/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1dc3150e-5a6c-4def-8fd9-31779948e101/singia.jpg)
পঞ্চায়ত সচিবৰ ইচ্ছাই আইন ! মনেসজা তথ্যৰে দৰিদ্ৰক শোষণৰ ফন্দি ফাদিল...
ডিজিটেল সংবাদ ঢকুৱাখনা: তথ্য জনাৰ আইন-২০০৫ৰ প্ৰকাশ্যে উলংঘা কৰি ঢকুৱাখনা উন্নয়ন খণ্ডৰ শিঙিয়া গাঁও পঞ্চায়তৰ দাম্ভিক সচিব জয়ন্ত পেগুৱে চলোৱা বেপৰোৱা স্থিতিৰ ক'লা অধ্যায় "অসমীয়া প্ৰতিদিন ডিজিটেল'ত ইতিমধ্যে প্ৰকাশ হৈছে। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়নখণ্ডৰ শিঙিয়া পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডৰ ইন্দিৰা আৱাস যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ সন্দৰ্ভত তথ্য বিচাৰি এগৰাকী দৰিদ্ৰ জ্যোতি প্ৰসাদ হাজৰিকাই বিচৰা তথ্য বিগত ৫ মাহে যোগান নধৰি আইনখনকে ভেঙুচালি কৰা সচিবগৰাকীৰ অন্য এক ক'লা অধ্যায় তদন্ত কালত পোহৰলৈ আহিছে।
দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি জ্যোতি প্ৰসাদ হাজৰিকাই বিচৰা তথ্য আৰ টি আই আইনৰ নিৰ্ধাৰিত সময় উকলাৰ পাছতো যোগান নধৰাৰ উপৰিও নিজৰ বি পি এল কাৰ্ডসহ উক্ত আৰ টি আই আবেদন জমা কৰাৰ পাছতো এতিয়া সচিবজনে আবেদনকাৰীক তীব্ৰ মানসিক আৰু আৰ্থিক হেঁচা প্ৰয়োগ কৰি বিচৰা তথ্য যোগান ধৰিবলৈ আবেদনকাৰীক ৫ হাজাৰ ২০২ টকা মাচুল জমা দিয়াৰ বাবে দিয়া এক অদ্ভুত জাননী "অসমীয়া প্ৰতিদিন"ৰ হাতলৈ আহিছে।
সচিবজনে খেয়াল খুচি মতে যোৱা ২৩ ডিচেম্বৰত আৰ টি আই/ এছ এন জি পি/২০২১-২০২২-২ নং এক পত্ৰ যোগে আবেদনকাৰীক উক্ত মাচুল নীতি বৰ্হিভূত ভাবে জমা দিবলৈ প্ৰেৰণ কৰিছে উক্ত অদ্ভূত জাননী। আৰ টি আইৰ নীতি নিৰ্দেশনা মতে আইনে বান্ধি দিয়া নিৰ্ধাৰিত ম্যাদ উকলিলে আৰু বি পি এল কাৰ্ড যুক্ত আবেদনকাৰী হটলে এনে মাচুল আদায় দিব নালাগে ।
কিন্তু জন প্ৰতিনিধিৰ পৰা সচিবলৈকে সকলো পক্ষৰ অনিয়ম দুৰ্নীতি জড়িত থকা বিচৰা তথ্য গাপ দিবলৈ এইজন সচিবে এনে মাচুলৰ অহেতুক বোজা জাপি দি দৰিদ্ৰ আবেদনকাৰী জনক মানসিক নিৰ্যাতন চলোৱায়েই নহয় এক প্ৰকাৰৰ ব্লেক মেইলিং কৰাতো নামি পৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি ৱাৰ্ডটোত বিভাগীয় জৰীপ অনুসৰি বি পি এল আৰু এ পি এল পৰিয়াল মিলাই মাত্ৰ ২৩৮ টাহে পৰিয়াল আছে ।
কিন্তু সচিবজনে ৱাৰ্ডটোত মুঠ ৪৯৮ টা পৰিয়াল থকা বুলি অতিৰিক্ত ,অদ্ভুত আৰু মনেসজা সংখ্যা আবেদনকাৰীলৈ প্ৰেৰিত পত্ৰত উল্লেখ কৰি ইয়াৰ বিনিময়ত বিভিন্ন খৰছ হোৱাৰ অজুহাত দেখুৱাই দাবী কৰিছে উক্ত বৃহৎ পৰিমাণৰ মাচুল। উত্থাপিত অভিযোগ মতে পঞ্চায়তখনত সংঘটিত সীমাহীন অনিয়ম ফাদিল হোৱাৰ ভয়ত ত্ৰস্তমান সচিবজনে এনে মনে সজা, মিছা তথ্য সন্নিবিষ্ট কৰি দৰিদ্ৰ আবেদনকাৰী জনক প্ৰকাশ্যে মানসিক আক্ৰমণ চলাই কাবু কৰাৰ নিকৃষ্ট কৌশল গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/488cce71-b322-4582-aa14-ad3effdc0c98/f30af3d1_2af3_482d_8a30_5e71a8aecfff.jpg)
এগৰাকী পঞ্চায়ত সচিবে এখন গুৰুত্বপূৰ্ণ আইন পদপিষ্ট কৰি সংঘটিত কৰা দুষ্কাৰ্য আৰু মনে সজা তথ্যকে সন্নিবিষ্ট কৰা কথা জানি শুনি দেখিও সকলো দায়িত্বশীল পক্ষই মৰ টোপনি মৰাহে ঢকুৱাখনাৰ সচেতন মহলে প্ৰত্যক্ষ কৰিছে । কেৱল আইনখনৰ নীতি নিৰ্দেশনা অমান্য কৰিয়ে নহয় ,দৰিদ্ৰ আবেদনকাৰী হোৱাৰ বাবেই ভুৱা, মিছলিয়া তথ্যৰ বিপৰীতে মাচুল সংগ্ৰহ কৰি পুনৰ আৰ্থিক ভাৱে শোষণ কৰিব বিচৰা সচিবৰ নিকৃষ্ট মানসিকতা সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত , মহকুমাধিপতি অৰিন্দম বৰুৱাৰ জ্ঞাত হোৱাৰ পাছতো কোনো ধৰণৰ আইন সংগত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আজি পৰ্যন্ত।
ন্যায়কামীক ন্যায় প্ৰদানৰ বিপৰীতে এনেবোৰ দায়িত্বশীল প্ৰশাসনিক বিষয়াৰো আইন অমান্যকাৰীৰ প্ৰতি বিশেষ দৰদ, দুৰ্বল,পক্ষপাতদুষ্ট আৰু বেপৰোৱা নীতিৰ বাবে নিজৰ ইচ্ছাকে আইন সাজি উৰ্ধবাহু নৃত্য চলোৱাত নামি পৰিছে অবিবেচক সচিবজন।
পঞ্চায়তখনত সংঘটিত পৰ্বতসম অনিয়ম ঢাকিবলৈ গৈ এইগৰাকী সচিবে আৰ টি আই আইনকে আঙ্গুষ্ঠ প্রদর্শন কৰিবলৈ ধৃষ্টতা কৰা কাৰ্যৰ লগতে সচিব উদ্ধাৰ অভিযানত শেহতীয়া ভাৱে এগৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি নামি পৰাৰো প্ৰামানিক তথ্য সমৃদ্ধ কাৰচাজি পৰৱৰ্তী সময়ত ফাদিল কৰা হ'ব।
ক্লিক কৰি পঢ়কঃ বিলাসীপাৰাৰ উৎপাদিত হাজাৰ হাজাৰ টন কেচাঁ জলকীয়া দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us