সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ উত্তাল শিৱসাগৰ

খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা হ'বই লাগিব, শুদ্ধ এন আৰ চি প্ৰস্তুত নোহোৱালৈকে সমষ্টি কৰ্তন মানি লোৱা নহব: উজনি অসম সমষ্টি সুৰক্ষা আহ্বায়ক সমিতি
সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ উত্তাল শিৱসাগৰ
সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ উত্তাল শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ উত্তাল শিৱসাগৰ। অসাংবিধানিকভাৱে চৰকাৰ আৰু নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উজনি অসমত সমষ্টি কৰ্তনৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰৰ শিৱদ'ল প্ৰাঙ্গনত "উজনি অসম সমষ্টি সুৰক্ষা আহবায়ক সমিতি"ৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী।

চৰকাৰ আৰু নিৰ্বাচন আয়োগ বিৰোধী প্ৰতিবাদী শ্লোগানেৰে শিৱসাগৰৰ আকাশ-বতাহ কঁপাই তোলা হয়। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগতে জাতি-জনগোষ্ঠীয় সংগঠন সমূহৰ প্ৰতিনিধিসকলে প্ৰতিবাদস্থলীৰ পৰাই এনে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ দিয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই শাসক কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বিৰোধী দলপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক ইচ্ছা পূৰণৰ বাবে অসমৰ জনগণক লৈ হোতালি খেলিছে। কি এনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ল যে পূৰ্বতে যি কেইটা কাৰণত সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ কৰি থোৱা হৈছিল সেইয়া এতিয়া খুলি দিয়া হৈছে। যদি লক্ষ্য কৰা যায় তেন্তে এনে বহু জিলা আছে যিবিলাক জিলাৰ বাসিন্দাই বহু আন্দোলন কৰি জিলা লাভ কৰিছিল আজি সেই জিলা সমূহকো নাইকীয়া কৰি দিয়া হৈছে।

যিহেতু প্ৰশাসনিক সুবিধাৰ বাবে কোন এলেকাৰ লোক কোন মহকুমা অথবা জিলাৰ বাসিন্দা হ'ব সেইয়া ৰাইজৰ দাবীৰ ভিত্তিত প্ৰশাসনে নিৰূপণ কৰিব। কিন্তু সাম্প্ৰতিক সময়ত ৰাজনৈতিক সুবিধাৰ বাবে সম্পূৰ্ণ অসাংবিধানিক ভাৱে বিজেপি চৰকাৰে ১৪ খন জিলাৰ সীমা সলনি কৰি দিছে, ৪ খন জিলা বিলুপ্তি কৰিছে লগতে কৰিছে সমষ্টি কৰ্তন।

চৰকাৰখনৰ এনে অসাংবিধানিক কৰ্মৰ বিৰুদ্ধে সম্প্ৰতি সমগ্ৰ উজনি অসমতে ইয়াৰ প্ৰতিবাদ হৈছে। আজিৰ এই প্ৰতিবাদত উজনি অসমৰ এগৰাকী ভোটাৰ হোৱাৰ লগতে কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছোঁ। এই আন্দোলনক আগুৱাই নিবৰ বাবে কংগ্ৰেছ দলে সহযোগিতা আগবঢ়োৱাৰ লগতে কংগ্ৰেছে নিজা ববীয়াকৈয়েও আন্দোলন গঢ়ি তুলিব বুলি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰকাশ কৰে।

ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰনজিৎ তামুলীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়ল অনুসৰি যি মধ্যৱৰ্তী সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে সি বিধিসন্মত সন্মত নহয় । সমষ্টিৰ পুনৰ গঠনৰ কাম সদায় শেহতীয়া লোকপিয়লৰ ভিত্তিত হ'ব লাগে। যিহেতু ২০২৬ত সমগ্ৰ ভাৰততে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব অসমতো তেতিয়াই হ'ব লাগে।

চৰকাৰে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সুবিধা কৰি সমষ্টি নিৰ্ধাৰণ কৰিব খুজিছে তাৰ ফলত উজনি অসমৰ ৩ টা বিধানসভা সমষ্টি কৰ্তন হ'ব আৰু তাৰ ফলত উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হ'ব । ইয়াৰোপৰি বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ গুৰু দায়িত্ব বহনকাৰী জনগোষ্ঠীয় লোক প্ৰকৃত প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হ'ব । সেয়ে এখন শুদ্ধ এন আৰু চি প্ৰস্তুত কৰাৰ পিছতহে সমষ্টি পুনৰ্গঠনৰ কাম কৰা উচিত বুলি প্ৰকাশ কৰাৰ লগতে উজনি অসমৰ সমষ্টিৰ কৰ্তন কেতিয়াও মানি লোৱা নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

চি পি আই নেতা কনক গগৈয়ে সমষ্টি কৰ্তনৰ সন্দৰ্ভত চিপিআইৰ স্থিতি স্পষ্ট কৰি কয় যে আজি এক অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই ঐতিহাসিক শিৱসাগৰ চহৰৰ শিৱদ'লৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীত ঐক্যবদ্ধ হৈছোঁ। কিয়নো চৰকাৰৰ পৰামৰ্শমতেই নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰিবলৈ জাননী জাৰি কৰিছে। যাৰ ফলশ্ৰুতিত অসমৰ খিলঞ্জীয়ালোকৰ বসতিস্থলৰ এক বৃহৎ অঞ্চলৰ পৰা তিনিটাকৈ বিধানসভা সমষ্টি বিলুপ্তি ঘটাই ৰাজনৈতিক , সামাজিক আৰু অৰ্থনৈতিক ভাৱে চৰকাৰে খিলঞ্জীয়া লোকক বঞ্চিত কৰিব বিচাৰিছে।

সেয়ে এই ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচীত চি পি আইয়ে পূৰ্ণ সহযোগিতাৰে অংশগ্ৰহণ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে গগৈয়ে আৰু কয় যে যদিও এইয়া সাংবিধানিক এখন শুদ্ধ এন আৰ চি বুলি কোৱা হৈছে তথাপিও সমগ্ৰ দেশজুৰি ২০২৬ চনত হ’ব লগা সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ সময়তহে অসমতো একেলগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ হ'ব লাগিব। চৰকাৰে সম্পূৰ্ণ স্বৈৰতান্ত্ৰিক ভাৱে কোনো দল সংগঠন আনকি বিধানসভাতো এই গুৰুত্বপূৰ্ণ বিষয়টোৰ আলোচনাৰ যে প্ৰয়োজনীয়তা আছে ইয়াক উপলব্ধি নকৰি হঠাতে চাৰিখনকৈ জিলাক বাতিল কৰি স্বৈৰাতন্ত্ৰৰ পৰিচয় দিছে ৷

বিগত ২০০৭ চনৰ পৰা চি পি আইয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু বিজেপি কংগ্ৰেছ এ জি পি এ জি পি (প্ৰগতিশীল) এন চি পি আদি দল সমূহেও বিৰোধিতা কৰিছিল গতিকে বিজেপিৰ নেতাসকলকো এই সম্পৰ্কে সোঁৱৰাই দিয়া হৈছে যে শীঘ্ৰে চৰকাৰে এনে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বাতিল কৰিব লাগিব। অন্যথা এই বৃহৎ অঞ্চলৰ জনগণে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰৰ এই ন্যস্তস্বাৰ্থক প্ৰতিহত কৰিবলৈ প্ৰস্তুত হ'ব বুলি কনক গগৈয়ে নিজৰ ভাষণত উল্লেখ কৰে।

আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে শাসক চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ নামত উজনি অসমৰ সমষ্টি কৰ্তনৰ যি ব্যৱস্থা হাতত লৈছে ইয়াত শাসক বিজেপি চৰকাৰখনৰ এক হীডেন এজেণ্ডা আছে। চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ। উজনি অসমৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চলৰ সমষ্টি কৰ্তন কৰি উজনি অসমৰ ৰাইজক ৰাজনৈতিক ভাৱে সংকুচিত কৰাৰ যি পৰিকল্পনা চৰকাৰখনে গ্ৰহণ কৰিছে ইয়াৰ বিৰুদ্ধে আমি যুজঁ দিবলৈ প্ৰস্তুত হৈছো। চৰকাৰৰ মুৰব্বীয়ে কৈছে যে এই ব্যৱস্থা খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কৰা হৈছে।

আগন্তুক ২০ বছৰৰ বাবে খিলঞ্জীয়া সুৰক্ষিত হ'ব। কিন্তু চৰকাৰৰ এই যুক্তি আমি মানি নলওঁ। এইখন অসমত খিলঞ্জীয়াৰ অধিকাৰ অনন্ত কাললৈ থাকিব লাগিব। এই ক্ষেত্ৰত অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰক বুলি বসন্ত গগৈয়ে প্ৰকাশ কৰে। আহোম সেনাৰ নেতা অংকুৰণ ফুকনে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ যি প্ৰক্ৰিয়া হাতত লৈছে এই প্ৰক্ৰিয়াটোত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। ৰাজ্য চৰকাৰখনে এই প্ৰক্ৰিয়াৰ জড়িয়তে খিলঞ্জীয়া ৰাইজক ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ লগতে নেতা গৰাকীয়ে কয় যে যিকোনো ত্যাগৰ বিনিময়ত উজনি অসমৰ পৰা এটাও সমষ্টি হ্ৰাস কৰিব দিয়া নহ'ব বুলি শাসক চৰকাৰখনক সকীয়াই দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ নেতা প্ৰদীপ বৰগোঁহাই, গোবিন ফুকন, অধিবক্তা বিদ্যুত গগৈ, চিতু বৰুৱা, দেৱজিৎ দত্ত, অসম ছাত্ৰ যুৱ সন্মিলনীৰ নেতা জিন্টু মেচ, অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈ আদিয়ে উজনি অসমৰ সমষ্টি কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰেই নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।

প্ৰতিবাদস্থলীৰ পৰাই ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ সমষ্টি কৰ্তন প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। উক্ত স্মাৰক পত্ৰত উল্লেখ কৰি কয় যে ২০২৬ চনত সমগ্ৰ ভাৰতত নতুন লোকপিয়লৰ ভিত্তিত এক সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।তেনে স্থলত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ এক অবান্তৰ বিষয়। অসমত এখন শুদ্ধ এনআৰচিৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। এই কাম সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ এক অযুক্তিকৰ বিষয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰে।

ইয়াৰোপৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ মাজত সমষ্টি পুনৰ নিৰ্ধাৰণে উক্ত জনগোষ্ঠীৰ লোক সকলৰ অধিকাৰত বাধা প্ৰদান কৰিব বুলিও উনুকিয়াই দিয়ে।ইয়াৰ সমান্তৰালভাৱে উজনি অসম হৈছে অসমৰ বহু ভূমিপুত্ৰ জাতি-জনগোষ্ঠীৰ বাসস্থান।এইদৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এই সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব বিচৰা হৈছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in