাই প্ৰিএক্লেমছিয়াত আক্ৰান্ত হয়। এই ৰোগত প্ৰসূতি আৰু নৱজাতকৰ জটিলতা আৰু মৃত্যুৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। গৰ্ভধাৰণৰ ২০ সপ্তাহ পিছত হঠাতে এনে সমস্যাই গা কৰি উঠিব পাৰে। যদিহে উপযুক্ত চিকিৎসা কৰা নহয় তেতিয়াহ'লে মাতৃ আৰু সন্তানৰ বাবে বিপদ হ'ব পাৰে।

এই ৰোগে গা কৰি উঠিলে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে প্রশ্ৰাৱৰ লগত প্ৰ'টিন ,প্ৰচন্ড মুৰৰ বিষ , দৃষ্টি শক্তি সলনি হয় আৰু পেটৰ ওপৰৰ ফালে বিষ হোৱা আদি লক্ষণে দেখা দিয়ে। যদিহে এনে সমস্যাই দেখা দিয়ে তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে স্বাস্থ্যকৰ্মীৰ সৈতে যোগাযোগ ৰক্ষা কৰিব লাগে।

' বিশ্ব প্ৰিএক্লেমছিয়া দিৱস ' উপলক্ষে ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰে স্বাস্থ্য বৃত্তিৰে জড়িত সকলোৰে লগতে সমাজৰ প্ৰতিগৰাকী লোককে এই সম্পৰ্কে হোৱা শেহতীয়া গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰত হোৱা আধুনিক চিকিৎসা সম্পৰ্কে সম্যক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি প্ৰসূতি মাতৃৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা তেওঁলোকে যাতে উপযুক্ত যতন লাভ কৰিব পাৰে তাৰবাবে গুৰুত্ব আৰোপ কৰিবলৈ আঁচনি প্ৰস্তুত কৰা সকলক ছ'চাইটিয়ে এই দিৱসত আহ্বান জনাইছে।

Also Read: ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি...

press release guwahati