শান্তি দেৱী : ভাৰতৰ প্ৰথমটো প্ৰমাণিত পুনৰ্জন্মৰ কাহিনী...

শান্তি দেৱী : ভাৰতৰ প্ৰথমটো প্ৰমাণিত পুনৰ্জন্মৰ কাহিনী...

ডিজিটেল ডেস্ক : বৰ্তমান বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিদ্যাৰ যুগ । এই যুগত পুনৰ্জন্মৰ কথা কেৱল হাঁহিয়াতৰ পাত্ৰ হোৱাৰ বাবেহে ক'ব পৰা যায় । বিজ্ঞানৰ দাবী অনুসৰি প্ৰাণীৰ শৰীৰত নাথাকে কোনো আত্মা । তেনেস্থলত কিদৰে হ'ব পাৰে পুনৰ্জন্ম ! বিজ্ঞানে একেমুখে নস্যাৎ কৰি দিয়া এই ধাৰণাটো আকৌ সঁচা বুলি প্ৰমাণিত কৰিছিল ভাৰতৰে এগৰাকী মহিলাই ।

শান্তি দেৱী নামৰ এই গৰাকী মহিলাৰ জন্ম হৈছিল ১৯২৬ চনত তেতিয়াৰ দিল্লীত । প্ৰায় চাৰি বছৰ বয়সৰ পৰাই শান্তি দেৱীয়ে পূৰ্বৰ জন্মৰ কাহিনী ক'বলৈ আৰম্ভ কৰাত আচৰিত হৈ পৰিছিল পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক সকল । প্ৰথমে এইয়া কেৱল মুখৰোচক কাহিনী হে আছিল সকলোৰে বাবে । কিন্তু শিশুটিৰ বাঢ়ি অহা দাবীৰ সন্মুখত নতশিৰ হৈ পৰিয়ালৰ লোকে বিশ্বাস কৰিবলৈ ধৰিলে এই কাহিনী ।

শান্তি দেৱীৰ দাবী অনুসৰি, মথুৰাত আছিল পূৰ্ব জন্মৰ পৰিয়াল । ইয়াৰ সৈতেই পূৰ্ব জন্মত লুড়গী দেৱী বুলি জনাজাত মহিলা গৰাকী ১৯২৫ চনত সন্তান এটি জন্ম দি মৃত্যুমুখত পৰিছিল বুলিও দাবী কৰিছিল শান্তি দেৱীয়ে । আনহাতে, পূৰ্বজন্মৰ স্বামী কেদাৰনাথৰ বিষয়েও উল্লেখ কৰিছিল বহু কথা । এই সন্দৰ্ভত শান্তি দেৱীৰ পৰিয়ালৰ লোকে কেদাৰনাথৰ সৈতে পত্ৰ যোগে নিশ্চিত কৰিছিল সকলো কথা । আনহাতে, পূৰ্ব জন্মৰ স্বামী কেদাৰনাথৰ সৈতে মিলিত হওতে শিশু শান্তি দেৱীয়ে দিছিল কেদাৰনাথৰ সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ ।

লাহে লাহে এই কথা গৈ পাইছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ ওচৰলৈ । মহাত্মা গান্ধীয়ে এই সন্দৰ্ভত বিতং তদন্তৰ বাবে গঠন কৰি দিছিল এক কমিছনৰ । কমিছনৰ আদেশত মথুৰাত উপস্থিত হোৱাৰ পিছত শান্তি দেৱীয়ে নিজেই লৈ গেছিল পূৰ্বজন্মৰ বাসগৃহলৈ । কেৱল এয়াই নহয়, ৫০ জনতকৈও অধিক লোকৰ মাজত সঠিক কৈ দেখুৱাই দিছিল পূৰ্বজন্মৰ পিতৃ-মাতৃক ।

এই ঘটনা শুনিবলৈ পূৰ্ব পৰিকল্পিত যেন লাগে । হয়তো সস্তীয়া প্ৰচাৰৰ আশাত শিশুটিক নিজৰ পিতৃ-মাতৃয়েই শিক্ষা দিছিল এনে আচৰণ কৰিবলৈ । সেই সন্দেহতেই আমেৰিকাৰ বিখ্যাত মনোৰোগ বিশেষজ্ঞ ইয়ান ষ্টিভেনছনে শান্তি দেৱীৰ ওপৰত চলাইছিল এক সম্পৰীক্ষা । শান্তি দেৱীক সন্মোহন কৰি অচেতন অৱস্থাত প্ৰশ্ন কৰা হৈছিল এই দাবী সন্দৰ্ভত । বহু গৱেষণাৰ অন্তত এই দাবী স্বীকাৰ কৰিছিল ইয়ান ষ্টিভেনছনে ।

আনহাতে, ছুইডেনৰ লিখক ষ্টুৰে লন্নেৰষ্টেণ্ডে ১৯৯৪ চনত লিখিছিল এখন গ্ৰন্থ । 'হেভ লিভদ বিফৰ' শীৰ্ষক গ্ৰন্থখনিত উল্লেখ আছে শান্তি দেৱীৰ সমগ্ৰ জীৱনৰ বিষয়ে ।

উল্লেখ্য যে, এই কাহিনীৰ কোনো যুক্তিসংগত বাখ্যা আজিকোপতি লাভ কৰা নাই বিজ্ঞানী সকলে । কিন্তু এতিয়াও মথুৰাৰ প্ৰান্তে প্ৰান্তে প্ৰচলিত এই কাহিনী আৰু কাহিনীৰ সৈতে জড়িত লোকসকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in