পাভৰ উচ্ছেদিত দুৰ্ভগীয়া পৰিয়াললৈ সাহায্য প্ৰদান জনহিতৈষী ধৰ্মকান্ত গগৈৰ

পাভৰ উচ্ছেদিত দুৰ্ভগীয়া পৰিয়াললৈ সাহায্য প্ৰদান জনহিতৈষী ধৰ্মকান্ত গগৈৰ
পাভৰ উচ্ছেদিত দুৰ্ভগীয়া পৰিয়াললৈ সাহায্য প্ৰদান জনহিতৈষী ধৰ্মকান্ত গগৈৰ

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাৰ নাওবৈছা ৰাজহ চক্ৰৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ ভূমিত বাস কৰা পৰিয়ালসমূহক অলপতে বন বিভাগৰ উদ্যোগত উচ্ছেদ অভিযান চলোৱা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত চলোৱা এনে  ৯২ টা উচ্ছেদিত আৰু সৰ্বশ্ৰান্ত পৰিয়ালৰ দুৰ্ভোগ দূৰীকৰণৰ লক্ষ্যৰে মঙ্গলবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ সামগ্ৰী যোগান ধৰা হয়।

দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈ, পত্নী জাহ্নৱী গগৈৰ ব্যক্তিগত উদ্যোগ আৰু মহানুভৱতাত এনেবোৰ উচ্ছেদিত পৰিয়ালৰ মাজত গৰম বস্ত্ৰ, চাবোন আৰু বিশুদ্ধ খোৱা পানী, আলু, মুড়ি, বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰা হয় ।

সভাপতি গগৈৰ পুত্ৰ কন্যাৰ লগতে সংগঠনটোৰ বৰছলা-মৌঘুলি-পাণধোৱা আঞ্চলিকৰ সভাপতি মুস্তাক আহমেদ, তিনঠেঙীয়া আঞ্চলিকৰ সভাপতি ৰচিদুল ইছলামৰ লগতে বহু সংখ্যক সংগঠনৰ সদস্য উপস্থিতিত ৰাজ্যিক সভাপতি গৰাকীয়ে মুঠ ৯২ টা পৰিয়ালৰ মাজত এনেবোৰ সাহায্য সামগ্ৰী বিতৰণ কৰি ৰাজ্য চৰকাৰক মানৱীয় দৃষ্টিকোণেৰে এনেবোৰ সৰ্বহাৰা উচ্ছেদিত পৰিয়ালক তাৎক্ষণিক ভাৱে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । 

মহানুভবী আৰু জনহিতৈষী নেতা ধৰ্মকান্ত গগৈ আৰু পৰিয়ালবৰ্গৰ এনে একক আৰু অন্যন্য প্ৰয়াসক দুৰ্ভগীয়া , সৰ্বহাৰা পৰিয়াল সমূহে একেমুখে শলাগ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in