/asomiyapratidin/media/media_files/2025/02/26/DCRjNe50ztreC5BjYWRA.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ ৰাজ্যৰ ভিন্ন অঞ্চলৰ লগতে চিলাপথাৰটো আজি মহা ধুম ধামেৰে উদযাপন কৰা হয় মহা শিৱৰাত্ৰি। অঞ্চলটোৰ ভিতৰতে এক পুৰণি শিৱ মন্দিৰ হিচাপে সৰ্বজন সমাদৃত মন্দিৰত পূৱাৰ পৰাই দেখা গ'ল উখল মাখল পৰিবেশ।
হাজাৰ হাজাৰ ভক্তৰে বিৰ দি বাট নোপোৱা অৱস্থা পৰিলক্ষিত হয়। মহাদেৱৰ আশীষ বিচাৰি অষ্টাংগে নৈবেদ্য আগবঢ়ালে ভক্তপ্ৰণ ৰাইজে। নিজৰ লগতে সমস্যাৰে জৰ্জৰিত সমাজৰ কুশল মঙ্গল কামনা কৰিলে শিৱ ভক্তই।