মোডী ব্ৰিগ্ৰেডত অন্নপূৰ্ণা ইন, স্মৃতি আউট !

গান্ধী পৰিয়ালৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি অহা ইৰাণীক মন্ত্ৰী পদ প্ৰদান কৰা হ'ব বুলি চিন্তা-চৰ্চা হৈছিল ৰাজনৈতিক মহলত...

author-image
Asomiya Pratidin
New Update
মোডী ব্ৰিগ্ৰেডত অন্নপূৰ্ণা ইন, স্মৃতি আউট !

ডিজিটেল ডেস্কঃ পৰাজয়ৰ পিছতো স্মৃতি ইৰাণীক মোডী কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব বুলি আশা কৰা হৈছিল। কিন্তু সদ্য ঘোষিত মোডী 3.o ত উত্তৰ প্ৰদেশৰ মাত্ৰ ১০ গৰাকী সাংসদক অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ ভিতৰত অনুপ্ৰিয়া পেটেল একমাত্ৰ মহিলা সাংসদ।

Advertisment

মোডী চৰকাৰৰ 2.০ত আমেথিৰ পৰা জয়ী হোৱা স্মৃতি ইৰাণীক দলে মন্ত্ৰী পদ প্ৰদান কৰিছিল। এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ কিশোৰী লাল শৰ্মাৰ হাতত ১.৬৬ লাখ ভোটত পৰাস্ত হয় ইৰাণী। এই পৰাজয়ৰ পিছতো দলৰ হৈ গান্ধী পৰিয়ালৰ বিৰুদ্ধে যুঁজ দি অহা ইৰাণীক মন্ত্ৰী পদ প্ৰদান কৰা হ'ব বুলি ৰাজনৈতিক মহলত চিন্তা-চৰ্চা হৈছিল।

উল্লেখ কৰাটো প্ৰয়োজন যে, ৫ জুনত ভংগ হোৱা পূৰ্বৰ মন্ত্ৰী পৰিষদত মুঠ ১০ গৰাকী মহিলা মন্ত্ৰী আছিল। ১৮ সংখ্যক লোকসভাৰ মন্ত্ৰী পৰিষদত স্থান নোপোৱা সকল ক্ৰমে স্মৃতি ইৰাণী, ভাৰতী পাৱাৰ,স্বাধ্বী নিৰঞ্জন জ্যোতি, দৰ্শনা জৰদোশ, মিনাক্ষী লেখী আৰু প্ৰতিমা ভৌমিক। আনহাতে, মোডীৰ নতুন মন্ত্ৰী পৰিষদত মুঠ ৭ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে দুগৰাকীক কেবিনেটত মন্ত্ৰিত্ব প্ৰদান কৰিছে।

ইফালে নতুন পৰিষদত স্থান লাভ কৰিছে পূৰ্বৰ মন্ত্ৰী নিৰ্মলা সীতাৰমন, অন্নপূৰ্ণা দেৱী,অনুপ্ৰিয়া পেটেল,শোভা কৰণ্ডলাজে ,ৰক্ষা নিখিল খডছে,সাবিত্ৰী ঠাকুৰ,নিমুবেন বামভানিয়া। ইয়াৰ মাজত সীতাৰমন আৰু অন্নপূৰ্ণা দেৱীক কেবিনেট মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে।

Also Read: প্ৰথমখন কেবিনেট সামৰি ইটালীলৈ ৰাওনা হ'ব মোডী

Smriti out modis cabinet Smriti Irani