ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি...

ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি...

ডিজিটেল ডেস্কঃ ছত্তিশগড়ত সোমবাৰে সংঘটিত দুর্ভাগ্যজনক পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাৰ বাহপানী গাওঁৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়।

বাহনখনত মুঠ ২৫ জন লোক আছিল। পিকআপ বাহনখনত বৈগা জনজাতীয় লোক আছিল বুলি জানিব পৰা গৈছে । টেণ্ডু পাত ছিঙি বাহনখনেৰে ঘৰলৈ উভতি আহিছিল শ্ৰমিকসকল।

দুর্ঘটনাত ১৩গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাবে আঘাতপ্রাপ্ত তথা চিকিৎসালয়ত ভর্তি কৰোৱা অন্য ১২ গৰাকী লোকৰ ভিতৰত ৬ গৰাকী পাছত মৃত্যু হয়। ঘটনাত মৃত্যু হোৱা ১৯ গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী মহিলা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছায়ে মৃত পৰিয়ালকেইটাক ৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি...
ইৰাণৰ ৰাষ্ট্ৰপতি-বৈদেশিক মন্ত্রীৰ মৃত্যুত ভাৰতত ৰাষ্ট্রীয় শোক পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in