জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শিল্পী দিৱস” পালন

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শিল্পী দিৱস” পালন
জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শিল্পী দিৱস” পালন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিৱস পালন কৰা হয় ৷ “শিল্পী দিৱস” হিচাবে ৰাজ্যবাসীয়ে পালন কৰি অহা এই দিনটোতে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোঁৱালি লৈছিল ৷

১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাহিত্য সাংস্কৃতিৰ সাৰুৱা ভূমিৰূপে পৰিচিত জামুগুৰিহাটৰ এখন উচ্চ শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু জামুগুৰিহাটৰ হেৰাপোৱা গাঁৱৰ সমাজকৰ্মী পৰশু হাজৰিকা সোঁৱৰণী ৰঙ্গ মঞ্চত “ৱাৰিয়ৰ্চ” সংগঠনৰ শোণিতপুৰ জিলা শাখাৰ অধিনৰ জামুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত মহিলাসকলৰ সজাগতাৰ উদ্দেশ্যৰে আজি “শিল্পী দিৱস” পালন কৰে ৷

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে জ্যোতি সংগীত পৰিবেশন কৰে বিদ্যালয়খনিৰ বিষয় শিক্ষক নিতুমনি বৰা, বিকাশ বৰুৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে । ইফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱসৰ লগত সংগতি ৰাখি “ৱাৰিঅৰ্চ” সংগঠনটোৰ জামুগুৰি আঞ্চলিক সমিতিয়ে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট মূখা শিল্পী গজেন শইকীয়া, সংগীত সাধক পূৰ্ণ কান্ত নাথ, বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰৰ লগতে বিভিন্নজনক এখনি ভকতী বস্ত্ৰ, অসমীয়াৰ জাতীয় স্বাভীমান ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে একোটাকে গছ পুলি উপহাৰ প্ৰদান কৰে ৷

অনুষ্ঠানটিত মহিলাসকলৰ দ্বাৰা পৰিবেশন কৰা সমবেত সংগীত আৰু বিভিন্ন জ্যেষ্ঠ শিল্পীসকলৰ গীত, মাত, কথা, কবিতাই সকলো ৰাইজৰ মন আপ্লুত কৰে।অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নলিনীৰঞ্জন ভূঞাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শিল্পী দিৱসৰ অনুষ্ঠানটিত নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা শৈলেন বৰকটকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in