বিলাসীপাৰাৰ উৎপাদিত হাজাৰ হাজাৰ টন কেচাঁ জলকীয়া দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি...

বিলাসীপাৰাৰ উৎপাদিত হাজাৰ হাজাৰ টন কেচাঁ জলকীয়া দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাৰ উৎপাদিত হাজাৰ হাজাৰ টন কেচাঁ জলকীয়া দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি...

বিলাসীপাৰাৰ উৎপাদিত হাজাৰ হাজাৰ টন কেচাঁ জলকীয়া দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি

ডিজিটেল সংবাদ ধুবুৰীঃ পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো ধুবুৰীৰ বিলাসীপাৰাত জলকীয়া বজাৰত কেচাঁ জলকীয়াৰ যথেষ্ট আমদানি পৰিলক্ষিত হৈছে । উল্লেখ্য যে প্ৰতিবছৰত জানুৱাৰী মাহৰ পৰা নিতৌ সন্ধিয়া আৰম্ভ হোৱা বজাৰখনত চৰ অঞ্চলৰ পৰা বিভিন্ন বাহনৰে কৃষকসকলে পুৱতি নিশালৈকে কেচাঁ জলকীয়া আমদানি কৰে ।

Advertisment

এই কৃষিজাত সামগ্ৰীসমূহ স্থানীয় ব্যবসায়ীয়ে ক্ৰয় কৰি পশ্চিমবংগৰ শিমলুগুৰি, কলিকাতা, বিহাৰ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, গুজৰাট, আদিকে ধৰি দেশৰ বিভিন্ন ঠাইলৈ প্ৰায় তিনি হাজাৰ টন কেচাঁ জলকীয়া ৰপ্তানি কৰা হৈছে। কৃষকসকলৰ বাবে উন্নত বজাৰ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ লগতে কৃষি বিভাগৰ সহযোগত ফাৰ্মাচ প্ৰডিউচাৰ অৰ্গানাইজেচন (Farmers Producer Organization) নামৰ সংস্থা গঠন কৰা হৈছে ।

সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ লগতে সংন্থাটোৱে কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে । বিভাগীয়ভাৱে কৃষকসকলক কেঁচা সাৰ উৎপাদনৰ বাবে বিশেষ মোনাও বিতৰণ কৰি থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে সংস্থাটোৱে যোৱা বছৰ জিলাখনৰ উৎপাদিত কৃষিজাত সামগ্ৰী ডুবাই লৈ প্ৰেৰণ কৰিছিল । কিন্তুু বিদেশত কেৱল জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰহে চাহিদা অধিক । সেয়েহে সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ লগতে সংন্থাটোৱে স্থানীয় কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

আনহাতে বৃহত্তৰ বিলাসীপাৰাৰ চৰাঞ্চলত অতিকৈ বৰষুণৰ ফলত এই বছৰ কেঁচা জলকীয়াৰ উৎপাদন তুলনামূলকভাবে কম হোৱা পৰিলক্ষিত হৈছে। কৃষকসকলে উৎপাদিত কেঁচা জলকীয়াৰ বজাৰ মূল্য কম হোৱাত কৃষকসকল বিপাঙত পৰাৰ লগতে সাংবাদিকৰ আগতে অসন্তুষ্টি প্ৰকাশ কৰিছে।

ক্লিক কৰি পঢ়কঃ মগনিয়াৰ বাবে অভিশাপ 'শীত' ! পুনৰ লামডিঙত শীতৰ প্ৰকোপত প্ৰাণ এৰিলে এগৰাকী মহিলাই...

বিলাসীপাৰা জলকীয়া বজাৰ