পুনৰ মেঘালয়ত নিচাযুক্ত সামগ্ৰী জব্দ

পুনৰ মেঘালয়ত নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ বাংলাদেশলৈ সৰবৰাহৰ সময়ত মেঘালয়ত বুজন পৰিমাণৰ ফেঞ্চিডাইল কফ ছিৰাপ আৰু চেনি জব্দ কৰে বিএছএফে। পৃথক-পৃথক অভিযানত জব্দ কৰা হয় কফ ছিৰাপ আৰু চেনিসমুহ। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বিএছ এফৰ ৪ নম্বৰ বেটেলিয়নে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩৫০ বটল ফেঞ্চিডাইল‌ কফ ছিৰাপ জব্দ কৰে।

চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহৰ বাবে লৈ যোৱা সময়ত নিষিদ্ধ ফেঞ্চিডাইল‌ কফ ছিৰাপ সমুহ জব্দ কৰে বিএছএফে। আনহাতে ,মেঘালয়ৰ বিভিন্ন সীমান্তৱৰ্তী এলেকাত অভিযান চলাই বি এছ এফে ১৭ হাজাৰ কিলোগ্ৰামতকৈ অধিক চেনি জব্দ কৰে। বাংলাদেশলৈ চোৰাং ভাৱে সৰবৰাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জংঘলত মজুত কৰি ৰখা হৈছিল চেনিৰ বস্তাসমুহ। পিছত জব্দ কৰা ফেঞ্চিডাইল কফ ছিৰাপ আৰু চেনিসমুহ স্থানীয় শুল্ক কাৰ্যালয়ত গতাই দিয়ে বিএছএফে।

পুনৰ মেঘালয়ত নিচাযুক্ত সামগ্ৰী জব্দ
ধুবুৰীত দুজন শীৰ্ষ ISIS ৰ নেতাক গ্রেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in