নগাঁৱত শিল্পী দিৱস পালন

নগাঁৱত শিল্পী দিৱস পালন
নগাঁৱত শিল্পী দিৱস পালন

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত শিল্পী দিৱস পালন। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস মঙ্গলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত পালন কৰা হয়

।ভাৰতীয় গণনাট্য সংঘৰ নগাঁও শাখাৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাবৰ সভাগৃহত শিল্পী দিৱস উদযাপন কৰা হয়। পুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰাৰ পিছত এখন স্মতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।সংঘৰ নগাঁও শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেবাজনো বক্তাই অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি নৱ প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়।

অনুষ্ঠানত কবি অশোক ৰাম ভট্টাচাৰ্য, গৌৰীবল্লভ গোস্বামী, সাহিত্যিক মোলান লস্কৰ, খগেন শইকীয়া আদি কেবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। সংঘৰ জিলা শাখাৰ সম্পাদিকা নিজৰা শইকীয়াই আঁত ধৰা অনুষ্ঠানত বিৰিঞ্চি বৰা,মুকুতা ৰাজা,আফ্ৰিদা চায়েৰীয়া ,মনোজ সিংহ ৰাজাই জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়ে অংশ গ্ৰহণ কৰাৰ লগতে জয়ন্তী বৰা,পৰিস্মিতা শইকীয়া, ধৰ্ম গোস্বামী আদিয়ে কবিতা পাঠ কৰে। ইপিনে জিলাখনৰ হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে চকলাঘাটত শিল্পী দিৱস উদযাপন কৰা হয়।

পুৱা সমিতিৰ সভাপতি দেৱ কুমাৰ বৰাই পতাকা উত্তোলনৰে দিৱসৰ শুভাৰম্ভ কৰে। প্ৰাক্তন সভাপতি গম্ভীৰ শইকীয়াই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। দিনৰ ১১ বজাৰ পৰা 'ক' আৰু 'খ' শাখাত নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন, বটা বিতৰণী সভা ,সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in