বলিউডী গায়কৰ জ্ঞানৰ নমুনা- 'পৰজনমৰ শুভ লগনত' হেনো ৰাভা জনগোষ্ঠীয় গীত...

ৰাষ্ট্ৰীয় মঞ্চত বিষ্ণু সংগীত, ৰাভা জনগোষ্ঠী সন্দৰ্ভত চৰম অপব্যাখ্যা দেৱজিৎ সাহাৰ

বলিউডী গায়কৰ জ্ঞানৰ নমুনা- 'পৰজনমৰ শুভ লগনত' হেনো ৰাভা জনগোষ্ঠীয় গীত...
বলিউডী গায়কৰ জ্ঞানৰ নমুনা- 'পৰজনমৰ শুভ লগনত' হেনো ৰাভা জনগোষ্ঠীয় গীত...

ডিজিটেল ডেস্কঃ বলিউডৰ গায়ক দেবজিৎ সাহাই নাজানে বিষ্ণু প্ৰসাদ ৰাভাক, বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীত আৰু ৰাভা জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে। একাধিক ৰিয়েলিটি শ্ব'ত বিচাৰকৰ দৰেও আসনত বহা বলিউডৰ এই গায়কগৰাকী আকৌ অসমৰে সন্তান।

শিলচৰত জন্মগ্ৰহণ কৰা দেৱজিৎ সাহাই এক ৰাষ্ট্ৰীয় মঞ্চত বিষ্ণুপ্ৰসাদৰ ৰাভাৰ এক গীত পৰিবেশন কৰিবলৈ গৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত, ৰাভা জনগোষ্ঠীৰ লগতে সামগ্ৰীকভাৱে অসমীয়া সংগীতৰ সন্দৰ্ভত থকা তেওঁৰ অজ্ঞতাকে দাঙি ধৰিলে।দূৰদৰ্শনত প্ৰচাৰ হৈ থকা 'ভাৰত কা অমৃত কলশ' শীৰ্ষক ৰিয়েলিটি শ্ব'ত বিচাৰক হিচাপে আছে দেৱজিৎ সাহা।

এই অনুষ্ঠানটোৰ মূল বিচাৰকৰ আসনত আছে কৈলাশ খেৰ। শনিবাৰে আৰু দেওবাৰে সম্প্ৰচাৰিত হোৱা এই অনুষ্ঠানত অসমৰো কেইবাজনো প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে এগৰাকী প্ৰতিযোগিৰ সন্দৰ্ভত মন্তব্য দিবলৈ গৈ দেৱজিৎ সাহাই বিষ্ণুপ্ৰসাদ ৰাভাৰ 'পৰজনমৰ শুভ লগনত' শীৰ্ষক গীতৰ প্ৰথমটো অন্তৰা পৰিবেশন কৰে।

কিন্তু ইয়াৰ পূৰ্বে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সন্দৰ্ভত যি তথ্য ৰাষ্ট্ৰীয় মঞ্চখনত দাঙি ধৰিলে সেই তথ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে।তেওঁ ৰাভা হাছংৰ কথা উল্লেখ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক 'ৰাভা গীত' আখ্যা দি ইয়াক ৰাভা জনগোষ্ঠীৰ গীত বুলিহে ক'লে। ইয়াৰোপৰি তেওঁ ৰাভা জনগোষ্ঠীক তেওঁ পৰিবেশন কৰা গীতটো উৎস্বৰ্গাও কৰিলে।

২০০৫ চনত জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'ছা ৰে গা মা পা'ৰ বিজয়ী দেৱজিৎ সাহা অসম সন্তান হিচাপে বিভিন্ন সময়ত গৌৰৱাম্বিত হৈ আহিছে অসমীয়া ৰাইজ। ৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব'টোত দেৱজিৎক বিজয়ী কৰিবলৈ ভোট দিয়াত কোনো কৃপণালী কৰা নাছিল অসমবাসীয়ে।

অথচ এইগৰাকী অসমীয়াই নাজানে অসমীয়া সংগীতৰ বিষয়ে। বৰগীত, জ্যোতি, সংগীত, বিষ্ণুসংগীত নজনাকৈ এজন অসমীয়াই কিদৰে সংগীতৰ চৰ্চা কৰিব পাৰে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। তেওঁ নাজানে ৰাভা জনগোষ্ঠীৰ গীতক নহয়, বিষ্ণু প্ৰসাদ ৰাভাৰ গীতকহে যে বিষ্ণু সংগীত বুলি কোৱা হয়। কোনো কোনেৱে 'ৰাভা সংগীত' বুলি কয়। ৰাভা জনগোষ্ঠীৰ গীতসমূহ যে লোকগীত হে সেয়াও নাজানে তেওঁ।

বিষ্ণুপ্ৰসাদ ৰাভাক নজনা, বিষ্ণুপ্ৰসাদ ৰাভা সংগীতৰ বিষয়ে নাজনা, ৰাভা জনগোষ্ঠীৰ সংগীত, সংস্কৃতিৰ বিষয়ে নজনা দেৱজিৎ সাহাই কিদৰে অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে সেয়াও এতিয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। সমান্তৰালকৈ এইধৰণৰ অনুষ্ঠানত বিচাৰকৰ আসনত বহিবলৈ তেওঁৰ যোগ্যতাক লৈয়ো উত্থাপন হৈছে প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in