/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ac678dd2-623b-4f76-b99b-e3257dda7aab/11.jpg)
ডিজিটেল সংবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ গোৱালঝাৰত বুধবাৰে পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা ইন্দ্ৰকান্ত শৰ্মা নামৰ লোকজনৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ঘটনাৰ বিৱৰনী মতে ছিপাঝাৰৰ গোৱালঝাৰৰ শশাংক শৰ্মা (৩৩) নামৰ উদণ্ড যুৱকজনে বুধবাৰে পুৱা ঘৰত চাহ নিদিয়াৰ বাবেই খঙত অগ্নি শৰ্মা হৈ পিতৃ-মাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল।
পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা দম্পতি ইন্দ্ৰকান্ত শৰ্মা আৰু লতা দেৱীক প্ৰথমে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল। পাছত ইন্দ্ৰকান্ত শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে নিশা তেওঁৰ মৃত্যু হয়।
ইফালে এই জঘন্য ঘটনা সংঘটিত কৰিয়েই যুৱকজনে ছিপাঝাৰ থানাত আত্মসমৰ্পণ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই যুৱকজন দিনে-নিশাই মদ, ভাং আদিত আসক্ত হৈ থাকে। নিচাসক্ত হৈয়েই যুৱকজনে এনে জঘন্য ঘটনা সংঘটিত কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।