কমাৰগাঁও মহাবিদ্যালয়ত আন্ত:মহাবিদ্যালয় খো-খো প্ৰতিযোগিতা উদ্ধোধন মন্ত্ৰী অতুল বৰাৰ

বিধায়ক মৃনাল শইকীয়াই উন্মোচন কৰিলে স্মৃতিগ্ৰন্থ "ক্ৰীড়ন"
খো-খো প্ৰতিযোগিতা উদ্ধোধন মন্ত্ৰী অতুল বৰাৰ
খো-খো প্ৰতিযোগিতা উদ্ধোধন মন্ত্ৰী অতুল বৰাৰ

ডিজিটেল সংবাদ, নুমলীগড় : কমাৰগাঁও মহাবিদ্যালয়ত আন্ত:মহাবিদ্যালয় খো-খো প্ৰতিযোগিতা উদ্ধোধন মন্ত্ৰী অতুল বৰাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ১৫ খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই খো-খো প্ৰতিযোগিতাত ।

প্ৰতিযোগিতাৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন আৰু অলিম্পিক শিখা প্ৰজ্বলন কৰে। লগতে এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি খুমটাই বিধায়ক মৃনাল শইকীয়াই উন্মোচন কৰে স্মৃতি গ্ৰন্থ ক্ৰীড়ন।

আনহাতে কমাৰগাঁও মহাবিদ্যালয়ত আন্ত:মহাবিদ্যালয়ৰ খো খো প্ৰতিযোগিতা কেবিনেট মন্ত্ৰী অতুল বৰাক দেখা গ'ল খো-খো খেলুৱৈৰ ৰূপত । খো-খো খেল খেলি মন্ত্ৰী বৰাই উদ্ধোধন কৰে এই প্ৰতিযোগিতাৰ। খো-খো খেল খেলি শৈশৱত এই সমূহ পৰম্পৰাগত খেল খেলাৰ কথা ৰোমন্থন কৰে মন্ত্ৰীগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in