নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন...

নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন...
নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন...

ডিজিটেল সংবাদ তিনিচুকীয়া: তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ একালৰ সহকাৰী সম্পাদক, কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন আছুনেতা তথা নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষ্যে আজি কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । ইয়াৰ সমান্তৰালকৈ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কাকপথাৰ প্ৰেছ ক্লাবে কাকপথাৰ চহৰৰ মাজমজিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ সভাপতি নিৰ্মল বৰা, আছুনেতা অতুল বৰা আৰু কৃৰ্তী শিক্ষয়িত্ৰী কুসুমপ্ৰভা বুঢ়াগোহাঁইয়ে ৷ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সহধৰ্ম্মিণী প্ৰিন্সমণি ভূঞাই ৷

ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিয়লি অনুষ্ঠিত বঁটা বিতৰণী আৰু স্মৃতিচাৰণ সভাত কেইবাজনো বক্তাই সাংবাদিকগৰাকীৰ ৰাজহুৱা জীৱনৰ আলোকপাত কৰে ৷

সন্ধিয়ালৈ আছু আৰু প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্তই আৰু পুষ্পঞ্জলী অৰ্পণ কৰে আছু নেতা কনচেং গগৈয়ে ৷ অনুষ্ঠানটোত আছু, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, আটছা, কলিতা জনগোষ্ঠী মহিলা পৰিষদ আদি বহুকেইটা দল-সংগঠনৰ প্ৰতিনিধিয়ে প্ৰয়াত সাংবাদিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অনুষ্ঠানটোৰ আঁত ধৰে কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল কলিতাই । স্মৰ্তব্য যে, বিগত ২০২০ বৰ্ষৰ ১১ নৱেম্বৰত কাকপথাৰ আৰক্ষী থানাৰ নিচেই কাষতে থকা সাংবাদিকগৰাকীৰ ঘৰৰ সন্মুখত এখন তীব্ৰবেগী বাহনে সাংবাদিকগৰাকীক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল ৷

অৱশেষত ১২ নৱেম্বৰত ডিব্ৰুগড়ৰৰ এখন নাৰ্চিংহোমত সাংবাদিকগৰাকীৰ মৃত্যু হয় ৷ সেই সময়ত অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সাংবাদিকগৰাকীৰ ৰহস্যজনক দুৰ্ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ হৈছিল আৰু ৰাজ্য চৰকাৰে দুৰ্ঘটনাটোৰ তদন্ত চি আই ডিৰ ওপৰত ন্যস্ত কৰিছিল যদিও আজি দুটা বছৰে ঘটনাটোৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহ'ল ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in