/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/wgzsah2o/283.jpg)
ডিজিটেল ডেস্ক : নৱৰং সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ৰাজেন্দ্ৰ নাথ বৰা আৰু নাই। সোমবাৰে সন্ধিয়া প্ৰায় ৮-০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰাই। তেঁওৰ ঘৰ আছিল বিচম বৰা গাঁৱত।
এইখিনিতে উল্লেখ কৰিব পাৰি যে বৰাই প্ৰথমাৱস্থাত বকলিয়াত শিক্ষকতা কৰি ১৯৮৭ চনত শিঙিয়া পোটনি উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিল। ইয়াৰ পাছত ২০১০ চনত একেখন বিদ্যালয়ৰ পৰাই অৱসৰগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/6padw4ru/a72b2548-9726-414e-b061-11fc979f62e1.jpg)
তেঁও একেৰাহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধৱদেৱ পাথৰি আঞ্চলিক শাখাৰ একান্ত সেৱক হোৱাৰ লগতে বিভিন্ন পদত অধিষ্ঠিত আছিল। লগতে বিচম বৰা প্ৰাথমিক শাখাৰ সভাপতি আৰু অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল।
তেঁওৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৰাই পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী আৰু এটি নাতি ইহ সংসাৰত এৰি থৈ যায়।
Also Read: বায়ু প্ৰদূষণ : বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত ভয়ংকৰ তথ্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us