অৱসৰী প্ৰধান শিক্ষক,সমাজকৰ্মী ক্ষীৰোদ গগৈৰ বিয়োগঃ মথুৰাপুৰত শোকৰ ছাঁ

অৱসৰী প্ৰধান শিক্ষক,সমাজকৰ্মী ক্ষীৰোদ গগৈৰ বিয়োগঃ মথুৰাপুৰত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
অৱসৰী প্ৰধান শিক্ষক,সমাজকৰ্মী ক্ষীৰোদ গগৈৰ বিয়োগঃ মথুৰাপুৰত শোকৰ ছাঁ

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকতগাঁৱৰ বাসিন্দা অৱসৰী প্ৰধান শিক্ষক তথা এগৰাকী বিশিষ্ট সমাজকৰ্মী ক্ষীৰোদ গগৈৰ আজি বিয়লি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷

Advertisment

তেওঁ অসম শক্তি উৎপাদন নিগমৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ মডেল স্কুলত শিক্ষকতা কৰি ইয়াৰ প্ৰাথমিক শাখাৰ প্ৰধান শিক্ষক হিচাপে ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে ৷ সৰবৰাহী,অতি অমায়িক ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত মথুৰাপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে থকাৰ লগতে আধ্যাত্মিক আৰু ধৰ্মীয় ক্ষেত্ৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল৷ ইয়াৰ উপৰিও তেওঁ মথুৰাপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

প্ৰয়াত গগৈ বিয়োগত চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা সম্পাদক প্ৰণৱ বৰগোহাঁই গভীৰ শোক প্ৰকাশ কৰিছে ৷ ইয়াৰ উপৰিও মাইবেলা মডেল স্কুল,মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতন,চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্হা, মথুৰাপুৰ ব’হাগী বিদায় উৎসৱ স্থায়ী সমিতি, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা,মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপকে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা, জোৱাই, চিকিৎসক পুত্ৰ বোৱাৰীসহ নাতি নাতিনীক ইহসংসাৰত এৰি থৈ যায়।

Also Read: নগাঁৱৰ চিলঙনিত আৰক্ষীৰ অভিযান : উদ্ধাৰ ১৫ লাখ টকাৰ চুৰি সামগ্ৰী

khirod gogoi expire