/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/95837e6c-0ae2-4986-9f59-aed3a193823c/artist.jpg)
নাম দেখি আৱেগিক শিল্পী বিপিন ৰাজখোৱা
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰ শিল্পী বিপিন ৰাজখোৱালৈ শিল্পী পেঞ্চন। শেহতীয়াকৈ প্ৰকাশিত শিল্পী পেঞ্চনাৰৰ তালিকাত নিজাৰ নাম দেখি আৱেগিক হৈ পৰিছে চিলাপথাৰৰ বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী বিপিন ৰাজখোৱা (৮৭)। দুচকুৰে নিগৰিলে আনন্দ অশ্ৰু।
ৰাজ্যখনৰ দিহিঙে দিপাঙে সত্ৰীয়া গীত-নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰি জীৱন অতিবাহিত কৰিলে চিৰকুমাৰ শিল্পীজনে। প্ৰায় দুটা দশকৰ পূৰ্বে চিলাপথাৰলৈ আহি ৰাইজৰ সহযোগত প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয় নামৰ এখন অনুষ্ঠন স্থাপন কৰি আৰম্ভ কৰে আনুষ্ঠানিক শিক্ষাৰ। অধ্যক্ষৰ গুৰু দায়িত্ব লৈ সংগীত শিক্ষাৰে শিক্ষিত কৰি তুলিছে অনেক বিদ্যাৰ্থীক।
পিছপৰা অঞ্চলটোত সূচনা কৰিলে এক সাংগীতময় পৰিৱেশ। পিছে চিলাপথাৰ বাম গাঁৱৰ নিবাসী এইজন বৰেণ্য লোকে কটাই আহিছে চৰম অভাৱী জীৱন। জীৱন বাটত কৰ্মৰ বাবে বিভিন্ন সময়ত লাভ কৰা প্ৰশস্তি পত্ৰ বঁটা বাহনবোৰ সাঁচি ৰাখিবলৈকে নাই এটা ভাল বাকচ। উৱলি যোৱা বাঁহৰ বেৰাতেই ওলোমাই ৰাখিছে সকলো।
১৯৬৫ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বহু লোভনীয় দৰমহাৰ চাকৰি লাভ কৰিছিল। সংগীতৰ প্ৰতি থকা সীমাহীন টানৰ বাবেই চৰকাৰী চাকৰি নকৰি সংগীতৰ বাবে উসৰ্গা কৰিলে সমষ্ট জীৱন। বিয়লি বেলাত তেওঁৰ কৰ্মৰাজীক চৰকাৰে স্বীকৃতি দি পেঞ্চনৰ দিহা কৰাৰ বাবে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে। জীৱনযোৰা কৰ্মৰ উচিত মূল্যায়ন হোৱা বুলি মন্তব্য চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে শিল্পীজনকো শুভেচ্ছা জ্ঞাপন কৰিছে স্থানীয় সচেতন লোকে।
আৰু পঢ়কঃ পথ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু, কাজিৰঙাৰ হাতীখুলিত শোকসভা