/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7ac54fb0-2539-4c37-ac6d-b037333023e1/pmk.jpg)
ক্ষুদ্ৰ জলসিঞ্চন বিষয়ক সজাগতা সভাৰ আয়োজন
ডিজিটেল সংবাদ, মিৰ্জাঃ কৃষিখণ্ডৰ উন্নয়নৰ হকে কেন্দ্ৰীয় চৰকাৰে বহু অভিলাষী আচঁনি গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, চমুকৈ পি এম কে এছ ৱাই (PMKSY) ইয়াৰে উজ্জ্বল নিদৰ্শন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4445e40b-777b-4c71-a9d9-fa411e276669/3bea7b7d_7b69_4a54_b54e_be470862f8a8.jpg)
পি এম কে এছ ৱাই (PMKSY) আচঁনি সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে মিৰ্জা কৃষি উন্নয়ন খণ্ডৰ আমৰংগা গাঁৱত বৃহস্পতিবাৰে এখনি সভাৰ আয়োজন কৰা হয়। চৰকাৰৰ "পাৰ ড্ৰপছ, মʼৰ ক্ৰপছ" নীতিৰে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা সভাখনত মিৰ্জা কৃষি উন্নয়ন বিষয়া কল্যাণ শৰ্মা, পি এম কে এছ ৱাই আচঁনিৰ টেকনʼলʼজী কাৰ্যবাহী ৰাণা দাস, জৈন ইৰিগেচন প্ৰাইভেট লিমিটেডৰ অভিযন্তা চৈয়দ তথা কৃষি সম্প্ৰসাৰণ সহায়ক মহিতোষ দাস উপস্থিত থাকে।
আমৰংগাৰ শিক্ষক ভৱনত আয়োজন কৰা সভাখনত অঞ্চলটোৰ প্ৰায় ৬০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে। উক্ত সভাখনত চৰকাৰৰ অন্যান্য আচঁনি যেনে ধান ক্ৰয় কেন্দ্ৰ, পি এম কিষান, আৰ কে ভি ৱাই ইত্যাদি আচঁনিৰ বিষয়েও আলোচনা কৰা হয়।