/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/1k5d1mji/download.jpg)
ডিজিটেল ডেস্ক : শীতকালৰ আগমনৰ লগে লগে দেশৰ বিভিন্ন স্থানত বায়ু প্ৰদূষণৰ বিষয়টোও চৰ্চালৈ আহিছে। বিশেষকৈ দেশৰ ৰাজধানী নতুন দিল্লীত বিগত কেইটামান দিনত বায়ু প্ৰদূষণে চিন্তনীয় ৰূপ লৈছে।
তাৰ মাজতে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰতিবেদনত ভয়ংকৰ তথ্য সদৰী কৰিছে। প্ৰতিবেদনত সংস্থাটোৱে উল্লেখ কৰিছে যে বায়ু প্ৰদূষণৰ বাবে বিশ্বত প্ৰতি বছৰে ৮০ লাখ লোকে প্ৰাণ হেৰুৱায়।
ইয়াৰে ৪২ লাখ লোকে বহিঃ বায়ু প্ৰদূষণ আৰু ৩৮ লাখ লোকে আন্তঃ বায়ু প্ৰদূষণৰ বলি হৈ আহিছে। ইয়াৰোপৰি তথ্য অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ভাৰতত বায়ু প্ৰদূষণৰ বাবে দৈনিক ৪৬৪টা শিশুৰ মৃত্যু হৈছে। আনহাতে ২০২১ চনত বায়ু প্ৰদূষণৰ পৰিণতিত ২১ লাখ লোকে প্ৰাণ হেৰুৱাইছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰিছে।