/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/251fa852-e2c9-4116-97bf-94264205c431/margherita_17.jpg)
মাৰ্ঘেৰিটাত 'ৰূপকোঁৱৰ' জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন...
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ সমগ্ৰ ৰাজ্যৰ লগতে পাৰিজাত বিদ্যালয়, মাৰ্ঘেৰিটাৰ প্ৰাঙ্গনতো আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু দিনটোত ৰাজহুৱা ভাৱে শিল্পী দিৱস অনুষ্ঠিত কৰা হয় । এই উপলক্ষে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি তথা পাৰিজাত বিদ্যালয়ত সঞ্চালক দেৱজিত বৰুৱাই আৰম্ভণিতে আঁত ধৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে পুৱা ৯ঃ৩০ বজাত শিল্পী দিৱ শুভাৰম্ভ কৰা হয়।
ইয়াৰ পাছতেই দুটাকৈ কোৰাছ আৰু কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ দ্বাৰা পৰিৱেশিত হয় জ্যোতি সংগীত। ঝুমুৰ নৃত্যৰ লগতে উপস্থিত ৰাইজৰ মাজত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যুৱ সাংবাদিক মানস প্ৰতিম গগৈৰ লগতে অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন শিক্ষয়িত্ৰী সুখীনি দুৱনীয়া, সমাজ কৰ্মী নৰেশ্বৰ হাজৰিকা, শিক্ষাবিদ নিপেণ ৰয়, নাট্য কৰ্মী দীলপ দত্ত, মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰ্মেশ্বৰ চেতিয়া, সমাজ কৰ্মী ডি বি সোণাৰসহ কেইবাজনো গণ্যমান্য ব্যক্তি।
বিশিষ্ট অতিথিৰ ভাষণ প্ৰসংগত যুৱ সাংবাদিক মানস প্ৰতিম গগৈয়ে কয় যে, জ্যোতি প্ৰসাদ আগৰৱালা আছিল ৰূপান্তৰৰ শিল্পী। জনতাৰ প্ৰাণত স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ। এক নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত অৱদ্ধ নাথাকি তেওঁৰ চিন্তা, দৃষ্টি আৰু দৰ্শনত প্ৰতিফলিত হৈছিল জাতীয়তাবাদী চিন্তা চেতনা।
মানুহৰ মনৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালাই এক নতুন চিন্তাৰ উন্মেষণ ঘটবালৈ সক্ষম হৈছিল। যাৰ পৰিপ্ৰেক্ষিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁক ৰূপতীৰ্থৰ যাত্ৰী বুলি অভিহিত কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4f277062-7780-447e-8500-b3b7b125b1e2/673eceb4_2bb6_41ea_9cb0_1108f9cf5e25.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/58b31897-f635-455f-a2bb-5fbcc2a9bfe5/f1d1faf4_e765_4dd9_b2aa_ac2e0a4908cc.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/db315371-4cbc-4ab3-9121-81250a654459/19d0aa4e_0ba8_4820_8968_d7933c10d1c2.jpg)
ক্লিক কৰি পঢ়কঃ অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?