কৃষ্ণাইৰ পাছত এইবাৰ পাল আগিয়াৰঃ গোৱালপাৰাত পুনৰ বন ধ্বংসযজ্ঞ...

কৃষ্ণাইৰ পাছত এইবাৰ পাল আগিয়াৰঃ গোৱালপাৰাত পুনৰ বন ধ্বংসযজ্ঞ...

ডিজিটেল ডেস্কঃ কৃষ্ণাইৰ পাছত এইবাৰ আগিয়াৰ পাল। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ কৃষ্ণাইত বনবিভাগে পথ সম্প্ৰসাৰণৰ নামত হাজাৰ-হাজাৰ শালগছ কাটি তহিলং কৰাৰ পাছত এইবাৰ একেখন জিলাৰে আগিয়াত হাজাৰ-হাজাৰ শালগছ কাটিছে বন বিভাগে।

গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আগিয়াৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ নামত এই শালগছসমূহ কাটিছে বনবিভাগে। উক্ত পথত থকা প্ৰায় ৫০-৬০ বছৰ পুৰণি প্রকাণ্ড প্রকাণ্ড শালগছ কাটি তহিলং কৰিছে বিভাগটোৱে।

বন বিভাগৰ এই কাৰ্যত ক্ষোভ প্রকাশ স্থানীয় ৰাইজৰ লগতে ৰাজ্যৰ প্রকৃতিপ্রেমী সংগঠনৰ। গোৱালপাৰাত ইটোৰ পাছত সিটো বন ধ্বংসযজ্ঞ কাৰ্যক ধিক্কাৰ জনাইছে প্রকৃতিপ্রেমীয়ে।

কৃষ্ণাইৰ পাছত এইবাৰ পাল আগিয়াৰঃ গোৱালপাৰাত পুনৰ বন ধ্বংসযজ্ঞ...
অৱশেষত দলৰ পৰা নিলম্বিত হ'ল বিজেপি নেতা লাচিত গগৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in