![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/07/mPpnASgUp3w1PtU2bh9K.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ: মিচিং জনগোষ্ঠীৰ অন্যতম বংশাৱলী 'কাৰ্দং বংশাৱলী'ৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি অব্যাহত। অনুষ্ঠানটিৰ আয়োজনৰ বিষয়ে আলোচনাৰ বাবে ৫ জানুৱাৰীত চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লহৰাম খুঁটি গাঁৱত কেন্দ্ৰীয় সমিতি আৰু অসম-অৰুণাচল প্ৰদেশত বসবাস কৰা ১০ খন আঞ্চলিকৰ সভাপতি-সম্পাদক আৰু চিলাপথাৰ আঞ্চলিকৰ ৰাইজৰ অংশ গ্ৰহণেৰে এখনি সভা অনুষ্ঠিত হয়।
কেন্দ্ৰীয় সমিতিৰ স্থায়ী সভাপতি লালচন্দ্ৰ কাৰ্দঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বংশাৱলীৰ আয়োজনৰ অগ্ৰগতিৰ সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয়ৰ বাবে পৰিয়ালৰ দান বৰঙণিৰে ভূমি ক্ৰয় কৰাৰ হিচাব দাখিল কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নবীন চন্দ্ৰ কাৰ্দঙে। হিচাবৰ এই খতিয়ান সদনেও অনুমোদন জনায়৷
সভাত আগন্তুক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ইংৰাজী ৫,৬ আৰু ৭ ফেব্ৰুৱাৰীৰ তাৰিখ নিৰ্ধাৰণ কৰে। বিশাল অনুষ্ঠানখনৰ বাবে মুঠ ৩০,০০০০০ ( ত্ৰিশ লাখ) টকাৰ বাজেটত অনুমোদন জনৱা হয় । সভাত সৰ্বসন্মতি ক্ৰমে উদযাপন সমিতিৰ মূল সমিতিত ক্ৰমে দ্ৰোণ কাৰ্দঙক সভাপতি,ভদ্ৰ কাৰ্দঙক কাৰ্যকৰী সভাপতি, বিলাস কাৰ্দং আৰু বিদ্যা কাৰ্দংক উপ-সভাপতি,অমৃত কাৰ্দঙক সাধাৰণ সম্পাদক,ৰোহিত কাৰ্দং আৰু ৰঞ্জিত কাৰ্দঙক সহকাৰী সাধাৰণ সম্পাদক; যুগল,জগন্নাথ,গমেশ্ব আৰু যুগান্ত কাৰ্দং,ধনকুমাৰ আৰু জিতেন কাৰ্দং প্ৰচাৰ সম্পাদক,কিশোৰ কাৰ্দঙক কোষাধ্যক্ষ হিচাপে লৈ মুঠ ৫১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰে আৰু এখন ২০ জনীয়া উপ সমিতি সদনে অনুমোদন জনায়৷
সভাত বলেশ্বৰ কাৰ্দং,ডাঃ জ্ঞানেন্দ্ৰ কাৰ্দং,ডাঃ যুগান্ত কাৰ্দং,নামেশ্বৰ কাৰ্দং,ৰহেন কাৰ্দং,মুহিকান্ত,গণেশ কাৰ্দং,সৰ্বেশ্বৰ কাৰ্দং,টুকিধৰ কাৰ্দং,কুমাৰ কাৰ্দং,সুভাষ কাৰ্দং,বিষ্ণু কাৰ্দং,বিমান কাৰ্দং,বগামূল কাৰ্দং,সুভদ্ৰা কাৰ্দং,মালতী কাৰ্দং আদি বিশিষ্ট ব্যক্তি সকলে ৰূপালী জয়ন্তী উদযাপনৰ বাবে প্ৰয়োজনীয় আৰ্থিক সহযোগিতাৰ আশ্বাসেৰে সাৰুৱা বক্তব্য ৰাখে৷
সভাস্থলীৰ পৰা স্থানীয় শিল্পী বৃন্দই ঢোল-দগৰে সকলোকে আদৰি আনি "ৰূপালী জয়ন্তী"ৰ লাইখুঁটা দঃঞি-পঃল’ক সাক্ষী কৰি কোনো অপায়-অমঙ্গল নহ'বৰ স্থাপন কৰা হয়৷ বিশাল আয়োজন সফল কৰি তুলিবলৈ কাৰ্দং অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নবীন চন্দ্ৰ কাৰ্দং আৰু উদযাপন সমিতিৰ সম্পাদক অমৃত কাৰ্দঙে গোহাৰী জনাইছে।