ভূমিস্খলনৰ ফলত বৰাকত ইন্ধনৰ‌ তীব্ৰ নাটনি..

ভূমিস্খলনৰ ফলত বৰাকত ইন্ধনৰ‌ তীব্ৰ নাটনি..

author-image
Asomiya Pratidin
New Update
ভূমিস্খলনৰ ফলত বৰাকত ইন্ধনৰ‌ তীব্ৰ নাটনি..

ডিজিটেল সংবাদ,শিলচৰঃ প্ৰবল ভূমিস্খলনৰ ফলত শিলচৰ-লামডিং ৰেলপথ,শিলচৰ- শ্বিলং-গুৱাহাটী আৰু হাফলং পথ‌‌ বন্ধ হৈ পৰিছে। ফলত বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ইন্ধনৰ‌ তীব্ৰ নাটনি হোৱাৰ তথ্য পোৱা গৈছে।

Advertisment

বৰাকৰ ৩ খন জিলাতে বৰ্তমান পেট্ৰ'ল আৰু ডিজেলৰ তীব্ৰ সংকট। গুৱাহাটীৰ পৰা তেলৰ টেংকাৰ আহিব নোৱাৰাত শিলচৰৰ‌ কেবাটাও পেট্ৰ'ল পাম্প বন্ধ হৈ পৰিছে। শিলচৰৰ‌ মেহেৰপুৰস্থিত গোস্বামী ফিলিং ষ্টেচন আজি ৩ দিন ধৰি পেট্ৰ'লৰ অভাৱত বন্ধ হৈ আছে। ইফালে,দুই এটা পেট্ৰ'ল পাম্পত সামান্য ইন্ধন আছে যদিও সেয়া এপাচি শাকত এটা জালুক সদৃশ।

যিকোনো মুহুৰ্তত শেষ হ'ব পাৰে জমাত থকা পেট্ৰ'ল আৰু ডিজেল। ইফালে,পেট্ৰ'ল বিচাৰি কেবাটাও পাম্পত দীঘলীয়া শাৰী পাতিছে গ্ৰাহক সকলে।বহুতো গ্ৰাহকে আকৌ পেট্ৰ'ল নাপাই সুদা হাতে পাম্পৰ পৰা উভতি আহিব লগা হৈছে।

Also Read: বলিউডী গায়কৰ জ্ঞানৰ নমুনা- 'পৰজনমৰ শুভ লগনত' হেনো ৰাভা জনগোষ্ঠীয় গীত...

landslide silchar landslide silchar latest news Silchar news