ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী ভূপেন চন্দ্ৰ দাসৰ দেহাৱসান...

ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী ভূপেন চন্দ্ৰ দাসৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী ভূপেন চন্দ্ৰ দাসৰ দেহাৱসান...

ডিজিটেল সংবাদ, ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াৰ মাজমজিয়াৰ বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ী ভূপেন চন্দ্ৰ দাসৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ। দীৰ্ঘদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাত দিল্লীৰ মেক্স হস্পিটালত ভৰ্তি কৰায়। চিকিৎসকৰ পৰামৰ্শ মতে নিশাই উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে আবেলি ৫ বজাত মৃত্যু হয় বুলি জানিবলৈ দিয়ে।

Advertisment

ৰঙিয়াৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান বাৰোৱাৰী দুৰ্গা পূজা, শান্তিপুৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সত্ৰৰ নামঘৰত পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজৰ বিভিন্ন উন্নয়নমূলক কাম কাজত জড়িত আছিল। তেখেতৰ মৃত্যুত বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতি , উত্তৰ পূৱ সাংবাদিক মহাসংঘ, ৰঙিয়াৰ চক ব্যৱসায় সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰ,জী,দুই ভাইক এৰি থৈ যায়।

Also Read: চিৰাঙৰ সুন্দৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

rangia