অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিল্পী দিৱস পালন

জ্যোতি প্ৰসাদৰ ৰূপান্তৰৰ মন্ত্ৰ হৃদয়ত ধাৰণ কৰাটোৱে হ’ব তেওঁৰ সঠিক স্মৰণ - সঞ্জীৱ কুমাৰ ফুকন

author-image
Asomiya Pratidin
New Update
অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিল্পী দিৱস পালন

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিল্পী দিৱস পালন। আজি গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সাহিত্য সংগঠনে আয়োজন কৰে ‘শিল্পী দিৱস’।

Advertisment

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় "জ্যোতি প্ৰসাদৰ বিভিন্ন সৃষ্টিক ভৱিষ্যত প্ৰজন্মৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে আমাৰ শিক্ষানুষ্ঠানবোৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্যোতি প্ৰসাদৰ চৰ্চা হ’লেই জ্যোতি-চৰ্চাই এক বিশেষ মাত্ৰা লাভ কৰিব ৷"

তেওঁ লগতে কয় যে জ্যোতিপ্ৰসাদে যি ৰূপান্তৰৰ মন্ত্ৰেৰে জগত ধুনীয়া কৰা সপোন দেখিছিল সেই সপোন সফল হ’বলৈ হ’লে সমাজৰ প্ৰতিজনৰ মনতেই ৰূপান্তৰৰ ভাব জাগ্ৰত হ’ব লাগিব ৷ শিক্ষানুষ্ঠানবোৰে এই কাম সহজেই কৰিব পাৰে ৷ ভাষণত ফুকনে বিশ্ববিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লয় ।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰে কয় যে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশ সতেজ কৰি ৰাখিবলৈ শিক্ষক-ছাত্ৰ উভয়ৰে মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম ধাৰাবাহিক ভাবে চলি থাকিব লাগে ৷ আজিৰ এই শিল্পী দিৱসো সেই প্ৰচেষ্টাৰে এটা অংগ ৷ জ্যোতিপ্ৰসাদৰ বিভিন্ন সৃষ্টিয়ে তেওঁৰ কিশোৰমনত পেলোৱা কথাকো তেখেতে স্মৰণ কৰে৷ ভাষণ প্ৰসংগত তেখেতে আৱিষ্কাৰধৰ্মী আচৰণৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদক টমাছ আলফা এডিছনৰ সতে তুলনা কৰে ৷

সহযোগী অধ্যাপক পংখী কাশ্যপে কৰা ‘লভিতা’ নাটৰ কিয়দাংশ অভিনয়েৰে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভ কৰা হয় ৷ সহকাৰী অধ্যাপিকা ডঃ শিল্পীসুধা গোস্বামীৰ কবিতা আবৃত্তি আৰু নিবেদিতা বৈশ্যৰ গীতৰ পাচত ছাত্ৰ দেৱাশীশ সোনা আৰু চিন্ময় পৰাশৰৰ জ্যোতি সংগীত আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ ৷

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে প্ৰ’ভিচি প্ৰাণবীৰ সিং, ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, বিশিষ্ট অতিথি সঞ্জীৱ কুমাৰ ফুকন, অধ্যাপক ডঃ মৃণাল কুমাৰ দাস আৰু পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই ৷ অনুষ্ঠানটিৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডেইজী বৰ্মণে ৷

আৰু পঢ়কঃ কমাৰগাঁও মহাবিদ্যালয়ত আন্ত:মহাবিদ্যালয় খো-খো প্ৰতিযোগিতা উদ্ধোধন মন্ত্ৰী অতুল বৰাৰ

assam