/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3b761090-9699-4de5-8c4d-4773bc3a391d/ek.jpg)
"এক ভাৰত শ্ৰেষ্ঠ ভাৰত" ধিংত বক্তৃতা প্ৰতিযোগিতা
ডিজিটেল সংবাদ, বটদ্ৰৱা: "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" এই মূলমন্ত্ৰক সৰোগত কৰি কলিয়াবৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ উদ্যোগত মঙলবাৰে ধিং ছহীদ ধ্ৰুৱজ্যোতি হাইস্কুল প্ৰাংগণত "বক্তৃতা প্ৰতিযোগিতা" শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। কলিয়াবৰ জিলা অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সম্পাদক প্ৰফুল্ল বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ জিলা অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি মৃনাল বৰাই।
ইয়াৰ পাছতে অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ বটদ্ৰৱা মণ্ডল, বাজিয়া মণ্ডল, বেছামাৰী মণ্ডল, দলংঘাট মণ্ডল, জুৰিয়া মণ্ডল ধিং টাওন মণ্ডল, পূৱ কলিয়াবৰ মণ্ডল, পশ্চিম কলিয়াবৰ মণ্ডলৰ সভাপতি, সম্পাদক, কাৰ্যকৰ্তা সকলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰে সাহিত্যিক, শিক্ষক, সমাজকৰ্মী দিলীপ কুমাৰ নাথ আৰু সাংবাদিক দিব্যজ্যোতি বৰুৱাই।
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি সমূহৰ ওপৰত অনুষ্ঠিত , বক্তৃতা প্ৰতিযোগিতাত কলিয়াবৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ উপ-সভাপতি অশোক শইকীয়াকে প্ৰমুখ্য কৰি শতাধিক ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us