স্বাক্ষৰতা আন্দোলনৰ নেত্রী, বিশিষ্ট সমাজকৰ্মী নিৰণ শইকীয়াৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহ দান, ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি
বিশিষ্ট  সমাজকৰ্মী নিৰণ শইকীয়াৰ মৃত্যু
বিশিষ্ট সমাজকৰ্মী নিৰণ শইকীয়াৰ মৃত্যু

ডিজিটেল সংবাদ,গুৱাহাটীঃ যোৱা ২ জানুৱাৰীত গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ সুপৰিচিত অগ্ৰণী মহিলা নিৰণ শইকীয়াৰ মৃত্যু হয়। ১৯৪৩ চনত তেজপুৰত জন্মগ্ৰহণ কৰা নিৰণ শইকীয়া আছিল উদ্যোমী স্বাধীনমনা মানৱতাবাদী আৰু বিজ্ঞানমনস্কতাৰ প্ৰতি আস্থাশীল নাৰী।

তেজপুৰ ছোৱালী হাইস্কুলৰ পৰা গণিত বিষয়ত লেটাৰসহ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় যদিও ১৯৫৮ চনত তেজপুৰৰ বিহগুৰিৰ বায়ুসেনা বিভাগৰ কৰ্মচাৰী প্ৰয়াত নগেন শইকীয়াৰ লগত বিবাহপাশত আৱদ্ধ হয়। স্বামীৰ কৰ্ম সূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হোৱা সত্বেও ১৯৬৩ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে শিক্ষা অবিহনে মহিলাৰ উন্নতি , সম্ভৱ নহয় বুলি উপলব্ধি কৰিয়েই নিৰক্ষৰ মহিলাসকলক শিক্ষিত আৰু স্বাৱলম্বী কৰিবলৈ যৎপাৰোনাস্তি চেষ্টা কৰিছিল ।

সেই প্ৰচেষ্টাতে পৰৱৰ্তী সময়ত ১৯৯২ চনত গুৱাহাটীৰ গড়চুকৰ পৰা কইনা ধৰালৈ ৩২ খন প্ৰাপ্তবয়স্ক স্কুল স্থাপন কৰি প্ৰায় ১৫০০ মহিলাক স্বাক্ষৰ কৰিছিল। এয়াৰ ফৰ্চৰ মহিলা ক্লাবৰ সম্পাদিকাৰ দায়িত্ব পালন কৰি ১৯৬৪ চনত নিউয়ৰ্কত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মেলাত প্ৰতিনিধি হিচাপেও যোগ দিছিল । প্ৰয়াত শইকীয়াই আশীৰ দশকৰ অসম আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সদা সামাজিক কামত ব্ৰতী দৃঢ়মনা মানুহগৰাকী আছিল বিভিন্ন ক্ষেত্ৰত সংস্কাৰ মুক্ত।

বিজ্ঞানৰ ছাত্ৰী হিচাপে বিজ্ঞান মনস্কতাৰ অধিকাৰী হৈ মৃত্যুৰ পিছত নিজৰ শৰীৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ বাবে ২০০৮ চনতে দান দি থৈছিল ।মানৱতাবাদী আৰু বিজ্ঞানমনস্কতাৰ প্ৰতি সুগভীৰ আস্থাশীল, মানৱহিতৈষী গৰাকীৰ শেষ ইচ্ছা অনুসৰি ৩ জানুৱাৰী মঙলবাৰে তেওঁৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। তাৰ পূৰ্বে তেওঁৰ চকুৰ কৰ্ণিয়া দুজন দৃষ্টিহীন লোকক দৃষ্টি দানৰ উদ্দেশ্যে শংকৰদেৱ নেত্ৰালয়ৰ চকু চিকিৎসকসকলে সংগ্ৰহ কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক প্ৰনবজ্যোতি ডেকাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৈ প্ৰয়াত নিৰণ শইকীয়াৰ মৰণোত্তৰ দেহ মাৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই। ডাঃ বৈশ্যই চমু ভাষণত প্ৰয়াত মানৱহিতৈষী বিজ্ঞানমনস্ক মহিলাগৰাকীৰ মহান কৰ্মৰাজিৰ কথা সুঁৱৰি তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে আৰু মৰণোত্তৰ দেহ দানৰ ক্ষেত্ৰত প্ৰয়াত শইকীয়াৰ পৰিয়াল আৰু ইলোৰা বিজ্ঞান মঞ্চৰ শলাগ লয়।

অধ্যক্ষ ডাঃ বৈশ্য, এনাটমি বিভাগৰ মুৰব্বী ডাঃ সত্যজিত মিত্র, অধীক্ষক ডাঃ অভিজিত শৰ্মা সমন্বিতে বহু শিক্ষক-কৰ্মচাৰী-ছাত্র-ছাত্রী আৰু সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা‍ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, প্ৰয়াত শইকীয়াৰ পুত্র সমন্বিতে পৰিয়ালৰ অন্যান্য সদস্য , ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক প্ৰণৱজ্যোতি ডেকা,অনুপ ৰায়চৌধুৰী,কোষাধ্যক্ষ ড০ বাসুদেব দাস, বীৰেন শৰ্মা, দীপাঞ্জলি দত্ত, সুচিত্রা ৰাভা, অজিত চৌধুৰী,মনোজ ৰায় প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী মহীয়সী নাৰী গৰাকীৰ মৃত দেহত পুষ্প মাল্য অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক নিৰণ শইকীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি স্বনামধন্য সমাজকৰ্মীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in