শিৱসাগৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস উদযাপন...

শিৱসাগৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস উদযাপন...
শিৱসাগৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস উদযাপন...

ডিজিটেল সংবাদ শিৱসাগৰঃ 'শোষিত, নিস্পেষিত জনতাৰ প্ৰাণৰ শিল্পী আছিল 'ৰূপকোঁৱৰ' জ্যোতি প্ৰসাদ আগৰৱালা ৷ শিল্প আৰু সাংস্কৃ্তিৰ সাধনা আৰু চৰ্চাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই মানৱতাৰ জয়গান গাইছিল ৷'

এই মন্তব্য গড়গাঁও কলেজৰ অধক্ষ্য তথা বিশিষ্ট নিৱন্ধকাৰ ড° সব্যসাচী মহন্তৰ৷ শিৱসাগৰৰ থানামুখস্থিত বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি শংকৰদেৱ কলাকেন্দ্ৰ তথা থাৰ্ড থিয়েটাৰৰ উদ্যোগত আৰু দৈকলঙ্গীয়া ৰাইজৰ সহযোগত আয়োজিত শিল্পী দিৱসৰ কাৰ্য্যসূচীত তেওঁ এই মন্তব্য কৰে ৷

বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোনাৰাম মিলিৰ পৌৰহিত্যত অনুষ্ঠিত শিল্পী দিৱসৰ মূল কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰা ড° সব্যসাচী মহন্তই কয় যে, মানুহৰ অধিকাৰ, মানুহৰ নৈতিকতা আৰু সততা প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি তেখেত সফল হৈছিল৷ জনতাৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা মূলত আছিল এগৰাকী কবি ৷

তেখেতৰ নাট্য প্ৰতিভা কবি সত্বাৰ অন্য এক সম্প্ৰসাৰিত ৰূপ আছিল ৷ লভিতাৰ দৰে কালজয়ী নাটক সৃষ্টি কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই স্বদেশ আৰু স্বজাতিৰ বাবে নিজকে আত্ম নিয়োগ কৰিছিল ৷ ৰূপকোঁৱৰৰ জাতীয়তাবাদত নিহিত হৈ আছে নিভাঁজ অসমীয়াৰ দেশ প্ৰেমৰ প্ৰকৃত ছবি ৷

সেই বাবেই ৰূপকোঁৱৰ আছিল অসমৰ অন্যতম সৰ্বশ্ৰেষ্ঠ এগৰাকী নিভাঁজ স্বদেশ প্ৰেমী জাতীয়তাবাদী ৷ প্ৰতিজন মানুহৰ মনত শিল্প লুকাই থকা বুলি কোৱা ৰূপকোঁৱৰ সঁচা অৰ্থত সংস্কৃতিৰ পূজাৰী আছিল বুলিও তেওঁ মন্তব্য কৰে ৷

মুকলি সভাৰ পূৰ্বে বিশিষ্ট শিক্ষাবিদ, সত্ৰীয়া সংস্কৃতিৰ গবেষিকা তথা জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্তই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰাম্ভ কৰে ৷ আজিৰ অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহণ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে স্বদেশ, স্বজাতিৰ উন্নয়ন তথা অসমীয়া ভাষা, সংস্কৃতি, সাহিত্য, শিল্পৰ প্ৰসাৰৰ বাবে সৰ্বস্ৰ উজাৰি দিয়া ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালাক কোটি কোটি অসমীয়াৰ আদৰ্শৰ ধ্বজ্জা বাহক বুলি মন্তৰ্ব্য কৰে ৷

অনুষ্ঠানত বীণা পানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিল্পী দিৱসৰ কাৰ্য্যসূচীতেই ক্ষীৰোদ নাথ দাসৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা বাগ্মী শীৰ্ষক স্মৃতি গ্ৰন্থখন উন্মোচন কৰে ড° নিৰূপমা মহন্তই ৷ গিৰিৰাজ শৰ্মা, পৌৰ নেত্ৰী মৃণালী কোঁৱৰ, প্ৰাক্তন পৌৰ নেত্ৰী ৰূপা বৰা,সূৰয পাতিৰিৰ লগতে বহু গণ্য মাণ্য বিশিষ্ট ব্যক্তি উপস্থিত থকা শিল্পী দিৱসৰ মূল কাৰ্য্যসূচীতেই বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক ৰাতু কুমাৰ দাসক অভিনন্দন পত্ৰ,চেলেং, গামোছাৰে বিশেষ ভাৱে সন্মানিত কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in