বকোত পাঁচ শতাধিক শিক্ষাৰ্থীয়ে চৰণ স্পৰ্শ কৰিলে মাতৃৰ...

বকোত পাঁচ শতাধিক শিক্ষাৰ্থীয়ে চৰণ স্পৰ্শ কৰিলে মাতৃৰ...
বকোত পাঁচ শতাধিক শিক্ষাৰ্থীয়ে চৰণ স্পৰ্শ কৰিলে মাতৃৰ...

ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত শনিবাৰে পাঁচ শতাধিক শিক্ষাৰ্থীয়ে নিজৰ নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰি ' মাতৃ পূজন ' কাৰ্যসূচী ৰূপায়ন কৰে। অসম শিশু শিক্ষা সমিতিৰ 'মাতৃ পূজন' নামৰ এক আধ্যাত্মিক কাৰ্যসূচীৰ আজি ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাকুৱাপাৰাগাঁৱত অৱস্থিত ডাকুৱাপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত পালন কৰা হয় ।

ৰাতিপুৱা প্ৰায় ৯ বজাত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি আৰ্পণ কৰাৰ পিছতে নিকেতনখনত অধ্যয়ন কৰা পাঁচ শতাধিক শিক্ষাৰ্থীয়ে নিজৰ নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে । শিক্ষাৰ্থীসকলে নিজৰ নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰাৰ উপৰিও ভৰি ধুৱাই দিয়া, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে মিঠাই খুৱাই দিয়ে ।

আনহাতে মাতৃসকলেও নিজ নিজ সন্তানক বুকুত সাৱটি লৈ মৰম-স্নেহ কৰে । ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে নিকেতনখনৰ শিক্ষক-শিক্ষয়িত্ৰীকো সেৱা জনাই শ্ৰদ্ধা-ভক্তি নিবেদন কৰে ।

ফলত শিক্ষক-শিক্ষাৰ্থী আৰু মাতৃৰ মাজত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ পিছতে ডাকুৱাপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মাতৃগোটৰ সভানেত্ৰী সান্ত্বনা বড়োৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।

নিকেতনখনৰ উপ-প্ৰধান দুলাল দাসে উদ্দেশ্য বাখ্যা কৰি অসম শিশু শিক্ষা সমিতিয়ে গ্ৰহণ কৰা 'মাতৃ পূজন' কাৰ্যসূচীৰ জৰিয়তে সন্তান-সন্ততিৰ পৰা পিতৃ-মাতৃয়ে কোনো দিনে অপেক্ষিত নহ'ব বুলি আশা প্ৰকাশ কৰে । লগতে অসম শিশু শিক্ষা সমিতিয়ে গ্ৰহণ কৰা এই মাতৃ পূজন কাৰ্যসূচী বকো সংকুলৰ ১৩খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভিতৰত ডাকুৱাপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনে প্ৰথমে ৰূপায়ন কৰা বুলি দাবী কৰে ।

সভাখনত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম শংকৰদেৱ শিশু বিদ্যা নিকেতন গুৱাহাটী শিশু কুঞ্জৰ প্ৰধান কমলা গোস্বামীয়ে দেশ আৰু জাতি গঢ়াৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা সম্পৰ্কে বিস্তৃতকৈ বাখ্যা কৰে । বিভিন্ন ক্ষেত্ৰত উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিগণিত নাৰী জয়মতী, কনকলতা , মাদাৰ টেৰেছা আদিকে ধৰি বিভিন্ন নাৰীৰ অৱদানৰ বিষয়েও প্ৰধানগৰাকীয়ে বাখ্যা কৰে ।

অসম শিশু শিক্ষা সমিতিৰ অধীনত থকা শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত শিক্ষাৰ্থীক চিকিৎসক, অভিযন্তা, শিক্ষক আদি হোৱাৰ শিক্ষা দিয়াৰ লগতে ভাল মানুহ হ'বলৈও শিক্ষা দিয়া হয় বুলি কয় । সভাখনত ডাকুৱাপাৰা শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ ৰাভা , প্ৰধান বিজন কুমাৰ ৰাভকে ধৰি বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । সভাত মাতৃ গোটৰ সহকাৰী সম্পাদিকা দুলুমণি কলিতাই শলাগৰ শৰাই আগবঢ়ায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in