পথ দুৰ্ঘটনাত ৪ জনৰ মৃত্যু, কাজিৰঙাৰ হাতীখুলিত শোকসভা

হাতীখুলিত শোকসভা
হাতীখুলিত শোকসভা

ডিজিটেল সংবাদ, কাজিৰঙাঃ যোৱা ১৪ জানুৱাৰীত কাজিৰঙাৰ হাতীখুলিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত ৪ জনকৈ স্থানীয় লোকৰ মৃত্যুত ম্ৰিয়মাণ হৈ মঙলবাৰে হাতীখুলিত এখন শোকসভা অনুষ্ঠিত কৰা হয় ৷ হাতীখুলি চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে চাহ বাগিচা কৰ্মচাৰী সংঘ, স্থানীয় মজদূৰ সংঘ, আটচাৰ বিষয়ববীয়াৰ উপস্থিতিত শোকসভা অনুষ্ঠিত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে উৰুকাৰ দিনা পুৱা ৫-৩০ মান বজাত পথেৰে খোজকাঢ়ি থাকোঁতে এখন কয়লা ভৰ্তি তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত চিকেন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ আৰু আগনেশ কৰ্মকাৰ নামৰ ৩ জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মেগনাথ তাঁতীৰ চিকিৎসালয়ত মৃত্যু হয় ৷

ইপিনে, দুৰ্ঘটনাটোত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বজৰংগী কৰ্মকাৰৰ আশু আৰোগ্য কামনা কৰে আজিৰ সভাই ৷ আনহাতে, আহত বজৰংগী কৰ্মকাৰৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in