/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b80ed03f-6234-4904-9c2c-d58607f6840e/14.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ উত্তৰ হাহাৰা নকুছি আঞ্চলিক ব'হাগী সন্মিলনে চলিত বৰ্ষত ২৫টাকৈ বৰ্ষ গৰকিলে। তদুপলক্ষে শনিবাৰে দ্বিতীয় দিনা আয়োজিত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত প্ৰয়াত মহেশ্বৰ শৰ্মা সোঁৱৰণী তোৰণ উন্মোচন কৰা হয়।
ইয়াৰ পিছতে প্ৰয়াত দুখীৰাম নাথ আৰু ভুতুবালা নাথ সোৱৰণী ৰভা উন্মোচন কৰা হয়। বহাগী সন্মিলনৰ ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সঙ্গতি ৰাখি সমগ্ৰ অঞ্চলজুৰি উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।
ঢোল পেপা গগণাৰ শব্দৰে মুখৰিত পৰিৱেশত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ।অঞ্চলটোৰ ডেকা-গাভৰু ,পুৰুষ মহিলাকে ধৰি সৰ্বস্তৰৰ ৰাইজে অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ দৃশ্য বিশেষ আকৰ্ষণীয় হৈ পৰে।
Also Read: ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী ভূপেন চন্দ্ৰ দাসৰ দেহাৱসান...